গীতবোৰ পৰিৱেশ সাপেক্ষে অৰ্থপূৰ্ণ | বগেজাৰী নৃত্য-গীত পৰিৱেশন কৰোঁতে প্ৰথমতে সৰস্বতী মোহিনীক স্মৰণ কৰা হয় | ঢাক , ঢোল , বাঁহী প্ৰভৃতিৰ সন্মোহিনী বাদ্যৰ লগতে কণ্ঠত সুললিত গীত আৰু নাচোনৰ সুন্দৰ ভঙ্গীমাৰে যাতে মানুহৰ উপৰিও দেও-ভূতকো মুহিব পৰা শক্তি লাভ কৰিব পাৰে তাৰ বাবে প্ৰাৰ্থনা জনাই এনেদৰে ........
সৰস্বতী মোহিনী গীতৰ চাহিনী
কায়ো বজাই ঢাক ঢোল
কায়ো বজাই বাঁহী
কায়ো বজাই গবেণা-থৰকা
দেও মোহন মুহিবা
ফুৰে উজান ভাটী |
গান দিয়া গলত আমাৰ
ভৰিত নাচৰ ছেও
গেও ভূত মুহিবা
খাওক নাচৰ চেও |
মদ বা লাওপানী খোৱা কাৰ্য ৰাভা সমাজৰ চিৰাচৰিত প্ৰথা কৃষ্টিগত বৈশিষ্ট্য | ৰাভা সমাজত ঘৰুৱা তথা সামাজিক আচাৰ অনুষ্ঠান , উচৱ-পাৰ্বণত মদৰ অবাধ প্ৰচলন | বগেজাৰী গীততো মদৰ উল্লেখ পোৱা যায় |
বগেজাৰী বাই অ'
তোৰে গীত গাওঁ
সকল জাতি মদ খায়
ৰাভাৰ উঠে নাং |
প্ৰেম-- পীৰিতিৰ কথাও বগেজাৰী গীতত পোৱা যায়
বগেজাৰী বাই ঐ
ককতে যাবি পুৱাই
কাৰো আগত নকবি
তকে মমে শুহাই |
গৰু চাবা বাকাৰাতে
খান্দোং কাকাৰা
বুহিবাৰে বুধিতে
নাং নাকাৰা
বাটৰে গুইলন টেঙা
গুটী ৰেচেক্ চেক
মন খাবাৰ বুধিতে
হাঁহে মেচেক্ চেক |
আগলৈ
✍️হেমেন হাজৰিকা
মিৰ্জা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ