ধিক্কাৰ-ৰিংকী মণি নাথ

©Admin
0
কেনেকুৱা দেশৰ সভ্য সমাজত 
বাস কৰিছো আজি
দিন ৰাতি চাৰিওফালে
চলিছে কেৱল ত্রাস । 

ধর্মালয়ত শুনিছো আজি
শিষ্যৰ আর্তনাদ 
সেই ঠাইৰ কিছু ভণ্ড গুৰুয়ে 
কৰিছে ধর্ষণ বলাৎকাৰ

প্রেমৰ নামতো ভণ্ডামি কৰি 
নাৰীৰ চিত্ত খনন
বিয়াৰ প্রলোভন দি 
দেহক কৰিছে হৰণ ।

তথাপিও চলিছে খোলা মেলা
প্রেমিক যুগল যুটিৰ 
সিহঁতেই আকৌ হত্যা ধর্ষণ কৰি
নিছে সকলো লুটি ।

নগ্নতাৰ পোচাক পিন্ধি এতিয়া 
ৰাস্তাত ঘূৰিছে সেইবোৰ
যিবোৰৰ লাজ এতিয়া
চিৰকালৰ বাবে হেৰুৱা । 

সন্তান হীনৰ দোষত
আজি মা-দেউতাকেই দায়ী
শাসনৰ সলনি অভ্যাস
কৰিছে তেওঁলোকে স্থায়ী ।

দেহ ব্যৱসায় পৰকীয়া সহ
মন্দ সকলো কর্ম
সকলোকে ধিক্কাৰ দিছে 
ধৰাৰ সকলো ধর্ম । 

✍️ৰিংকী মণি নাথ 
বঙাইগাওঁ ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)