সুধাকন্ঠৰ সোঁৱৰণিত- বাণীকান্ত লহকৰ

©Admin
0


স্তব্ধ কলমৰ ৰুদ্ৰ কপাট খুলি
সযত্নে আঁকিবলৈ চেষ্টা কৰোঁ;

চিৰ সেউজ বুকুৰ উন্মাদনাৰে
আজন্ম লুইত প্ৰেমী সুযোগ্য অসমীৰ সন্তান..

আদিগন্ত হেঙুলীয়া বেলিৰ বোলেৰে
দুনয়ন সশ্ৰদ্ধ লোতক
বুকুৰ শোণিত ঢালি,

জনজীৱনৰ বুকুৰ কুটুম্ব হিয়াৰ আমঠু
দৰদী হৃদয় কণ্ঠী যাযাবৰী যাত্ৰা সামৰি,

মানৱ প্ৰেমৰ বিশাল সাগৰত এৰি থৈ সকলো কৃতি
খ্যাতিৰ সুউচ্চ পাহাৰত শান্তিৰ নিদ্ৰাৰত তৰা

ব্ৰহ্মপুত্ৰৰে অতিক্ৰমি গংগা যমুনা ভল্গাৰে সাত সাগৰ তেৰ নদীত
উদ্ভাসিত জীৱন জ্যোতি।

✍️বাণীকান্ত লহকৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)