উৎসৱৰ অধিকাৰ আছেনে আমাৰ?-জহিৰুল ইছলাম

©Admin
0
আমাকো এক পেকেট ফটকা দিয়ানা, দিয়া এগছি পোহৰৰ প্ৰদীপ,
উৎসৱ যে আমাৰ বাবে এতিয়া বিবেকহীন আৱেগৰ দূৰন্ত ঘোঁৰা,
কাৰণ, আমি যে নিঃস্ব ।
মই আৰু মোৰ 'মা'ৰ সৈতে তিনি বছৰীয়া ভাইটি,সময়ৰ চাকনৈয়াত সৰ্বস্বান্ত তিনিও ।
আমাকো দিয়ানা এক পেকেট ফটকা ,এগছি চাকি পোহৰৰ 
ফটকাৰ শব্দত আতৰাও হৃদয়ৰ তৃষ্ণা জীৱনৰ অন্ধকাৰ।

দেউতাৰ ঘৰমোৱা যাত্ৰা 
আধাবাটতে সামৰি, কৰিলে ওভতনি যাত্ৰা, এক অনাকাংক্ষিত চিৎকাৰ । 

মাকৰ নৰিয়া দেহত অচিনাকি লয়লাস
বয়স যদিও ডেৰকুৰি মাত্ৰ,
হয়তো দেউতাৰ ওভতনি যাত্ৰাই পক্ষাঘাত হৃদয় ।

যাত্ৰাৰ শেষত আকৌ এক নতুন যাত্ৰা,
যেন চিনাকি পৃথিৱীত আজি অচিনাকি হাঁহাকাৰ ।
অপৈণত ভৰিৰ খোজত আজি কম্পমান জীৱন।
অধিকাৰ হেনো আমাৰো আছে ।
যিদৰে সমনীয়া দ্বীপা,মিনা,পাপৰিহঁতৰ ।
অধিকাৰ অন্ন, বস্ত্ৰ, বাসস্থানৰ ।
আছে অধিকাৰ শিক্ষা- স্বাস্থ্যৰো।
সিহঁতৰ দৰে আমাৰো আছে সপোন
মানুহ হিচাপে জীয়াই থকাৰ,
শুনিছোঁ এমুঠি অন্ন, এযোৰ কাপোৰ আৰু অলপ জিৰাব পৰা এটা কুটিৰ,
আমাৰতো জন্মগত অধিকাৰ (!)
তেন্তে আজি কিয় আমি গৃহহীন ?
অন্ন-বস্ৰৰ তাড়ণাত কিয় আজি বঞ্চিত, লাঞ্ছিত, অৱহেলিত ?
কিতাপৰ পৃষ্ঠা অথবা দেৱাল খোদনতে
আমাৰ অধিকাৰ সীমাবদ্ধনে, বাস্তৱতাও আছে ?
এক উত্তৰবিহীন আৰ্তনাদ ।
কিয় আজি ধোঁৱাচাঙত ঝুলন্ত অধিকাৰৰ 
হৃদয় ফটা চিৎকাৰ?
অধিকাৰ নাই যদিও 
দিয়া এক পেকেট ফটকা আৰু----, যদি আছে আমাৰো অধিকাৰ (!)
আমাৰ অন্ধকাৰ চোতালত কৃত্ৰিমতা সানি পোহৰাই তোলো।
কৃত্ৰিম সুখত পাহৰো জীৱন যে সংগ্ৰামৰ এক অন্য নাম, নতুবা
দেউতা নথকাৰ এবুকু দুখ । দিয়া মাত্ৰ এক পেকেট------আৰু এগছি পোহৰৰ প্ৰদীপ্ত চাকি।

✍️জহিৰুল ইছলাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)