ফেচবুকৰ বাকৰিত সাহিত্য চৰ্চা আৰু সম্ভাৱনা -জহিৰুল ইছলাম

©Admin
0
" ফেচবুক " ইংৰাজী শব্দ ; যাৰ অসমীয়া প্ৰতিশব্দ হ'ল মুখপুথি ,বাংলা ভাষাত কোৱা হয় চেহেৰা বই বা মুখ বই । বৰ্তমান বিশ্বৰ সাতটা আটাইতকৈ জনপ্ৰিয় সামাজিক মাধ্যমৰ ভিতৰত ফেচবুকে দখল কৰিছে তৃতীয় স্থান । অৰ্থাৎ ইনষ্টাগ্ৰাম (Instagram) ইউটিউব (You tube)ৰ পিছতেই ফেচবুক নামৰ ৰঙীণ সামাজিক মাধ্যমৰ স্থান । গতিকে প্ৰতিটো স্তৰৰ মানুহেই ইয়াৰ প্ৰতি যে দূৰ্বল তাক দুনাই কোৱাৰ প্ৰয়োজন নাই নিশ্চয়?
       
            সাহিত্য হ'ল সমাজৰ দাপোন , লগতে এক লিখন শিল্প । য'ত সাহিত্য শিল্পীয়ে অংকন কৰে সমাজ এখনৰ নিখুঁত আৰু বাস্তৱ চিত্ৰ। প্ৰতিফলিত হয় সমাজৰ কলা-কৃষ্টি , সংস্কৃতিৰ এক নিটোল আৰু সৰ্বাংগ সুন্দৰ প্ৰতিচ্ছবি ।' সাহিত্য ' ইংৰাজীত Literature বুলি কোৱা হয় । সাহিত্যক গদ্য , পদ্য , আৰু নাটক প্ৰাথমিকভাবে এই তিনি ভাগত ভাগ কৰিব পাৰি । গদ্য শ্ৰেণীৰ ভিতৰত গল্প , প্ৰৱন্ধ , নিৱন্ধ , উপন্যাস আদিক সাঙুৰিব পাৰি ।
    
              সাহিত্যৰ সম্পৰ্ক ভাষাৰ সৈতে । ভাষা নহ'লে সাহিত্য সৃষ্টি হ'ব নোৱাৰে বা টিকি থাকিব নোৱাৰে ; কিন্তু ভাষা এটাই সাহিত্য নোহোৱাকৈও স্বগৌৰবেৰে জীয়াই থাকিব পাৰে । উদাহৰণস্বৰূপে পৰ্বতীয়া জাতিবোৰলৈ লক্ষ্য কৰিলে আমি দেখিম সিহঁতৰ লিখিত সাহিত্যৰ নিদৰ্শন বুলিবলৈ একোৱেই নাই ; কিন্তু মুখে মুখে প্ৰচলিত গীত-মাত আৰু সাধুকথাৰ প্ৰচলন অতীতৰ পৰাই চলি আহিছে । অসমীয়া সাহিত্য সৃষ্টিৰ ইতিহাসলৈ লক্ষ্য কৰিলে দশম -একাদশৰ আগত আমাৰ কোনো লিখিত সাহিত্যৰ বুৰঞ্জী নাই । অৰ্থাৎ দশম-একাদশ শতিকাৰ পৰবৰ্তী সময়ৰ পৰাহে অসমীয়া সাহিত্যৰ ইতিহাস আৰম্ভ হোৱা আমি দেখিবলৈ পাওঁ । দশম-একাদশ শতিকাৰ আগত আমাৰ সমাজত যি গীত মাত, সাধুকথা, কল্পকাহিনী প্ৰচলন হৈ আছিল সেয়া হৈছে মৌখিক সাহিত্য । অৰ্থাৎ মানুহৰ মুখ বাগৰি পৰম্পৰাগতভাবে প্ৰচলিত হৈ অহা গীত মাত আদিক আমি লোক সাহিত্য বুলিও ক'ব পাৰি । মৌখিক সাহিত্যই সময় আৰু পুৰষানুক্ৰমে পৰিবেশ আৰু পৰিস্থিতিৰ তাড়নাত পৰিবৰ্তন হৈছে । পৰিবৰ্তন হৈছে তাৰ ভাৱ , ভাষা আৰু বিষয়বস্তু । সহজ সৰল ভাষা আৰু অকৃত্ৰিম ভাৱ আৰু বিষয়বস্তু এই সাহিত্যৰ আকৰ্ষণৰ মূল ভেটি । অৱশ্যে মৌখিক সাহিত্যসমূহও লিখিত ৰূপত সংৰক্ষিত কৰি থকা কাম অতীতৰ পৰা চলি আছে আৰু আগলৈও চলিব বলি বিশ্বাস । যি আমাৰ বাবে এক আশাৰ বতৰা । নহ'লে হয়তো মৌখিক সাহিত্যসমূহ আমাৰ মাজৰ পৰা হেৰাই যাবলৈ বেছিপৰ নালাগিব আকৌ গোটাব নোৱাৰাকৈ ।
    
ফেচবুকৰ বাকৰিত সাহিত্য চৰ্চা আৰু সম্ভাৱনা:-
             
পৰিবৰ্তন জগতৰ নিয়ম । পৰিবৰ্তনৰ কোবাল সোঁতত পৰিবৰ্তন হৈছে আমাৰ জীৱন যাপনৰ পদ্ধতি ।পৰিবৰ্তন হৈছে আমাৰ চিন্তা , আমাৰ অনুভূতিৰো । যদিও পৰম্পৰাৰ প্ৰতি দূৰ্বলতা আমাৰ জন্মগত ; তথাপি ক'বনোৱাৰাকৈয়ে পৰিবৰ্তনৰ বতাহজাকে আমাক শিহঁৰিত কৰে প্ৰতিপল-অনুপলে । সমাজিক , অৰ্থনৈতিক , ৰাজনৈতিক সকলো ক্ষেত্ৰতে পৰিবৰ্তন হোৱাৰ দৰে সাহিত্য ও পিছুৱাই থকা নাই এই ক্ষেত্ৰত । ১৮৪৬ শিৱসাগৰত মিছনেৰীসকলৰ ছপা যন্ত্ৰয়ে আছিল অসমীয়া ভাষা সাহিত্যৰ প্ৰাণ প্ৰতিষ্ঠাৰ একমাত্ৰ বাটকটীয়া । যাৰ মুখপত্ৰ আছিল "অৰুণোদয় " কাকত( ১৮৪৬ ) । সঁচা অৰ্থত অসমীয়া সাহিত্যৰ আকাশখনত অৰুণ হৈয়ে উদয় হৈছিল । যদিও উদ্দেশ্য আছিল খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাহে ; কিন্তু প্ৰকাৰন্তে যি উপকাৰ কৰি থৈ গৈছে সেয়া অসমীয়া ভাষা সাহিত্য থাকে মানে মিছেনাৰী সকলৰো অৱদান সোণোৱালী আখৰেৰে লিপিবদ্ধ থাকিব । কেৱল সেয়াই নহয় অসমীয়া জাতিৰ গৌৰৱ অসমীয়া ভাষা ১৮৩৬ চনত অসমৰপৰা যেতিয়া বহিষ্কাৰ কৰা হৈছিল সেই অসমীয়া ভাষা পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰামত অসমীয়া ভাষাৰ ওজা স্বৰ্গীয় হেমবৰুৱা দেৱৰ ঐক্যান্তিক চেষ্টা আৰু আনন্দৰাম ঢেকিয়াল ফুকনৰ জাতীয় প্ৰেমকে আদি কৰি অসমীয়া জাতীয় প্ৰেমী সকলোৰে লগত মিছেনাৰী সকলৰো অৱদানো আছিল অতুলনীয় । ফলত বাধ্য হৈ পুনৰ অসমীয়া ভাষা ১৮৭৩ চনত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হয় । মিছেনাৰী সকলৰ একান্ত প্ৰচেষ্টাত সৃষ্টি হৈছিল অসমীয়া ভাষাৰ অভিধান , ব্যাকৰণ , লগতে সৃষ্টি কৰিছিল এক সুস্থ আৰু সুদৃঢ় সাহিত্যৰ ভেটি য'ত আমাৰ ভাষা সাহিত্য আজিও স্বগৌৰৱেৰে জীয়াই আছে , জীয়াই থাকিব অনাগত দিনলৈকও। অৰুণোদয় আলোচনীয়ে দেখুওৱা বাট পৰবৰ্তী সময়ত জোনাকী , বাঁহী ,আসাম বিলাসিনী , আসাম বন্ধু আসাম দৰ্পণ, আসাম দৰ্শনকে আদি কৰি কেইবা ডৰ্জনো আলোচনীয়ে একান্ত ভাবে অসমীয়া ভাষা সাহিত্যৰ ভড়াঁল খন টনকিয়াল কৰি আহিছে যুগ যুগ ধৰি যদিও সময়ৰ সোঁতত বহু আলোচনী ইতিহাস হৈছে অতীত পৃষ্ঠাৰ ; তথাপি প্ৰতিখন আলোচনীয়েই আমাক দি গৈছে নতুন সাহিত সম্ভাৰ আৰু নতুন সাহিত্যিকৰ । অৱশ্যে বৰ্তমান চলিত দশকত আমাৰ আলোচনী , বাতৰি-কাকতৰ জনপ্ৰিয়তা আগৰদৰে নাই যদিও প্ৰভাৱ এতিয়াও শেষ হোৱা নাই। পাঠক আৰু কিতাপৰ সম্পৰ্ক বৰ্তমান একেবাৰে নাই বুলি ক'বনোৱাৰি যদিও একেবাৰে সন্তোষজনকো নহয় ; যাৰ ফলত প্ৰায়েই শিৰোনাম দখল কৰে আলোচনী লুপ্ত হোৱাৰ বাতৰি আৰু প্ৰকাশন প্ৰতিষ্ঠান বন্ধ হোৱাৰ খবৰে । এয়া আমাৰ বাবে এক নেতিবাচক আৰু চিন্তনীয় বিষয় বুলি ক'ব পাৰি । অৱশ্যে সম্প্ৰতি সামাজিক মাধ্যমত হোৱা সাহিত্য চৰ্চাই কিছু আশাৰ বতৰা আনিছে যদিও এই সামাজিক মাধ্যমত সাহিত্যানুৰাগী পাঠকৰ অভাৱ বাৰুকৈয়ে অনুভৱ হয় । তাৰোপৰি সাহিত্যৰ যিকোনো বিষয়ৰ ওপৰত সঠিক দিকনিৰ্ণায়ক সমালোচকৰ হাত যদি নপৰে তেন্তে সেই সাহিত্যৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী হ'বনে নাই তাত সন্দেহ নথকা নহয় । তথাপি হেজাৰ নিৰাশাৰ মাজতো আছে আশাৰ এক বিস্তৃৰ্ণ পথাৰ। কি কবিতা , কি নাটক , উপন্যাস,চুটিগল্প , প্ৰৱন্ধ, নিৱন্ধ, সামাজিক উৎসৱ পাৰ্বণৰ সহজে প্ৰকাশ আৰু প্ৰচাৰে উঠি অহা প্ৰজন্মক দিছে নতুন সৃষ্টিত উৎসাহ আৰু জীৱনক নতুনকৈ মূল্যায়ন কৰি সামাজিক ভাৱে দায়বদ্ধহৈ উঠাৰ এক সোণোৱালী সুযোগ । এয়া নিশ্চিতভাৱে আমাৰ বাবে ইতিবাচক দিশ। বিজ্ঞানৰ ন ন আবিষ্কাৰ আমাৰ বাবে এফালে আশীৰ্বাদ হিচাপে ধৰা দিছে আনফালে আমাক গঢ়িতুলিছে আবেগ অনুভূতিহীন একো একোটা যন্ত্ৰ । আমি যিদৰে মানু্হ হিচাপে উৎকৃষ্টতাৰ পৰিচয় দিছোঁ আনফালে নিকৃষ্টতাৰ পৰিচয় দিবলৈও যেন কুণ্ঠাবোধ কৰা নাই তিলমানো । এয়া পৰিবৰ্তন নে পৰিবৰ্তনৰ নামত বহুৱালি সেয়া সময়ে ক'ব । পৰিবৰ্তন বুলি আমি যাক বুজি পাওঁ সেয়া হৈছে মূল বিষয়ৰ স্বকীয়তাত তিষ্ঠি থাকি নতুনক আঁদৰাৰ নাম হৈছে পৰিবৰ্তন ; যি পৰিবৰ্তনে আমাক উপহাৰ দি যাব মানুহক মানুহ হিচাপে জীয়াই থকাৰ অধিকাৰ । য'ত বিৰাজ কৰিব শান্তি সমাহিত এখন পৃথিৱী । এই কাম কৰিব লগা হ'লে আমি অস্ত্ৰ হিচাপে ল'ব লাগিব সৃষ্টিশীল আৰু আশাবাদী সাহিত্য চৰ্চাক ; কাৰণ বিবেকৰ অস্ত্ৰপ্ৰচাৰ কৰি আবেগক সঠিক চিকিৎসা কৰিব পাৰিলেই মই ভাবোঁ সমাজৰ প্ৰতিচ্ছবি আজিতকৈ বহু আগবাঢ়ি যাব ।                             

         সামাজিক মাধ্যমত সাহিত্য সাধনা কৰা মোৰ সতীৰ্থ বন্ধু /বান্ধবীবৃন্দলৈ মোৰ এটাই অনুৰোধ আহক আমি আমাৰ সৃষ্টিকলাক জীয়াই ৰাখো এজনে আনজনৰ হৈ । এজনে দিয়া উৎসাহত যদি সতীৰ্থ আনএজনে লিখিবলৈ প্ৰেৰণা পায় সেইয়াইতো আমাৰ বাবে চৰম প্ৰাপ্তি । ফেচবুকত সাহিত্য চৰ্চা গ্ৰুপ কিছুমানে চলোৱা ঐক্যান্তিক চেষ্টা শলাগিবলগীয়া । বিশেষকৈ কবিতাৰ সংকলন, গল্প সংকলন আৰু প্ৰকাশ ; মাজে মাজে পতা কবিতাৰ জীৱন্ত পাঠ অনুষ্ঠান , কবি সন্মিলন , আলোচনা চক্ৰ আদিৰ উপৰিও প্ৰবন্ধ , চুটিগল্প ,কবিতা , অনুগল্প ৰচনাৰ প্ৰতিযোগিতাই জীপাল কৰি তুলিছে অসমীয়া সাহিত্যৰ ফেচবুকৰ পথাৰখন । যিটো আমাৰ বাবে এক নতুন আঁশাৰ দলিচা । এতিয়া আমাৰ প্ৰয়োজন হৈছে সঠিক সমালোচনাৰ জৰিয়তে সঠিক ৰাস্তাৰ সন্ধান দিয়াটোহে । এই দায়িত্ব নিয়াৰিকৈ কৰিব লগা হ'লে আমাৰ প্ৰয়োজন হ'ব নবীন আৰু প্ৰবীনৰ মাজত সম্পৰ্কৰ এক সুমধুৰ এনাজৰীৰ ; যিয়ে দিব সাহিত্যত নতুন বৈচিত্ৰ , নতুন মাত্ৰা। তেতিয়াই সাৰ্থক হ'ব ফেচবুকত সাহিত্য চৰ্চাৰ ইচ্ছা আৰু উদ্দেশ্য । আশাকৰোঁ আমাৰ আগ্ৰজ গুৰিধৰোতা সন্মানীয় বৃন্দই এই ক্ষেত্ৰত আৰু অধিক যত্নবান হ'ব আৰু আমাৰ সাহিত্য আগবঢ়াই লৈ যাব বিশ্বদৰবাৰলৈ ।

✍️জহিৰুল ইছলাম,গোৱালপাৰা                

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)