নিজান ৰাস্তাৰ লগৰী~ভৌতিক গল্প-টিনা মণি দত্ত বৰা

©Admin
0
ঘিটমিটিয়া আন্ধাৰ,তাতে কিনকিনিয়া বৰষুণ ,চাৰিওফালে কেৱল নিজানজান পৰিৱেশ এটাই বিৰাজ কৰিছে,এনেও আন্ধাৰ হোৱাৰ লগে লগে দুইফালৰ বাগানৰ মাজৰএই লুংলুঙীয়া ৰাস্তাটো বৰ গহীন হৈ পৰে। কিবা জৰুৰী কাম নাথাকিলে ৰাতি হ'লে  মানুহ অহা যোৱা নকৰে এই ৰাস্তাটোৱেদি,সদায় বেপাৰ কৰিবলৈ নগৰলৈ যোৱা আৰু চাকৰি সূত্ৰে নগৰলৈ গৈ আহোঁতে দেৰি হোৱা দুজনমানৰ বাদ কৰি গাৱৰ প্ৰায় বিলাক মানুহেই সোনকালে আহি ঘৰ সোমায়হি।
        আজি প্ৰায় ১মাহৰ মূৰত প্ৰবীণ এই ৰাস্তাটোৱে দি গাওঁৰ ঘৰলৈ আহিছে।আনকালে আহিলে সিমান দেৰি নহয়।আজি পিছে বাছ খন আহোঁতে অলপ পলম হোৱাত তাৰ আহি পোৱাত অলপ দেৰি হৈ গ'ল।ভায়েকক অলপ আগবাঢ়ি আহিবলৈ কৈছিল যদিও, সি আকৌ আজি কাম এটাৰ বাবে লগৰ এটাৰ ঘৰলৈ যোৱাত প্ৰবীণৰ দেউতাক নিজে আগবাঢ়ি আহিম বুলি কৈছিল,পিছে প্ৰবীণেহে দেউতাকক আহিবলৈ মানা কৰিলে,এনেও ৰাতি চকুৰে ভালকৈ নেদেখে,তাতে বৰষুণৰ বতৰত ৰাস্তাটো একেবাৰে বোকা হৈ আছে,এই বুঢ়া বয়সত ক'ৰবাত পিছলি পৰিলে বৰ ডাঙৰ কথা হব। প্ৰবীণে হাতত মোবাইলৰ টৰ্চটো জ্বলাই লৈ অলপ খৰ খোজেৰে গৈ আছে,ৰাস্তাটোত মানুহ বুলিবলৈ কোনোৱেই নাই,বাগানৰ মাজৰ পৰা অহা ফেঁচা ৰ নিউ নিউৰ শব্দ আৰু কুকুৰ দুটামানৰ উকীয়ে ৰাস্তাটো আৰু ভয়লগা কৰি পেলাইছে।প্ৰবীণে ভগৱানৰ নাম লৈ খোজৰ গতি বঢ়ায় গাঁৱৰ দিশে আগবাঢ়ি গৈ আছে,বাগানৰ ৰাস্তটো পাৰ কৰি সি ইতিমধ্যে সকলোৰে মুখত প্ৰচলিত জয়াল কণাপুখুৰী টোৰ ওচৰ পাইছেহি।পুখুৰীটোৰ ওচৰ পাওঁতে তাৰ এনে লাগিল যেন তাৰ পিছে পিছে কোনোবা মাইকী মানুহ এজনী পায়েল পিন্ধাৰ নিচিনা শব্দ কৰি আহি আছে,সি পিছফালে ভয়ে ভয়ে ঘূৰি চায় একো নেদেখি পুনৰ খোজ ল'লে,গাওঁৰ মানুহৰ মুখত প্ৰায়ে শুনি অহা কথাবোৰে তাৰ মনত অলপ অলপ ভয়ৰ ভাাৱ সৃষ্টি কৰিবলৈও ধৰিলে।সিঁহতৰ গাঁৱৰে ৰমেন দাইৰ প্ৰায় দোকান বন্ধ কৰি আহোঁতে দেৰি হলে পুখুৰী টোৰ ওচৰত দীঘল চুলিখিনি আগফালে কৰি বেঁকা কৈ চাই গৈ থকা মানুহজনীৰ কথালৈ তাৰ মনত পৰি আৰু ভয় লাগিব ধৰিলে।আজি সঁচাকৈ সেইজনীয়ে লগ পালে নেকি?এইবাৰ সি আৰু অলপ সাহস বুকুত বান্ধি পুনৰ পিছফালে ঘূৰি চায় দেখে সঁচাকৈ কোনোবা মানুহএজনী চুলিখিনি আগফালে কৰি আহি থকা নিচিনা ছায়া মূৰ্তি এটা সি দেখিলে। সি ভয়তে ঘামি জামি দৌৰিবলৈ আৰম্ভ কৰিলে,সি যিমান খৰ খোজ লৈছে মানুহজনীও যেন তাৰ পিছে পিছে সিমান বেগেৰে আহি আছে।তেনেতে সি আগফালৰ পৰা অহা ধিমিক ধামাক টৰ্চৰ পোহৰ এটা দেখি ৰৈ গ'ল।অ সেইটো প্ৰবীণ নহয় নে? ঔ, মহেন কাইতি দেখোন।ঘৰৰ ওচৰৰ মহেনক দেখি প্ৰবীণৰ মনত ভয়টো অলপ কমিল।পিছে এই ৰাতিখন তুমি ক'লৈ যোৱা?প্ৰবীণে মহেনক সুধিলে।আজি গাই জনী ঘৰলৈ যোৱা নাই অ,তাকে বিচাৰি আহিছিলোঁ,অঃ সৌজনী চোন ,তোৰ পিছে পিছে আহি আছে দেখোন ,মহেনৰ কথা শুনি প্ৰবীণে পিছফালে ঘূৰি চাই দেখে সঁচাকৈ তাৰ পিছত গৰু এজনী আহি আছে,ডিঙিত এটা জুনুকা আঁৰি থোৱা আছিল,সেইকাৰণে চাগে সি জুনুক জুনুক শব্দটো শুনিছিল।কথাখিনি ভাবি তাৰ মনতে বৰ লাজ লাগিল, হাঁহি ও উঠিল।সি মিছায়ে এনেই ভয় খালে।
           
    ব'লা তেন্তে মহেন কাইটি, তোমাৰ গৰু জনী পালাই যেতিয়া এতিয়া আমি দুয়ো ঘৰলৈ গৈ থাকোঁ।এইবুলি কথা পাতি পাতি দুয়ো ঘৰলৈ আগবাঢ়িল।প্ৰবীণে ঘৰৰ জপনা মুখ পাই মহেনৰ ঘৰৰ ফালে চাই দেখে গৰুজনী চোন পদূলি মুখতে ৰৈ আছে, মহেন চোন নাই,আৰে ক'লৈ যাব পাৰে?প্ৰবীণে ভাবি ভাবি নিজৰ ঘৰৰ জপনাখন খুলি সোমায় গ'ল।বেগটো মাকক দি মহেন কাইটিক এবাৰ চাই আহোগৈ বুলি যাবলৈ উলাওঁতেই মাকে আচৰিত হৈ সুধিলে ঐ তই কাক চাবলৈ যোৱাৰ কথা ক'লি? মহেন কাইটিক,আমিতো আহোঁতে একেলগে আহিছোঁ।তই কিয় ইমান আচৰিত হৈছ মা?প্ৰবীণে মাকক সুধিলে।আচৰিত হ'বলগীয়া কথা অ বোপাই।কালি মহেনে গৰু বিছাৰিবলৈ যাওঁতে বোকাত পিছল খায় কণা পুখুৰীটোত সোমাই গ'ল।আজি ৰাতিপুৱাহে তাক মানুহে মৃত অৱস্থাত বিচাৰি পাইছে।তোৰ আজি আহোঁতে দেৰি হোৱাৰ কাৰণে ভয় খাবি বুলি ভাবিয়েই দেউতাৰে কথাটো তোক ক'বলৈ মানা কৰিলে।তাৰ গৰুজনী চাগে আজি কৰবাৰ পৰা আহি ওলালহি,বৰ মৰমৰ গৰু আছিল সেইজনী তাৰ।দেউতাৰে জুই ধৰিছে,তই হাত মুখ ধুই জুইৰ ওচৰতে অলপ বহি দেগৈ যা। তভক লাগি একেথৰে মাকৰ ফালে চায় থকা প্ৰবীণক মাকে এইবুলি কৈ জুই ধৰা চৌকাটো ৰ ওপৰত প্ৰবীণৰ বাবে অলপ গৰম পানী উঠাই দিয়ে।
                                                      
✍️টিনা মণি দত্ত বৰা
দেৰগাঁও,গোলাঘাট।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)