নামনি অসমৰ জনপ্ৰিয় লোক উৎসৱ মহোহোঃ এক চমু পৰ্যালোচনা ~প্ৰবন্ধ-আজিজুৰ ৰহমান

©Admin
0
অতি প্ৰচীন কালৰে পৰা বৰ্তমান সময়লৈকে নামনি অসমৰ মানুহে পালন কৰি অহা এক জনপ্ৰিয় লোক উৎসৱ হ’ল মহোহো৷আঘোণ মাহৰ পূৰ্ণিমাৰ নিশা মহোহো উৎসৱ পালন কৰা হয়৷মহোহো কোনো ধৰ্মীয় উৎসৱ নহয়৷অসমৰ সকলো স্তৰৰ সকলো ধৰ্মৰ মানুহে মহোহো উৎসৱ পালন কৰিব পাৰে৷সেয়েহে মহোহো হৈছে অসমৰ ধৰ্মনিৰপেক্ষ লোক উৎসৱ৷মহোহো উৎসৱ প্ৰথমে ক’ত,কেতিয়া আৰু কেনেকৈ আৰম্ভ হৈছিল বা ক’ৰ পৰা কেনেকৈ উৎপত্তি হৈছে,তাৰ বিষয়ে সঠিককৈ ক’ব নোৱাৰি যদিও অসমীয়া লিপি উদ্ধাৰ হোৱাৰ বহু বছৰ আগৰে পৰা অসমীয়া মানুহে মহোহো উৎসৱ পালন কৰি আহিছে৷মহোহো শব্দটো উৎপত্তি হৈছে অসমীয়া আৰু বড়ো ভাষাৰ সংমিশ্ৰণত৷অসমীয়া ভাষাৰ "মহ" আৰু বড়ো ভাষাৰ "হো" শব্দ দুটাৰ পৰা "মহহো" শব্দৰ সৃষ্টি হৈছে আৰু "মহহো" শব্দৰ পৰা "মহোহো" হৈছে৷
                    মহোহো উৎসৱ উজনি অসমৰ মানুহৰ মাজত বৰ বিশেষ প্ৰভাৱ নাই৷নামনি অসমৰ নলবাৰী,বাক্সা,বৰপেটা,দৰং,গোৱালপাৰা,বৰপেটা,অবিভক্ত কামৰূপ জিলাৰ আদি অঞ্চলৰ মানুহৰ মাজত মহোহো উৎসৱৰ জনপ্ৰিয়তা সৰ্বাধিক৷আঘোণ মাহৰ পূৰ্ণিমাৰ তিথিত নিশা চেমনীয়া আৰু গৰখীয়া ল’ৰাবোৰে আনন্দমনেৰে মানুহৰ ঘৰে ঘৰে গৈ মহোহো উৎসৱ পালন কৰে৷লোক বিশ্বাস মতে মানুহৰ শত্ৰুস্বৰূপ মহ আৰু অন্যান্য কীট-পতংগবোৰ খেদাৰ উদ্দেশ্যে মহোহো উৎসৱ পালন কৰা হয়৷আঘোণ মাহৰ সময়ত খেতি-পথাৰৰ শস্যবোৰ পূৰঠ হ’বলৈ ধৰে৷এই সময়ত কীট-পতাংগবোৰে শস্যবোৰ নষ্ট কৰি পেলাই আৰু মহৰ কামোৰৰ পৰা মানুহৰ বিভিন্ন বেমাৰৰ সৃষ্টি হয়৷সেয়েহে ডেকাবোৰে মহোহো উৎসৱ পালন কৰি মহ আৰু অন্যান্য কীট-পতাংগবোৰ খেদিব বিচাৰে৷লোক বিশ্বাস মতে মহোহো উৎসৱৰ পিছৰে পৰা মহ আৰু কীট-পতাংগবোৰ কমিব ধৰে বুলি বিশ্বাস কৰা হয়৷
                         মহোহো উৎসৱত ডেকাবোৰে হাতে-হাতে একোডাল টাঙোন লৈ সৰু সৰু দলত ভাগ হৈ মানুহৰ ঘৰে ঘৰে গৈ মহোহো উৎসৱ পালন কৰে আৰু গৃহস্থক আশীৰ্বাদ দিয়ে৷এই দলবোৰৰ এজনক ভালুক সজই দিয়া হয়৷দলবোৰৰ এজন দলপতি থাকে৷এই উৎসৱত গোৱা গীতক মহোহো গীত বুলি কোৱা হয়৷মহোহো গীতবোৰ হৈছে মানুহৰ মুখে মুখে চলি অহা লোকগীত৷সেয়েহে এই গীতত লেখকৰ পৰিচয় পোৱা নাযায়৷এই গীতবোৰ থলুৱা আঞ্চলিক ভাষাত ৰচিত৷মহোহো খেদা দলটোৰ ভালুকজনে জপিয়াই জপিয়াই মহ ধৰি খোৱাৰ ভাও দিয়ে,দলটোৰ এজনে মহোহো গীত লগাই দিয়ে আৰু বাকী সদস্যবোৰে টাঙোনেৰে মাটিত খুন্দিয়াই খুন্দিয়াই সমবেত কণ্ঠৰে গায় এনেদৰে-
                    “অ’হোহো মহোহো৷
                    মহ খেদবা টাকান লৌ৷৷
                    মহে বোলে মল্লু দে৷
                    টেপল পুৰা খালু দে৷৷”
মহোহো গীতবোৰ ঠাই বিশেষে বেলেগ ধৰণে গোৱা দেখিবলৈ পোৱা যায়৷নলবাৰীত মহোহো গীত গায় এনেদৰে-
                  “কুপ্তি কুপ্তি হাউৰা কুপ্তি
                   আলিৰ মূৰত নল্বা বাহা
                  ফৰ্ব্বাৎ ডালি মাইৰ্বো ডিমাযুৰি ভাইঙ্বো
                  চানাক লেগি নক্ৰিবা আশা”
মংগলদৈ অঞ্চলত মহোহো গীত পৰিৱেশন কৰে এনেদৰে-
                   “শাৰী হৌ শাৰী হৌ৷
                    কণা-কুঁজা এফাল হৌ৷৷
                    কণা-কুঁজা ধোঁৱা খোৱা৷
                    ওজা পাতো বাৰে পুৱা৷৷”
বজালীবাসীয়ে আকৌ মহোহো গীত এনেদৰে পৰিৱেশন কৰে-
                     “অ’হোহো মহোহো৷
                      মহ খেদবা যাউং যো৷৷
                      মহে বোলে মল্লু দে৷
                      তেপৰ মূৰা খালু দে৷৷”
মহোহো উৎসৱত পৰিৱেশন কৰা গীতবোৰলৈ লক্ষ্য কৰিলে দেখা যায় যে গীতবোৰ সকলো শ্ৰেণীৰ মানুহে গাব পৰাকৈ সহজ-সৰল কথিত ভাষাত ৰচিত৷গীতবোৰ ছন্দযুক্ত৷এই গীতবোৰ গাবলৈ কোনো তাল-মানৰ কথা নাই৷গীতবোৰ কথিত ভাষাত গোৱা হয় কাৰণে ঠাই বিশেষে গীতৰ কথা আৰু সুৰৰ তাৰতম্য ঘটা দেখা যায়৷এই গীতবোৰৰ মূল লক্ষ্য হৈছে দৰ্শকক মনোৰঞ্জন প্ৰদান কৰা৷
                           মহোহো খেদা দলবোৰৰ ল’ৰাবোৰে কোনো মানুহৰ ঘৰত মহোহো গীত পৰিৱেশন কৰা মানে লোক বিশ্বাস মতে তেওঁলোকৰ ঘৰৰ পৰা মহ আৰু অন্যান্য কীট-পতাংগবোৰ খেদি পঠিয়াই বুলি বিশ্বাস কৰে৷সেয়েহে মহোহো খেদা দলবোৰে তাৰ বিনিময়ত গৃহস্থৰ পৰা মাননি হিচাপে টকা-পইচা,চাউল আদি বিচাৰে আৰু সেয়া গীতৰ মাজেৰে সুন্দৰকৈ কয়-
                    “টেপল নহ’ল নুন৷
                     চাউল লাগে দুন দুন৷৷
                     বাঁহৰ পাত পকা৷
                     আমাক লাগে টকা৷৷”
কেতিয়াবা কিছুমান নিৰ্দয় লোকে মহোহো খেদা দলবোৰক টকা-পইচা,চাউল আদি দিবৰ ভয়ত ঘৰৰ ভিতৰতে দৰ্জা-খিৰিকী বন্ধ কৰি মানুহ নথকা বুলি মনে মনে লুকাই থাকে৷তেতিয়া মহোহো খেদা দলটোৱে গীতৰ যোগেদি মানুহ ঘৰক উদ্দেশ্যি গায় এনেদৰে-
                    “এনথেৰ ঘৰৰ তুঁহৰ ধোঁৱা
                     চলি কান্দে কোঁহা কোঁহা
                     এনথেৰ ঘৰৰ ভাঙা পাচি
                      বুঢ়ী হাগে একোপাচি৷”
মহোহো খেদা দলটোক গৃহস্থই নিজৰ সামৰ্থ অনুযায়ী টকা-পইচা,চাউল আদি বৰ মৰমেৰে আগবঢ়াই আৰু সেয়া মহোহো খেদা দলটোৱে বৰ সাদৰেৰে গ্ৰহণ কৰে৷শেষত মহোহো খেদা দলটোৱে গৃহস্থক আশীৰ্বাদ দিয়ে এনেদৰে-
                  “ভাল হওক কুশল হওক
                   ভৰাঁলৰ ধান বাঢ়ক
                   গলিৰ গৰু বাঢ়ক
                   বেটা-বেটী বাঢ়ক
                   গৰখা চলিক দিবপৰা কৰক৷” ইত্যাদি৷
মহোহো উৎসৱৰ অন্তত ল’ৰাবোৰে মাননি হিচাপে পোৱা টকা-পইচা,চাউল,দাইল আদিৰে ৰং ধেমালি কৰি ভোজ-ভাত খায়৷মহোহো উৎসৱে ডেকাসকলৰ মাজত মিলা-প্ৰীতি,একতা তথা বন্ধুত্বসুলভ মনোভাৱ বৃদ্ধি কৰে৷
                   মহোহো উৎসৱক ঠাই বিশেষে বেলেগ বেলেগ নামেৰে পৰিচিত৷মংগলদৈত “মহ খুন্দা”,কামৰূপত “মহৌ-হৌ”,বৰপেটাত “ভাওল”,বাক্সাত “অহৰি মহহো”,বজালিত “মহহোহো”,দৰঙত “মহৌ খুন্দা”, নলবাৰীত “ভালোক বা ভাল ভৌলকা” আদি নামেৰে জনা যায়৷
                   বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সময়ত,অপসংস্কৃতিৰ পয়োভৰৰ মাজতো অসমৰ মহোহো উৎসৱৰ পূৰ্বৰ দৰে এতিয়াও নিজস্ব স্বকীয়তাৰে গ্ৰাম্যাঞ্চলত জীয়াই আছে৷গ্ৰাম্যাঞ্চলত আজিও মহোহো উৎসৱৰ জনপ্ৰিয়তা সৰ্বাধিক৷৷

✍️আজিজুৰ ৰহমান
নলবাৰী,অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)