শৰতৰ বিদায় বেলাত
শব্দবোৰ আৱেগিক হৈ পৰে,
শব্দবোৰে বুজে
শৰৎ যোৱাৰ লগে লগে
কবিয়ে নিলিখিবও পাৰে কবিতা,
শৰৎ যোৱাৰ লগে লগে
নহোৱা হ’ব পাৰে প্ৰেমৰ জোৱাৰ ৷
শেৱালি নিয়ৰৰ যুগলবন্দীত
অথবা কহুঁৱাৰ লচপচবোৰে
শব্দবোৰক জীপাল কৰি ৰাখে,
শৰৎ গ'লে শীতৰ আচ্ছাদনত
শব্দবোৰ পুনৰ তগবগীয়া হ'বলৈ
সপোন দেখে,
সপোনবোৰ প্ৰায়ে ভাঙে ৷
এবাৰ শৰৎ গ’লেই
ৰোহঘৰত সোমাই শব্দবোৰে
বাট চায় অহাটো শৰতলৈ..
✍️ডাঃ প্ৰণৱ চক্ৰৱৰ্তী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ