বাঁহতলৰ যখিনী- ০১~ গল্প-পূৰ্ণিমা হালৈ

©Admin
0
জাৰকালিৰ হাড় কঁপোৱা শীত। নিশা প্ৰায় ১১মান বজাত প্ৰশান্ত টিউচনৰ পৰা আহি আছিল।।প্ৰশান্ত এইখন গাঁৱৰে এজন উচ্চশিক্ষিত ল'ৰা।সৰুতেই দেউতাক ঢুকোৱাত ঘৰখনৰ সমস্ত দায়িত্ব তাৰ ওপৰত আহি পৰিল। পঢ়া-শুনা শেষ কৰি সি গাঁৱৰে ল'ৰা-ছোৱালী কেইটামানক টিউচন কৰে।তাৰ পৰাই যি কেইটকা পায় সেইয়াই মাক আৰু ভনীয়েকক পোহপাল দিয়ে। ৰাতি টিউচনৰ পৰা আহোতে তাৰ ৯/১০ বাজি যায়। মাক আৰু ভনীয়েকে সদাই তাৰ কাৰণে ভাত খাবলৈ ৰৈ থাকে। আন দিনাৰ দৰে আজিও তাৰ টিউচনৰ পৰা অহা দেৰি হ'ল।ৰাতি প্ৰায় ১১ মান বাজিবৰ হৈছে। দূৰৈত শিয়ালে হুৱা দিয়া শুনি সি কোবাকোবিকৈ ঘৰলৈ যোৱাৰ কথা চিন্তা কৰিছে।ইফালে ঠাণ্ডাও সাংঘাটিক পৰিছে। আন্ধাৰ ৰাস্তাত কুঁৱলীৰ পৰা সি ভালকৈ একো মনিব পৰা নাই। ক'ৰবাত এটি দুটিকৈ টিপচাকিৰ পোহৰ জিলিকি উঠিছে। হাততে টৰ্চ টো লৈ সি দেউতাকৰ পুৰণা চাইকেল খন লৈ সোনকালে ঘৰ পাবলৈ বিচাৰিছে। ঘৰলৈ আহোতে বাঁহনি এডৰা পাৰ কৰি আহিব লাহে।সদায় আহি থকা বাট কাৰণে তাৰ ইমান ভয় নাই। হ'লেও তাক মাকে বেছি ৰাতি নহওঁতেই বাঁহনি ডৰা পাৰ হৈ আহিবলৈ কয়।সেয়ে বাঁহনি ডৰাৰ ওচৰ পাই আজি তাৰ মাকৰ কথা বোৰ মনলৈ খুব আহিব লৈছে। সি খৰ-খেদাকৈ চাইকেল খন চলাবলৈ লৈছে। ওচৰত এঘৰ মানুহো নাই। অকলে অকলে সি কেঁচা বাটটোৱেদি আহি আছে।ইফালে দুৰ্ঘোৰ আন্ধাৰ।তেনেতে আহি থকাৰ মাজতে তাৰ কাষেদি কিবা বগা বস্তু এটা খুব জোৰেৰে পাৰ হৈ যোৱা যেন দেখিলে সি। অকস্মাৎ ৰৈ দিলে সি। প্ৰথম বাৰ আজি সি যেন কিবা ভয় খোৱা দি খালে। তাতে তাৰ মনলৈ যি টি কথা কিছুমান আহি আছে।তাৰ গাৰ নোমবোৰ শিঁয়ৰি উঠিছে। হ'লেও সি সহজতে ভয় ভাৱটো মনলৈ নানি চাইকেল খন লৈ আগুৱাই যাবলৈ লৈছে। বগা বস্তু টো সি তাৰ টৰ্চৰ পোহৰ ক'ৰবাত প্ৰতিফলিত হৈ আহিল বুলি ভাবি আগতকৈ অলপ খৰকৈ যাবলৈ ল'লে।ঘৰলৈ এতিয়াও এমাইল মান দূৰ আছে। তেনেতে তাৰ চাইকেল খনৰ পাছফাল টো অলপ গধুৰ গধুৰ লগা যেন অনুভৱ হ'ল। সি যিমানে চাইকেল খন আগলৈ টানিবলৈ বিচাৰিছে সিমানেই চাইকেল খন পাছলৈ গৈছে। সি গাৰ বলেৰে এপাকত চাইকেল খন টানি আকৌ আগৰ গতিলৈ আনিবলৈ সক্ষম হল। হঠাতে চাইকেল খন ইমান গধুৰ হৈ যোৱা কাৰণ সি একো ধৰিব পৰা নাই।এইবাৰ সি গৈ থকাৰ মাজতে ক'ৰবাৰ পৰা হুৰমূৰকৈ এছাতি বতাহ আহি তাৰ ওচৰতে শেষ হৈ যোৱা যেন দেখিলে।ইপিনে সিপিনে চাই সি ক'তো বতাহৰ অৱস্থিতি নেদেখি তাৰ কিবা সন্দেহ উপজিল। লাহে লাহে সি তাৰ চাইকেলৰ পাছত কোনোবা বহি অহা যেন উমান পালে। চাইকেলৰ পাছফাল টো অলপ গধুৰ গধুৰ লাগিছে তাৰ। ইয়াৰ পৰা আৰু তাৰ বুজিবলৈ বাকী নাথাকিল যে তাৰ লগত কি হৈছে? এইবাৰ সি ভয় খাইছে যদিও মনটো অলপ ডাঠ কৰি পাছলৈ নোচোৱাকৈ আগলৈ যাবলৈ লৈছে।অলপ আগত নামঘৰ এটা আছে।নামঘৰটোৰ ওচৰ পাই সি জোৰেৰে ভগৱানৰ নাম লৈ চিঞৰি দিলে। সি ওচৰত কোনোবা থকাৰ উমান পাইয়ে এনেদৰে চিঞৰি দিব লগা হ'ল।যাতে বাহিৰা কিবা বস্তু আছে যদিও ভগৱানৰ নাম শুনিলে আঁতৰি যায়। কিন্তু এইবোৰে তাৰ চাইকেলৰ পাছফালে পোৱা গধুৰ অনুভৱ টোত একো প্ৰভাৱ পেলাব নোৱাৰিলে। নামঘৰ পোৱাৰ পাছত আৰু তাৰ ঘৰলৈ বেছি দূৰ নাথাকে। সি আগৰ দৰেই যেনে তেনে চাইকেল খন টানি লৈ ঘৰ পালে গৈ। প্ৰশান্তৰ মাক আৰু ভনীয়েক তেতিয়া লৈকে শুৱাই নাছিল। সি আজি এনেদৰে ফোপাই- জোপাই ওলোৱা দেখি মাকে বৰ আচৰিত পালে।তাতে ইমান ঠাণ্ডাৰ মাজতো তাক ঘামি অহা দেখি মাক আৰু ভনীয়েকে কি হ’ল সোধাত উবুৰি খাই পৰিল। কিন্তু সি মাকহঁতক একো নকৈ পোনেই নিজৰ কোঠালৈ গল।

আগলৈ.....

✍️পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)