ছবি আঁকে অস্পষ্ট ভাষাৰ ওঁঠৰ মোহনাইদি ওফৰি আহে উন্মাদ উচ্চাৰণ
আৰু ই.....
মোৰ স্মৃতিৰ ভাঁজে ভাঁজে সানি দিয়ে
এমুঠি আৱেগ.....।
বহুবছৰ আগতে,
চুক্তিপত্ৰ কৰিছিলো
প্ৰেমৰ.....
নীল আকাশৰ তলত
জীৱনৰ মায়াবোৰ আঁকিছিলো
হাতৰ বন্ধ মুঠিত আছিল
সপোন পূৰণৰ অদ্ভূত অনুভৱ.....।
অভিমানৰ কেঁকুৰিয়েদি পাৰ হৈ গৈছিল
নিষ্ঠুৰ জীৱন.....
আৰু.....
এসোপামান বিষাদ.....।
নিমাত ৰাতি শব্দৰ মালিতাবোৰে
জীৱনটোত সিঁচি দিছিল
এমুঠি ক'লা আবিৰ.....।
কেকোঁ- জেঁকোকৈ কঢ়িয়াইছিলো
এসোপামান ৰঙীণ সপোন
আৰু.....
কেইটিমান আশা.....
সময়ৰ সাগৰত
পালতৰা নাওঁ বাই
দিগন্ত চোৱাৰ আশা.....।
নিয়তিৰ হাতত পৰাজিত নোহোৱা মোৰ হৃদয়ে
হাৰ মানিছিল প্ৰেমৰ খোঁচত,
আশা- নিৰাশাৰ দোমোজাত পৰি.....;
আজিও খোদিত হৈ আছে
পুৰণি হৈ যোৱা মোৰ
হৃদয়ৰ ডায়েৰীত.....।
শব্দৰ ঝংকাৰ, অস্পষ্ট উন্মাদ উচ্চাৰণ
প্ৰেমৰ চুক্তিপত্ৰ, অভিমানৰ কেঁকুৰি
এসোপামান সপোন, পুৰণি ডায়েৰী.....
সকলো তোমাৰ পৰাই ধাৰ কৰা
সেয়ে, তোমাৰ শৃংখলিত শব্দৰ প্ৰতিচ্ছবিখন
নকল কৰি অংকন কৰিছোঁ
হৃদয়ত থিতাপি লোৱা বেবেৰিবাং শব্দৰ ঝংকাৰেৰে
এখন অস্পষ্ট ছবি.....।
আৰু,
উচ্চাৰণ কৰিছোঁ উন্মাদ শব্দবোৰ.....।
✍️ প্ৰজ্ঞা দেৱী ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ