সিহঁতে ছিঙিব খুজিছে এডাল মালা।
ভিন্ন ৰঙৰ সূতাৰ সমাহাৰে যাক শোভিত কৰিছে
একাকীকত্ব তাৰ শিৰৰ ভূষণ
মাজত দুলি থকা সম্প্ৰীতিৰ ' পেণ্ডুলাম '
খুন্দাত ত্ৰস্তমান যদিও সিহঁতে
আজিও এৰা নাই তথাপি ছিগাৰ নিচা।
মালা গাঁথাৰ যুদ্ধক্ষেত্ৰ এৰি
সিহঁতে ব্যস্ত আছিল সুৰাৰ ৰাগীত।
পশ্চিম আকাশত মাৰ যাব ধৰা
অস্তমিত সূৰ্যৰ তাম বৰণীয়া আভাত
বগাৰ সৈতে কৰিছিল সহাৱস্থান।
সিহঁতে বুজি উঠিছিল , - ' সিহঁতৰ ইতিহাস '
কিন্তু আজিও সিহঁতৰ ভঙা নাই সুৰাৰ নিচা।
সেয়ে ছিঙিব খোজে এডাল মালা।
ৰাজপথৰ পৰা অন্ধকাৰ কোঠা
সকলোতে আজি তেজৰ চেঁকুৰা ।
সিহঁতৰ নাকত কেঁচা তেজৰ গোন্ধ বৰ ভাল লাগে ।
দানৱীয়তা যেন সিহঁতৰ জীৱনৰ লক্ষ্য ।
আহঃ কি নিদাৰুণ কি বিভৎস !
সিহঁতৰ ভৰিৰ গচকত আজি ধূসৰিত ধৰণী।
কামুক ধুমুহাৰ তাণ্ডৱ নৃত্যত
হৈছে বেহাল আজি কঠীয়াতলী ।
সিহঁতে নেজানে মালাডাল গাঁঠিবলৈ
পানীৰ দৰে বৈছিল কিমান তেজৰ নিজৰা।
হয়তো !
সৌন্দৰ্যবোধ নথকাৰ বাবে
চলিছে সিহঁতৰ এই অপচেষ্টা ?
মালাতো সিহঁতে গঁঠাই নাছিল
সিহঁতৰ অভিজ্ঞতাৰ পৃষ্ঠাবোৰ ভৰি আছে
কেৱল বিভেদ আৰু ঘৃণাৰ ইতিহাস।
বৰফ পৰ্বতত আবদ্ধ প্ৰহৰীৰ
আৰ্তনাদ সিহঁতে শুনিব নোৱাৰে।
ধোঁৱাৰ ধুমুহাত হেৰাই যোৱা প্ৰহৰীৰ প্ৰাণ
সিহঁতৰ ওচৰত মূল্যহীন।
পৰ্বতৰ চূড়াৰ পৰা পৰ্বতৰ তল দেশলৈ
অৰাজক আৰু অস্থিৰতা ।
পৰ্বতে কান্দিছে চূড়াত্বৰ সন্ধানত
কান্দিছে তল দেশেও ।
যেন পানীৰ তৃষ্ণাত তৃষ্ণাৰ্ত সাগৰৰ
কলিজা ফটা চিঞৰ।
সিহঁতে পাহৰিছে যিডাল মালা প্ৰাণৰো প্ৰাণ -
হিয়াৰ আমঠু ,
তাক যে কোনেও ছিঙিব নোৱাৰে ।
বৈচিত্ৰতাত মাজত ঐক্য
যাৰ দেহৰ অলংকাৰ - শিৰৰ ভূষণ ,
যাক শান্তি , সমৃদ্ধি , সম্প্ৰীতিৰ এনাজৰীডালে
ৰিঙিয়াই মাতে অবিৰাম অবিৰত ।
তাক সিহঁতে ছিঙিব নোৱাৰে, বৰ্তমান বা অনাদি অনন্তলৈ । কাৰণ
মালাডাল স্বগৌৰৱে আছিল , আছে , আৰু থাকিব অনাগত ভৱিষ্যতেও।
সূৰ্যৰ প্ৰখৰ উত্তাপত যদি আৰ্দ্ৰ হয় মালাডাল
তিনি বৰণীয়া বিচনীৰে বিছি বিছি আৰ্দ্ৰতা শুকাব ।
সম্ভাৱনা আৰু সম্প্ৰীতিৰ আঁচুসূতাৰে বন্ধা
পবিত্ৰ মালাৰ পেণ্ডুলাম মেৰিয়াই
ঐক্য, শান্তি , সম্প্ৰীতিৰ ভৰাঁলত থ'ব ।
ধ্বংস হ'ব সিহঁতৰ আশা।
অক্ষত ৰ'ব ছিঙিব খোজা এডাল মালা ।
✍️জহিৰুল ইছলাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ