দেহ-মন শাঁত পেলাই যোৱা
তুমি ভাল লগা সপোনৰ মনমোহিনী ।
মই যেতিয়া অকলশৰে থাকো নিজানত
এটি সুমধুৰ সুৰ হৈ তোমাৰ অনুভৱে
মোৰ শৰীৰত কোবাই
অজান শিঁহৰণৰ তুলি
পুলকিত কৰি যায় ।
তোমাৰ প্ৰতিবিম্বই মোৰ হৃদয়ত
হৰিণী নয়নীৰ ঝংকাৰ তোলে
মুঠি মুঠি কৰি সাঁচি ৰখা
জোনাকবোৰ পঠাইছোঁ তোমালে ।
মই তোমাক ভাগৰি পৰিব দিয়া নাই
অতীতৰ মধুৰ স্মৃতিবোৰে ফঁহিয়াই চাই
মই জানো তুমি আছা কুশলেই !
তোমাৰ সীমাহীন মৰম
তোমাৰ অপাৰ প্ৰেৰণাৰে ভৰা
মোৰ আশাভৰা অনুপম জীৱন
তোমাৰ মিছিকিয়া হাঁহি
বুকুৰ উমাল পৰশে
দি যায় জীৱনৰ নতুন ছন্দ ।
✍️ৰমেন চাংমাই
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ