নাৰী~অনুভৱ- ৰিজুমণি দেৱী

©Admin
0
নাৰী শক্তি আদি শক্তি। সৃষ্টিৰ
 মূলতো নাৰী ধংসৰ মূলতো নাৰী। নাৰী যুগে যুগে মহিমাময়ী ,মমতাময়ী,
 নাৰী অবিহনে এই সুন্দৰ পৃথিৱীৰ সৌন্দৰ্য্য নাথাকে। নাৰীয়ে নাৰী হোৱাৰ বাবে বহুত ধৈৰ্য আৰু কষ্ট সহ্য কৰিব লগা হয়। কিন্তু নাৰী বহুত ক্ষেত্ৰত পৰাধীন। পুৰুষ প্ৰধান দেশত নাৰী বহু ক্ষেত্ৰত পৰাধীন জীৱন নিৰ্বাহ কৰিব লগা হয়। বহু পুৰুষ দৃষ্টিত যেন নাৰী সন্তান জন্ম দিয়া আৰু লালন -পালন কৰাৰ বাবে যেন জন্ম হৈছে। এনে মনোভাৱ পৰিলক্ষিত হৈছে।ঘৰৰ কাম- বন সন্তান জন্ম আৰু ডাঙৰ-দীঘল কৰাতে দায়িত্ব শেষ বুলি ভাবে। সকলো অৱশ্যে নহয়।
আজিৰ নাৰী বহু আগুৱাই গ'ল। দেশৰ শাসন ভাৰৰ লগতে মহাকাশ বিচৰণ , পৰ্বতাৰোহণ, বিমানচালক সকলো ক্ষেত্ৰত নাৰী পুৰুষৰ লগত নিজৰ দক্ষতা দেখুৱাবলৈ সক্ষম হৈছে। এগৰাকী নাৰীয়ে ঘৰখনৰ লগতে চৰকাৰী পদো সমানে ভাৰসাম্য ৰাখি চলিবলৈ সক্ষম হৈছে। আজিৰ নাৰী সৈন্যবাহিনীতো নিজৰ দক্ষতা দেখুৱাবলৈ সক্ষম হৈছে। কিন্তু বৰ পৰিতাপৰ বিষয় তথাপিও নাৰী আজিও  ধৰ্ষিতা হৈ আছে কিয়? হৰিণাৰ মঙহেই বৈৰী। নাৰীয়ে নিজক আজিও সুৰক্ষিত বুলি কব পাৰেনে?

✍️ৰিজুমণি দেৱী
নগাঁও

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)