সপোনত এদিন যাম
তোমাৰ সৌন্দৰ্য্যশালী
মুখাৰ
আঁৰত
থকা মুখ বিচাৰি ।
ৰূপালী জোনৰ এমুঠি পোহৰ লৈ
খিৰিকিৰ ফাঁকেৰে যাম
তোমাৰ কাষলে ।
তোমাৰ
সেই
অভিনয়ৰ সোণালী সাঁকো বিচাৰি
থিতাপি ল'ম তোমাৰ কাষত
লগ হ'ম সাগৰ সংগমত ।
চাম
একে থিৰে
তোমাৰ সেই অভিনয়ৰ পাতনি,
আকাশী লতা হৈ বগাই যাম
সপোনত এদিন তোমাক বিচাৰি ।
চাম
প্ৰাণ ভৰি,
মুখাৰ আঁৰত থকা
অভিনয়ৰ মুখা খুলি ।
✍️বিনিতা বৰা
হোজাই লংকা-কাকী-3