ব্যস্ততা- প্ৰজ্ঞা দেৱী ভূঞা

©Admin
0
পৃথিৱীখনৰ ব্যস্ততাবোৰ বাঢ়ি গৈছে
দিনবোৰ দিন হৈয়েই আছে
কিন্তু,
        ৰাতিবোৰ ব্যস্ত হৈ পৰিছে
        দিনলৈ পৰিৱৰ্তন হোৱাৰ উপক্ৰমত.....

মানুহবোৰ পৰিৱৰ্তন হৈছে,
আকৌ পৰিৱৰ্তনৰ সোঁতত মানুহে ব্যস্ত ৰাখিছে নিজকে;
আৱেগৰ সময়বোৰ কংক্ৰীটলৈ সলনি হৈছে
অভিসাৰিণী সময়ে ব্যস্ত ৰাখিছে হৃদয়ক।

হৃদয়খন ব্যস্ত হৈ পৰিছে,
মিছা অনুভৱবোৰ আপোন কৰাৰ বৃথা প্ৰয়াসত;
বৃথা প্ৰয়াসত ব্যস্ত জীৱনবোৰ,
আৰু,
        এনেকৈয়ে পৃথিৱীখনৰ ব্যস্ততাবোৰ বাঢ়ি গৈছে।

✍️ প্ৰজ্ঞা দেৱী ভূঞা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)