সতৰ্ক হৈ পালন কৰক দিপাৱলী~সচেতনতা বাৰ্তা- ডাঃ প্রণৱ চক্ৰৱৰ্তী

©Admin
0
      পোহৰৰ উৎসৱ দীপাৱলী আহিল ৷ ক’ৰ’না অতিমাৰীয়ে উৎসৱ পালনৰ উৎসাহ বহুখিনি ম্লান কৰিছে যদিও তাৰ মাজতে আমাৰ বহুতেই হয়তো উৎসাহেৰে দীপাৱলীৰ বাবে ৰৈ আছে ৷ দীপাৱলী বুলি চাকি জ্বলোৱাৰ লগে লগে ফটকা, ফুলজাৰি আৰু সুস্বাদু ব্যঞ্জনৰ কথা আহিবই ৷ গতিকে এইক্ষেত্ৰত ল'ব লগা কিছু সাৱধনতাৰ বিষয়ে চমু আলোচনা কৰা উচিত ৷ দীপাৱলী বুলি ঘৰত মিঠাইৰ ব্যৱহাৰ বাঢ়ি যায় ৷ আলহী আহিলেও মিঠাইৰ টোপোলা এটা হাতত থাকেই ৷ এইটো দিশত আমি চকু দিয়া ভাল ৷ মধুমেহত আক্ৰান্তই কোনো পৰিস্থিতিতে মিঠাই নাখাব ৷ বাকীসকলেও যিমান পাৰে নিয়ন্ত্ৰণত ৰখা ভাল ৷ অত্যাধিক মিঠাই শৰীৰৰ বাবে অপকাৰী ৷ আলহীৰ ঘৰলৈ যাওঁতেও কম মিঠাযুক্ত সামগ্ৰী নিবলৈ চেষ্টা কৰাটো ভাল ৷ মিঠাইৰ সলনি আমি ফলমূল, ড্ৰাইফ্ৰুটচ্‌, ঘৰতে বনোৱা চেনীবিহীন পিঠা আদিৰ কথা ভাবিব পাৰোঁ ৷ তাৰোপৰি উৎসৱৰ দিনকেইটাত শৰীৰত পানীৰ পৰিমাণ কমিব দিয়া উচিত নহয় ৷ সময়ে সময়ে পানী বা চৰবত খাই থাকিব লাগে ৷ এনে অভ্যাসে পৰৱৰ্তী সময়ত হ'ব পৰা বিভিন্ন ৰোগৰ পৰা আমাক সকাহ দিব ৷ এলকহলৰ ব্যৱহাৰ সম্পূৰ্ণ পৰিহাৰ কৰিব লাগে ৷ উৎসৱৰ দিনকেইটাত হোৱা সৰহভাগ দুৰ্ঘটনাৰ প্ৰধান কাৰণ মাদকদ্ৰব্য ৷ দীপাৱলীৰ দিনকেইটাত আমাৰ চৌদিশৰ বায়ু আৰু শব্দ প্ৰদূষণৰ প্ৰতি আমি সজাগ হোৱা উচিত ৷ অতিমাত্ৰা শব্দযুক্ত ফটাকাৰ ব্যৱহাৰ কোনোপধ্যেই নকৰিব ৷ পৰিয়ালৰ শিশু, বৃদ্ধ আৰু পোহনীয়া জীৱ, চৰাই চিৰিকতিৰ বাবে ই অহিতকৰ আৰু অশান্তিদায়ক । যদিহে কিবা ফটাকা ফুটায় (চৰকাৰে বান্ধি দিয়া নিয়ম মানি পৰিহাৰ কৰিবলৈ চেষ্টা কৰি চাবচোন) ভৰিত জোতা বা চেণ্ডেল পিন্ধিব নাপাহৰিব ৷ নিৰাপদ দূৰত্বত থাকিব আৰু ভিৰ থকা ঠাইত মুঠেও আতচবাজী, ফুলজাৰি নজ্বলাব ৷ শিশুসকলৰ লগত ঘৰৰ জ্যেষ্ঠ এজন থাকিব ৷ পৰাপক্ষত কাণত ইৱাৰপ্লাগ লগাব আৰু মাস্ক পৰিধান কৰিব ৷ মাস্কৰ ব্যৱহাৰে হাওঁফাওঁৰ ৰোগৰ পৰা সকাহ দিয়াৰ লগতে ক’ৰ’নাৰ পৰাও বচাই ৰাখিব ৷ অৱশ্যে এলকহলযুক্ত চেনিটাইজাৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত সাৱধান হ’ব ৷ চাকি জ্বলোৱাৰ আগমূহূৰ্তত বা আতচবাজী ফুলজাৰি জ্বলোৱাৰ সময়ত চেনিটাইজাৰ ব্যৱহাৰ নকৰিব ৷ অসাৱধানবসতঃ হাত পুৰিব পাৰে ৷ দিপাৱলীৰ সময়চোৱাত ঘৰত ফাৰ্ষ্টএইড বক্স ৰাখিবলৈ নাপাহৰিব ৷ এন্টিচেপ্তিক মলম, বাৰ্ণল, বিষনাষক মলম, কপাহ, বেণ্ডেজ, আইড্ৰপ, ইনহেলাৰ আদি যোগাৰ কৰি থ'ব ৷ বিপদত কামত আহিব ৷ ইয়াৰ লগতে এই সময়চোৱাত শীতৰ প্ৰকোপ বাঢ়িব ৷ গতিকে বাহিৰত থকা সময়চোৱাত শিশু আৰু বয়োজ্যেষ্ঠ জনৰ বিশেষ যত্ন লোৱাৰ দৰকাৰ ৷ টুপি, মাফলাৰ আদি নিবলৈ নাপাহৰিব ৷ মহিলাসকলে যিহেতু চাকি জ্বলোৱাত আগভাগ লয় গতিকে পিন্ধি থকা সাজযোৰত বিশেষভাৱে গুৰুত্ব দিব ৷ কিছুমান কাপোৰত জুই সোনকালে সিঁচৰিত হয়, তেনে পোচাক নিপিন্ধিব ৷ হাততে পোৱাকৈ অন্তত এবাল্টি পানী ৰাখিব ৷ দীপাৱলীৰ শেষত ঘৰৰ চৌহদ পৰিস্কাৰ কৰিব নাপাহৰিব ৷ সকলোৰে দিনবোৰ ভাল হওক আৰু আনন্দেৰে উৎসৱৰ দিনকেইটা পাৰ কৰক তাৰে কামনৰে...

✍️ডাঃ প্ৰণৱ চক্ৰৱৰ্ত্তী ৷
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)