দীপাৱলীৰ শুভেচ্ছাৰে-সম্পাদকীয়

Rinku Rajowar
0
পোহৰৰ উৎসৱ দীপাৱলীয়ে কালৰ অমানিশাক প্ৰতিহত কৰি দীপ্তময় ক্ষণৰ সম্ভাষণ জনায় । শাৰী শাৰীকৈ জ্বলি থকা পোহৰৰ চাকিবোৰে চৌপাশৰ অন্ধকাৰৰ বিনাশ ঘটাই নতুন উদ্ভাসিত জ্যোতিৰে নতুন আশা,বাসনা আৰু স্বপ্নময় সময়ৰ ইংগিত দিয়ে। ৰামে লংকা জয় কৰোঁতে কেৱল ৰাৱণকে পৰাভূত কৰা নাছিল, যুগ যুগ ধৰি চলি থকা অন্যায় -অশান্তি, অহংকাৰৰ পতন ঘটাই লংকা নগৰীত শান্তি আৰু আনন্দৰ অভ্যুত্থান ঘটাইছিল। সেই ৰামে যেতিয়া লংকা নগৰী জয় কৰি চৈধ্য বছৰ বনবাসৰ পিছত স্ব-গৃহলৈ উভতিছিল সেই জয়ৰ প্ৰতীক ৰূপেই শাৰী শাৰী চাকিৰ পোহৰেৰে ৰামক সম্ভাষণ জনোৱাৰ উদ্দেশ্যেই দেৱালীৰ সূত্ৰপাত হৈছিল বুলি জনা যায়। নিজৰ ক্ষমতা আৰু অহংকাৰত মস্ত ৰাৱণৰ পতনৰ দৰেই দীপাৱলীৰ পোহৰেৰে নিঃশেষ হওক সম্প্ৰতি সমাজত প্ৰচলিত সকলোধৰণৰ অসূয়া -অপ্ৰীতি,দুখ-দুৰ্দশা,হিংসা -অশান্তিৰ। শান্তিময় বন্তিয়ে আলোকিত কৰক সকলোৰে মন। মানুহৰ স্বাৰ্থকামী মনবোৰত সকলোৰে প্ৰতি প্ৰেমৰ বীজ ৰোপিত হওক।জাতি -ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে মন মগজুত একতা আৰু সমন্বয়ৰ এনাজৰীডাল সুদৃঢ় হওক।প্ৰকৃতিৰ প্ৰতি কৰা অন্যায় আৰু সেই অন্যায়ৰ ফল ভোগা মানুহৰ হৃদয়ত প্ৰকৃতিৰ প্ৰতি প্ৰেমৰ উন্মেষ ঘটক। ক্ষন্তেকীয়া আনন্দৰ মোহাচ্ছন্নতাত দেৱালী উদযাপনৰ নামত নামী-দামী ফটকা ফুটাই বায়ু প্ৰদূষণেৰে নিজৰ বিপদ মাতি অনাৰ লগতে সেই শব্দৰে আমি চৰাই-চিৰিকটি বা আন জীৱকূলৰ পৰিৱেশকো বিনষ্ট কৰি চিৰবিনন্দীয়া প্ৰকৃতিৰ বৈচিত্ৰতাৰ ম্লান পেলাই জীৱনটোকে ধূসৰ কৰি পেলাওঁ। চৰকাৰে নিষিদ্ধ ঘোষণা কৰিলেহে পৰিৱেশ বিনষ্টকাৰী তেনে কৰ্মৰ পৰা বিৰত থাকিম তেনেধৰণৰ মানসিকতাক বিসৰ্জন দি আমি আভ্যন্তৰীণ ভাৱে তেনে চেতনাৰ গঢ় দি নিজে সজাগতাৰ পৰিচয় দিব লাগিব। অকল্পনীয় অচিনাব্যাধি কৰ'ণা মহামাৰীৰ আৱিৰ্ভাৱে মানৱ সমাজৰ শ্ৰেষ্ঠতাৰ স্থানো শূন্য প্ৰতিপন্ন কৰি মানুহৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। এই  সময়খিনিয়ে সকলো শ্ৰেণীৰ লোকক শিকাই গ'ল জীৱনৰ এক নতুন শিক্ষা। গতিকে আহক অপ্ৰয়োজনীয় উচ্চ স্বৰৰ আতচবাজীৰে নিজৰ মূল্যহীন ক্ষমতাৰ প্ৰকাশ ঘটোৱাৰ সলনি শান্তিময় আৰু জ্ঞানোদীপ্ত এগছি বন্তিৰে দীপাৱলীৰ উদযাপন কৰি সকলোৰে শান্তি আৰু মংগলৰ কামনা কৰি সমাজৰ সৰ্বতোপ্ৰকাৰৰ উন্নতিৰ হকে প্ৰতিশ্ৰুতিবদ্ধ হওঁ। মানৱ সমাজৰ অগ্ৰগতিৰ বাবে প্ৰজ্বলিত বন্তিগছি সকলোৰে মন প্ৰাণ আলোকিত কৰি হৃদয়ৰ নিভৃত কোণত জ্বলি থাকক একাধাৰে... নিৰন্তৰে। দীপাৱলীৰ পোহৰে অজ্ঞানতাৰ বিনাশ ঘটাই চৌদিশে জ্ঞানৰ জয়ধ্বনি তোলক তাৰেই কামনাৰে দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)