মই অবসৰ লৈ অহাৰ পিছত এৰি অহা পূৰণি ঠাই খনলৈ এটা বিশেষ কামৰ বাবে যাব লগাত পৰিল।সদায় আগতে লগ পোৱা মানুহবোৰক লগ ধৰো বুলি
ভাল লগা চিনাকি বজাৰ খনলৈ গ'লো।বহুত কে দূৰত্ব বজাই মাত এষাৰ দিলোঁ।সেই বজাৰ খনতে এগৰাকী মহিলা চাহৰ দোকানী মোৰ বৰ প্ৰিয় আছিল।সদায় তাই মোক আদৰৰে একাপ চাহ যাচিছিল।বহুতো মনৰ কথাও পাতিছিলো।এইবাৰ তাই মোক দেখি দূৰৰ পৰাই এটি নমস্কাৰ জনালে।মই আঁচলতে পাহৰিয়েই গৈছিলোঁ। ক'ভিড১৯ পৰিস্হিতিয়ে যে আমাৰ জীৱন বোৰত হেঙাৰ ৰূপে থিয় দিছে। বন্ধু ,আত্মীয় সকলোকে হেৰুৱাৰ দুখে কাৰ ওপৰত অভিমান কৰিম জানো বুজিয়েই নাপালোঁ।সেমেকা, গধুৰ মন এটি লৈ গাড়ীখন চলাই গৃহাভিমুখী হ 'লো।
✍️কানন বৰুৱা
ডিব্ৰুগড়, চিৰিং চাপৰি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ