দীপাৱলীৰ পোহৰে পোহৰাই তোলক ~ শিশু দিৱসৰ বিশেষ প্ৰবন্ধ- হেমেন হাজৰিকা

©Admin
0
       আজি ১৪ নৱেম্বৰ দিনটো আমি শিশু দিৱস হিচাবে কিয় পালন কৰো তোমালোক সকলোৱে জানা ,নহয় জানো মইনাহঁত | এই দিনটোতেই আমাৰ ভাৰতবৰ্ষৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল | তেখেতে তোমালোকৰ দৰে মইনাহঁতক খুউব মৰম কৰিছিল আৰু ভাল পাইছিল | তেখেতে শিশু সকলক বেছি ভাল পোৱাৰ বাবে আমি সকলোৱে তেখেতৰ জন্মদিনটো শিশু দিৱস হিচাবে পালন কৰো | এইবাৰ আৰু মজাৰ কথাটো হৈছে এই শিশু দিৱসৰ লগতে তেমালোকে ভালপোৱা দীপাৱলীও একে দিনাই পালন কৰাৰ সৌভাগ্য ঘটিছে | পোহৰৰ উছৱ দীপাৱলী আৰু শিশু দিৱস কিমান যে আনন্দৰ দিন সেইটো নহয় জানো ? আমি কামনা কৰিছোঁ এই পোহৰক উছৱে পোহৰাই তোলক তোমালোকৰ অনাগত জীৱন | কাৰণ তোমালেকেই আমাৰ ভৱিষ্যত | তোমালোকক আশা কৰিয়েই অধিৰ আগ্ৰহেৰে বাট চাই আছে এখন দেশ | আজিৰ দিনটোত থিয় হৈ তোমালোকে নিশ্চয় অনুমান কৰিব পাৰিছা, বিভিন্ন প্ৰচাৰ মাধ্যমত প্ৰকাশ পোৱা বাতৰি বিলাকে আমাৰ স্বপ্নাতুৰ মন বিলাক ভীতিগ্ৰস্ত কৰি তোলা নাইনে ? আমি অগ্ৰজসকলে তোমালোকক এখন সুস্থ সবল সমাজ কেনেদৰে উপহাৰ দিম সেয়া চিন্তাৰ কাৰণ হৈ পৰিছে | 
    তোমালোকৰ শৈশৱ উদযাপন কৰিব পৰাকৈ এটা পৰিৱেশ আমি তেমালোকক দিব পৰা নাই তাৰ বাবে আমি চিন্তাত পৰিছো | এইবাৰ পোহৰৰ উছৱ দীপাৱলী আৰু শিশু দিৱস, মানে তোমালোকৰ দিৱস , কিমান যে আনন্দৰ দিন সেইটো | এইবাৰৰ শিশুদিৱস আমাৰ নিশ্চয়কৈ মনত থাকিব | কাৰণ দুয়োটা দিৱসেই আমি একেলগে পালন কৰিম | অৱশ্যে এইবাৰ চৰকাৰে ফটকা আদি ফুটুৱাত নিষেধাজ্ঞা জাৰি কৰিছে | সেইটো ভাল কথা হৈছে | নহ'লে কমান যে নঘটিবলগীয়া ঘটনা ঘটে |
   মইনাহঁত তোমালোক আটাইলৈ তোমালোকৰ দিনটোৰ বাবে আৰু দীপাৱলীৰ শুভ কামনা জনাইছোঁ তোমালোকৰ সকলোৰে ভাল হওক | তোমালোকৰ ভাল হ'লেহে আমাৰ সকলোৰে ভাল হ'ব , জাতিটোৰ ভাল হ'ব, দেশখনৰ ভাল হ'ব | দেশৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰীয়ে কি কৰি থৈ গৈছিল সেয়া ডাঙৰ হৈ অধ্যয়ন কৰিলে জানিব পাৰিবা | তেখেতৰ আদৰ্শৰে আগবাঢ়িবলৈ প্ৰেৰণা পাবা | 
   আহা মইনাহঁত আমি সকলোৱে এই ঐতিহাসিক দিনটোতে শপত লওঁ আমি প্ৰত্যেকেই আমাৰ ভাষাটোৰ বাবে , জাতিটোৰ বাবে , মাতৃভূমিৰ বাবে কাম কৰি যাম | এই দিনটোক এইবাবেই ঐতিহাসিক বুলি কৈছো কাৰণ এই দিনটোতেই আমি দুটাকৈ অতি গুৰুত্বপূৰ্ণ দিৱস একেলগে পালন কৰাৰ সুবিধা পাইছো | প্ৰতিবাৰে এনে সুযোগ নাহে | সেয়েহে এয়া পণ লোৱাৰ সুবৰ্ণ সুযোগ |
   মইনাহঁত তোমালোক সদায় তোমালোক হৈ থাকা | ফুলনিৰ একোপাহি সুকোমল ফুল হৈ সমাজ ফুলনিত ফুলি থাকা | তাৰ সুগন্ধি আমাক বিলাই দিয়া |

✍️হেমেন হাজৰিকা
মিৰ্জা,কামৰূপ, অসম |

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)