আমাৰ অস্তিত্ব ৰক্ষাত সাহিত্যৰ ভূমিকা -০৪~প্ৰবন্ধ- হেমেন হাজৰিকা

©Admin
0
 প্ৰতিজন সাহিত্য সেৱীৰেই সাহিত্য চৰ্চাৰ মূলতে থাকে তেওঁৰ আভ্যন্তৰীণ বিকাশৰ এক অনৱদ্য স্পৃহা | জীৱনটোক জানি উঠাৰ পাছত সুন্দৰ ৰূপত প্ৰতিফলিত কৰাৰ প্ৰয়াসতেই সৃষ্টি হয় সাৰ্থক সাহিত্যৰ | সাহিত্য যি ধৰণৰেই নহওক কিয় , উপন্যাস সাহিত্যই হওক বা নাট্য সাহিত্যই হওঁক , নতুবা কাব্য সাহিত্যই হওঁক , প্ৰত্যেকৰে সৃষ্টিৰ মূল লক্ষ্য হ'ব লাগে ব্যক্তিৰ মানসিক , আধ্যাত্মিক আদি দিশৰ উন্নতি সাধনৰ লগতে সমাজৰ উন্নতি সাধন কৰা | বহলাৰ্থত সাহিত্যৰ প্ৰধান লক্ষ্য হৈছে সাৰ্বজনীনতা বজাই ৰাখি বিশ্ব সাহিত্য ৰূপে প্ৰতিষ্ঠা হোৱা | সাহিত্য যি প্ৰকাৰৰে নহওঁক কিয় , সেই সাহিত্যৰ বিশ্বজনীন আৱেদন যেতিয়া সত্যৰ ওপৰত প্ৰতিষ্ঠিত কৰি চিত্ৰিত কৰা হয় , তেতিয়া সেই সাহিত্যই হয় কালজয়ী আৰু যুগমীয়া সাহিত্য | বিহগী কবি ৰঘুনাথ চৌধুৰী দেৱে সাহিত্য সম্পৰ্কে কৈছিল --- দৈনন্দিন জীৱনৰ পাৰিপাৰ্শ্বিক ঘটনাৰ আলম লৈ সাহিত্য ৰচিত নহয় যি মানৱ জীৱনৰ বিচিত্ৰ সুখ-দুখৰ ইতিহাস , মানৱ চৰিত্ৰৰ বিচিত্ৰ অভিব্যক্তি , মানুহৰ মৰ্মবাণী, সমাজৰ সকলো ফুটাই তুলিবলৈ চেষ্টা কৰে সেয়ে বাস্তৱ সাহিত্য ---সেয়ে বিশ্ব সাহিত্য |
  জ্ঞান অসীম আৰু অনন্ত , কিন্তু জীৱন ক্ষণভঙ্গুৰ , এই ক্ষণভঙ্গুৰ জীৱনটোক সততাৰে সুন্দৰকৈ সজাই পৰাই তুলিবলৈ লাগে আদৰ্শ , উৎসাহ আৰু অনুপ্ৰেৰণা | কিন্তু সামগ্ৰিকভাৱে সাহিত্যতকৈ জীৱন বহু মূল্যৱান | সাহিত্যত জীৱনৰ ক্ষুদ্ৰাতি ক্ষুদ্ৰ অংশ বিশেষহে প্ৰতিফলিত হয় | অৱশ্যে সাহিত্যিকে জীৱনত সন্মুখীন হৈ নোপোৱা সমস্যাৰ সফল ৰূপায়ণ কিন্তু সাহিত্যত কৰিব নোৱাৰে | এই ক্ষেত্ৰত সাহিত্যিক আব্দুল মালিকে এটা উল্লেখনীয় কথা কৈছিল --- জীৱনৰ সমস্যাৰ সন্মুখীন নোহোৱাকৈ সাহিত্যত জীৱনৰ সমস্যাৰ ৰূপায়ণ হ'ব নোৱাৰে সাহিত্যিকে জীৱনক চিনি পাব লাগিব | জীৱনৰ সমস্যাৰ মাজত সোমোৱাৰ সাহস সাহিত্যিকৰ থাকিব লাগিব , নহ'লে কেৱল কল্পনাৰ সহায়ত জীৱনৰ সম্পূৰ্ণ ৰূপ যথাযথভাৱে মূৰ্ত্তিমান হৈ উঠিব বুলি আশা কৰিব নেৱাৰি |

 আগলৈ

হেমেন হাজৰিকা
✍️মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)