আঘোণ আহিলে
সেউজীয়া পথাৰে বৰণ সলায়।
পকা ধানৰ থোকেৰে সোনালী ধাননিয়ে
কৃষকৰ সপোন পুৰায়।
দাউনী মূৰত উৰণি
হাতত কাঁচি
ওপৰলৈ ঘূৰাই-ঘূৰাই বান্ধে
ঘিলা চকলীয়া মুঠি।
পাহুৱাল ডেকাটি হাতত ভলুকা বাঁহৰ বিৰিয়া লৈ
পথাৰলৈ আহে সুঁহুৰি বজাই।
পাঁচথৰীযা ডাঙৰী মেটমৰা ভাৰ,
ঝিৰিক ঝিৰিক শব্দৰে
ঘৰলৈ নিয়ে কঢ়িয়াই।
পকা ধান থোক ছিগিলে;
আইতাই খৰাহীত বুটলে
লেছেৰি বুটলে গৰখীয়া হঁতে।
আঘোণৰ পথাৰে মনমুহে
কৃষকৰ মনলৈ ফাগুন আহে ।
✍️হিৰণ্য চেতিয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ