অপেক্ষা -ডাঃ প্ৰণৱ চক্ৰৱৰ্তী

©Admin
0
শেষ ফুলপাহৰ অপেক্ষাত
ৰৈ আছিল মানুহজন,
প্ৰতিটো ৰাতিতে
তেওঁ ফুলপাহ ফুলি থকাৰ সপোন দেখে,
আনন্দত চিৎকাৰ কৰা সপোন দেখে ৷
পুৱালৈ সপোন ভাঙে,
ফুলপাহ নুফুলে ৷
তেওঁ নিৰাশ হ’বও নোৱাৰে,
ফুলপাহ ফুলিব
আমোলমোলাব চৌদিশ,
পুৱাই তেওঁৰ হ’ব ফুলপাহ
আৰু তেওঁক ভাল নোপোৱা
সহস্ৰজনক মানুহজনে জনাই দিব তেওঁৰ সফলতা ৷
আজিকালি প্ৰতিপুৱাই বিমুখ হোৱা মানুহজনে ভাৱে
ফুলপাহ হয়তো দিনতহে ফুলে,
এতিয়াৰ পৰা প্ৰতিটো দিনে তেওঁ ৰৈ থাকিব
আকাংক্ষিত ফুলপাহৰ অপেক্ষাত,
অৱশ্যে
ফুলপাহ নুফুলিলেওঁ তেওঁ নিৰাশ হ’ব নোৱাৰে...

✍️প্ৰণৱ চক্ৰৱৰ্তী
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)