প্ৰতিবিম্ব~গল্প- বাণীকান্ত লহকৰ

©Admin
0

পিচলি পৰা পানীত প্ৰতিবিম্ব।পৃথিৱীয়ে প্ৰণয় প্ৰীতিৰ প্ৰতিটো পল পাহৰিছে। প্ৰাণীৰ পৰমেশ্বৰ (নৰে) পৰিত্ৰাণৰ পৃথক পথত পৰিবেষ্টিত।পৰম পৱিত্ৰ পুৰুষ পৰমেশ্বৰৰ প্ৰতিনিয়ত প্ৰাণীৰ প্ৰাণৰ পানচৈ পানীত পিচলি পৰিছে।প্ৰগতি পিছলৈ পলাইছে।প্ৰতি পৰিয়ালৰ পৰিচয় পত্ৰ পৃথক পৃথক পদ্ধতিৰে পঞ্জীয়ণভুক্ত। প্ৰবোধ পাবলৈ প্ৰতিবন্ধী পৰিযোজনাৰ প্ৰয়োজন।
পাৰ্য্যমানে প্ৰতিজন পুৰুষৰ পৰিয়াললৈ প্ৰত্যাৱৰ্তন । পথৰ পৰ্য্যায়বৃত্তৰ পাক পাৰেমানে পৰিক্ৰমী পৰাক্ৰমেৰে পাৰভঙা পথ।
 পূবৰ পৰা পশ্চিমলৈ পূবেৰুণৰ পৰিভ্ৰমণ।পদহাৰা পথিকে পথৰ পৰিচয় পাহৰিছে। পদচ্যুত পুৰুষৰ পশ্চাৎ প্ৰতিকৃতি।
পৃথিৱীত প্ৰবল পৰাক্ৰমী প্ৰলয়।প্ৰতাৰিত পল।প্ৰচুৰ পৰিমাণৰ পদ পতনে প্ৰাৰম্ভিক প্ৰাচুৰ্য্যতাৰ পতন।
প্ৰাইভেট পদৰ প্ৰাৰ্থী পদোন্নতি পিঠিদি পৰিয়াললৈ পলাইছে। পদৰ পিছে পিছে পিছনহুহকা পৰমালৈ পিছে পদচ্যুত পত্ৰ ।পৰমাৰ পত্নী পূৰৱীলৈ পূৰামাত্ৰা প্ৰতিশ্ৰুতি ।প্ৰগতিৰ পথত পুনৰাই প্ৰত্যাৱৰ্তন পণ।
পূৰৱী পিছে পুনৰ প্ৰতিষ্ঠাৰ পূৰ্বে পালে প্ৰণালীবদ্ধ পদ্ধতি। পথৰ পৰিবহনবোৰলৈ পাৰ্চেল প্ৰক্ৰিয়াৰে পঠাব পোৱাৰ পৰা পুৰি পূৰা পাক প্ৰণালী। পৰমাৰ পৰম প্ৰশ্ৰয়ত পালিলে পৰম্পৰা।প্ৰতিপালক প্ৰতিজন পৰম পুৰুষ প্ৰতিকাৰৰ পথ পাৱ পাৰি পৰমা প্ৰমেয়।

✍️বাণীকান্ত লহকৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)