স্বাধীনতা, স্বাধীনতা, স্বাধীনতা
কিযে এটি বিশাল অনুভূতি,
সপোন সপোন যেন লগা কথাবোৰ
আজি যেন বাস্তৱ ।
হিংসাক টানি আজুৰি আঁতৰাই
অহিংসাৰ বীজ সিঁচি
গান্ধীয়ে দিলে আমাক স্বাধীনতাৰ সোৱাদ
খোল খালে শিকলিৰে বান্ধি থোৱা
প্ৰতিজন অসমীয়াৰ জীৱন বুৰঞ্জী।।
কিযে ভাবিৱ নোৱাৰা ত্যাগৰ প্ৰতিফলন
গণিত শাস্ত্ৰ তোলপাৰ লগোৱা কিযে জটিল সমীকৰণ,
তথাপিও হাৰি নাযাওঁ আমি অসমীয়া
স্বাধীনতাক আদৰি লৈ
আমি হ'ম আপোন পাহৰা।।
চিৰদিনলৈ আঁতৰি যাওক দুখ - দুৰ্দশা
ধৰাত বিৰাজ কৰক মাথো অহিংসা।।।
✍️অলকেশ কাকতি
নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ