দুটি ওঁঠৰ শব্দ-বিনিতা বৰা

©Admin
0
অনন্ত আকাশত বহি
নিৰৱে আছা তুমি,
সুখত বিয়াকুল হৈ ।

ঘনে ঘনে তুমি ৰাখা দৃষ্টি
তোমাৰ এই সুবিশাল পৃথিৱীত ।

মাজে মাজে প্ৰচণ্ড ধুমুহা হৈ
নামি আহা তুমি-------
আকাশৰ তৰা গণিব পৰা 
মোৰ এই বিশাল ভৱনলৈ !
বা-মাৰলি কোবত
দুচকু হয় মোৰ ধোৱলি-কুঁৱলি ।

অকস্মাৎ কেতিয়াবা 
বিজুলি ঢেৰেকনি হৈ গুজৰি গুমৰি
ছটিয়াই দিয়া শেঁতা পৰা হৃদয়ত
জুই ফিৰিঙতি ।

জ্বলনি পোৰণি শিতানত বাগৰি
বিচাৰো শান্তিৰ এজাক শীতল বতাহ ।

সেই বতাহে কঢ়িয়াই আনে দূৰণিৰ পৰা
মৌ বৰষা দুটি ওঁঠৰ,অমাতৰ মাত
হঠাৎ আজি মোৰ কাণত বাজে ।

দহি যোৱা হৃদয়ত আজি 
হিম চেঁচা সৰে ।

✍️বিনিতা বৰা
হোজাই জিলা ,লংকা-কাকী-3

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)