নষ্টালজিয়াৰ বৰষুণজাক -সঞ্জীত দাস

©Admin
0
তোমাৰ প্ৰেমৰ নষ্টালজি হৈ
মই হেৰুৱাই পেলাইছো
মোৰ জীৱনৰ অৰ্থ ।
এতিয়া নিজৰ বুলিবলৈ একোৱেই নাই মোৰ 
সমস্ত বিক্ৰী কৰি দিলো 
তোমাৰ নামত
কিন্তু পালো কি? 
এসাগাৰ চকুলো নে 
অবিশ্বাসেৰে ভৰা এটি অট্টালিকা।

তোমাৰ ওচৰত এতিয়া নাই 
মোৰ কোনো অস্তিত্ব ,
এদিন তুমি আছিলা 
মোৰ ভালপোৱাৰ ৰমিঅ'
আৰু আজি হ'লা 
তুমি মোৰ প্ৰেমৰ
 নষ্টালজিয়াৰ বৰষুণজাক ।

✍️সঞ্জীত দাস
 বৰপেটা,পাটাছাৰকুছি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)