মোৰ অনুভৱত তুমি-ৰিজুমনি দেৱী

মুখত মিচিকিয়া হাঁহি
 
বিনম্ৰ ব্যৱহাৰ আছিল 
তোমাৰ চিনাকি।
কাষলতিৰ তলত কঢ়িয়াই ফুৰা চল
আৰু বিনিময়ৰ জোলোঙাতো
চকুত পৰিছিল যদিও 
ভবাতো নাছিলোঁ 
তাত আছিল বা কি?

হয়তো তুমি জনাইছিলা 

মইহে নিদিলো গুৰুত্ব।

তোমাৰ ডালিমী দাঁতৰ
চিকমিক আৰু অভিনয় ইমান নিখুঁত 
মই কেনেকৈ ভাবিম?
তুমি মহানতাৰ প্ৰতীক 
নহয় বুলি?
বহু প্ৰতিশ্ৰুতি এৰি 
গলাগৈ আঁতৰি মিঁছা 
 অভিযোগ তুলি ।
হয়তো সময়বোৰ পাৰ হৈছিল পাখি লগা কাঁড়ৰ দৰে 
সুখবোৰ সুঁৱৰি 
  তোমালৈ পঠিয়ালো-------
অপেক্ষা নকৰো আজি------

মনত পৰেনে কেতিয়াবা?
মোৰ সৰু সৰু আৱেগ আৰু অনুভৱবোৰ বাকী দিছিলোঁ 
তোমাৰ চাহৰ কাপত
তুমি পি খাইছিলা
একে উশাহতে।
পাহৰিম বুলি পাহৰিব পাৰি জানো পাৰ হোৱা সৌ অতীতক-----?

✍️ৰিজুমনি দেৱী

Post a Comment

Previous Post Next Post