এম টেলিভিছনৰ এখন নতুন ধাৰাবাহিক মমতা । প্ৰেম, মমতা,অভিমান, সংঘাত আৰু ত্যাগ, মানৱ জীৱনৰ জীৱন যুদ্ধৰ এক বিষয়বস্তুৰ আধাৰত নিৰ্মিত ধাৰাবাহিক মমতা। ৰূপম কলিতাৰ প্ৰযোজনাৰে , ডিম্বেশ্বৰ গগৈৰ কাহিনী আৰু পৰিচালনাৰে অহা ৩০ নৱেম্বৰৰ পৰা সন্ধিয়া ৭.৩০ বজাত আৰু নিশা ১১ বজাত ৰেঙনি চেনেলত সম্প্ৰচাৰিত হ'ব ধাৰাবাহিক খন। ধাৰাবাহিক খনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে
প্ৰবীৰ ৰাজখোৱা,ঋষৱ শৰ্মা, হীৰা নেওগ,অনিতা চক্ৰৱৰ্তী,বিৰিণা চক্ৰৱৰ্তী,ইতি ফুকন, সুকন্যা ৰাজগুৰু,বিধান,যোগেশস্মিতা মেধি,দৃশ্যগ্ৰহণ কৰিছে-দ্বীপেন নাথ, আৱহসংগীত - জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ আৰু
গায়ত্ৰী হাজৰিকাৰ,গীতৰ কথা-শশাংক সমীৰ, সংগীত পৰিচালনা কৰিছে গৌৰাংগ গগৈ।
ধাৰাবাহিক খনৰ কেইটামান খণ্ড সহ পৰিচালনা কৰিছিল নাতাচা সুমনে।ধাৰাবাহিক খনক লৈ যথেষ্ট আশাবাদী মমতা পৰিয়াল বৰ্গ।
✍️কুলদ্বীপ কাশ্যপ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ