ৰ'দ-সোনমনি শৰ্মা গোস্বামী

এজাক কাঁচিয়লি ৰ'দৰ ছাঁয়াত জিৰাব খোজো,
তুমিবিহীন পৃথিৱীত কিমান যে কষ্ট,
পুৱতিৰ ৰ'দত ব্যস্ত হৈ পৰা চৰাইজাক দেখিলে মই ব্যাকুল হৈ পৰো....
নিস্তব্ধতাত ডুবি যোৱা মোৰ অতীত.......
এজাক কাঁচিয়লি ৰ'দৰ ছাঁয়াত জিৰাব খোজো
মৌনতাৰ ভৰ দুপৰীয়াবোৰত ঘমাক্ত কলিজা শীতল পেলাবলৈ.....

✍️সোনমনি শৰ্মা গোস্বামী

Post a Comment

Previous Post Next Post