ৰাস উৎসৱ-আৰু কৃষ্ণতত্ব-হিৰণ্যময়ী বৰুৱা

©Admin
0
কৃষ্ণ নামৰ তত্ত্ব কথা অতি বিশাল।
অন্তৰতে আছা হৰি নিচিনো তোমাক
সংসাৰৰ মায়াজালে চাটিছে আমাক,
দুখে সুখে শৰীৰ নাম চিন্তো দিনে দিনে। পুৱা গধূলি , আবেলি সন্ধিয়া বেলা।
কৃষ্ণ নামৰ অর্থ হৈছে আনন্দিত হয় 
মন-প্ৰাণ।নিত্য নিৰন্তৰে হৰি নাম চিন্তে যিটোজনে,সর্বদা সুখ শান্তিত থাকে সেহিজন নৰে।হৰিহে বন্ধু মোৰ,
 হৰিহে প্ৰাণ, হৰি বিনে অন্য কোনো নাহিকে আন।এই ভক্তগণৰ এইয়া
 শুদ্ধ মনৰ কথা।
কৃষ্ণ নাম ললে হয় মনৰ আনন্দ।
কৃষ্ণৰ নাম গুণ ধ্যান তদং ৰহস্য ই সকলোৰে বাবে আনন্দ লাভ। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত, ধমৰ উত্তম নাম,
দেৱৰো উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম।পৃথিৱীত হৰি নামেই শ্ৰেষ্ঠ কথা যিটো আমি এজনে অন্য জনক দিব পাৰো।
ভগৱানৰ দিশটোৰ কথা জানিবলৈ বুজিবলৈ হলে আধ্যাত্মিক দিশটোও আহৰণ কৰিব লাগিব। ভগৱানে কৈছে---মই কোনো মানুহৰে ভাগ্য নিলিখো, মানুহে নিজৰ ইচ্ছা আৰু কর্ম অনুসাৰে নিজৰ ভাগ্য নিৰ্ধাৰণ কৰে।
ৰাসক্ৰীয়া কথা কৃষ্ণৰ
একান্ত চিত্তে শুনে যিটো নৰ
কৃষ্ণত বাঢ়িলে তাৰ
কাম সাগৰে সুখে হৈব পাৰ।
ৰাসক্ৰীয়াক শৃংগাৰ ৰস বুলিও কোৱা হয়,অথচ একান্ত চিত্তে শুনিলে কৃষ্ণ ত ভকতি বাঢ়িব আৰু কাম সাগৰো সুখে পাৰ হ'ব বুলি কৈছিল। ইয়াতেই 
ৰাসক্ৰীয়াৰ গূঢ় তত্ত্ব লুকাই আছে। ৰাসক্ৰিয়া হৈছে শৃংগাৰ ৰসাত্মক খণ্ড এটা অন্তর্ভুক্ত কৰাৰ নিশ্চয় এটি তাৎপয্য আছে।সেই বিচাৰেই হৈছে ৰাসতত্ত্ব বিচাৰ।
ক্ৰীড়াৰ-অভিধানিক অর্থ হৈছে -খেল -ধেমালি,শৃংগাৰ, সহবাস।'ৰাস'শব্দৰ পৰাই সৃষ্টি হৈছে--ৰাসো বৈ স:  
য'ত কেৱল ৰসেই আছে,সেয়ে ৰাস।
ৰাস মানেই আনন্দ।সেই আনন্দ অপাৰ সমুদ্ৰ পৰমাত্মাৰ লগত মিলিব পৰা এক আনন্দ। এইয়া এক আনন্দ আত্মাৰ,পৰমাত্মাৰ লগত মিলিব পৰা এক আনন্দ।ৰাসো আনন্দ স্বৰূপ আৰু ভকতিও ৰসময়ীহে।
শৰৎকালৰ এক পূর্ণিমা ৰাত্ৰি'ৰাসক্ৰীয়া"কৰিতে কৃষ্ণৰ ভৈল মন। কৃষ্ণৰ বাঁহীৰ সুৰধ্বনিত গোপীসকল যেনেকৈ আছিল ঘৰৰ পৰা তেনেকৈ ঘৰৰ পৰা ওলাই আহিল।
 কৃষ্ণৰ বাঁহীৰ সুৰত কামে উত্ৰাৱল হৈয়া গোপীগণে দিলেক লৱড়। সকলো গোপী আহি কৃষ্ণৰ ওচৰ পালেহি কৃষ্ণ ই এনেতে গোপীসকলক বুজালে যে উপপতিৰে সৈতে ক্ৰিয়া কৰাটো গহি্ ত কাম।সেয়ে তোমালোকে স্বামীক শুশ্ৰূষা কৰাগৈ এইয়া হৈছে কুলস্ৰীৰ মহাধর্ম । তোমালোকে মোক দশ্ ন কৰিলা যেতিয়া তোমালোকৰ মনৰ উদ্দেশ্য পূৰ্ণ বুলি ভাৱি লোৱা। দূৰৈত থাকি নাম গুণ গালেহে ভকতি বাঢ়ে,স্নেহ গুণ মৰম শ্ৰদ্ধা বৃদ্ধি পায়।
কৃষ্ণৰ এনে কঠোৰ বাক্য শুনি গোপীসকলৰ মনত বেজাৰে হেচি ধৰিলে। তেওঁ লোকে কৃষ্ণক এৰি থাকিব নোৱাৰে বুলিও মন্তব্য প্ৰকাশ কৰিলে।
গোপীসকলৰ অমৃত বাণীত কৃষ্ণৰ মন কোমলিল।যমুনাৰ বালিলৈ গৈ সকলোগোপীয়ে মণ্ডলাকাৰে নানা ধৰণেৰে ক্ৰীয়া কৰিবলৈ ধৰিলে।
কৃষ্ণত হন্তে মহামান পায়া।
বুলিলা গবে সবে গোপজায়া।।
আমাৰ সম সৌভাগিনী নাই।
ভৈলন্ত অধীন যাদৱ ৰায়।"
গোপীসকলৰ অহংকাৰত কৃষ্ণ অন্তৰ্ধান হ'ল। কৃষ্ণক দেখা নাপাই গোপীসকলে কান্দিবলৈ ধৰিলে।
"যেন যুথপক নেদেখি বনে।
কান্দৈ আত্ ৰাৱে হস্তিনীগণে।।
বৃন্দাবনত গোপীসকলে কৃষ্ণৰ গুণ গৰিমা গাই গাই কৃষক বিচাৰিবলৈ ধৰিলে। গছ -গছনি,অশোক-চম্পা, তুলসী,জাই-যুথী-মালতী,আম,জাম,বেল,বকুল,পৃথিৱী,মৃগ -পত্নী, লতা আদিক, কাকূতি মিনতি কৰি বিভিন্ন প্ৰশ্ন কৰিলে আৰু কৃষ্ণক বিচাৰি নাপাই অস্থিৰ হৈ পৰিল।
সকলোৱে স্তুতি মিনতি ভকতি কৰিবলৈ ধৰিলে--
"হে মোহন দেহু দৰিশন,গোপাল প্ৰাণ,
পেখো মুখ কমল।"
"তোমাৰ চৰণ,যেৱে দেখা পাও, পুনৰপি জীও আমি।"
"দিয়া দৰিশন,আমাৰ জীৱন, ৰাখিয়োক প্ৰাণপতি।"
"কৃষ্ণ নামত"কৃষ"পৃথিৱী পৃথিৱী আৰু'ণ'লগলাগি পৰম ব্ৰহ্মৰূপ"কৃষ্ণ"
নাম হৈছে আৰু ই কেৱল পৰম আনন্দকে বুজাইছে।

✍️হিৰণ্যময়ী বৰুৱা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)