বুজা-নুবুজা বয়সতে
আঙুলিত ধৰি আয়ে,
আগুৱাই দিছিল পোহৰলৈ
"একত এক এঘাৰ এক দহ এক
একত দুই বাৰ এক ..................."
সুৰৰ মূৰ্চ্ছনাত শুই পৰিছিল মাটিত নৰা,ঘোলা হৈছিল আইতাৰ কাণ ।
পূৰ্ণিমাৰ পাছে পাছে
অমাৱস্যা ৰাতি
অন্ধবিশ্বাসী মনত
দেও-ভূতৰ ভয়,
একা-বেকা ওখোৰা-মোখোৰা পথ
উজুতিত মাখি-ছাল এৰে,
মুখাৰ আঁৰৰ মুখবোৰে দপ্-দপাই থাকে।
জ্বলি থকা চকুযোৰ দেখি ক'লা মেকুৰীটোকে
বাঘ বুলি ভয়তে চিঞৰোঁ।
বাট বিচাৰি-বিচাৰি যেতিয়া ভাগৰি পৰোঁ
নিজকে পোহৰাই
এন্ধাৰৰ বাট কাটি
আগবাঢ়ি আহে
এজাক জোনাকী পৰুৱা ,
যাৰ পোহৰত জিলিকি উঠে এন্ধাৰ সমাজ।
✍️পূৰৱী তালুকদাৰ।
ৰঙিয়া।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ