ক্ৰমশঃ মই হেৰুৱাই পেলাইছো
মোৰ জীৱনৰ সংজ্ঞা,
বুকুৰ একুৰিয়ামত পুহি ৰাখিছো
তোমাৰ বৰ্ণিল ভালপোৱা।
মেঘাছন্ন এতিয়া মোৰ আকাশ
নাই ৰ'দ নাই জোনাক
চৌপাশে মাথো অন্তহীন অন্ধকাৰ
জোনাকীয়ে নিদিয়ে পথৰ সন্ধান।
মনগহনত বাজি থাকে অহৰ্নিশে
চিনাকী ভায়'লিনৰ হৃদয় খহোৱা ৰাগ।
✍️প্ৰবীণ দত্ত
গৌৰীসাগৰ,শিৱসাগৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ