ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন উন্নয়নত অভিভাৱকৰ ভূমিকা ~ ৰচনা- দুলাল ৰবিদাস

©Admin
0
ছাত্ৰ বা ছাত্ৰীৰ জীৱনৰ প্ৰথমটো শিক্ষাকেন্দ্ৰ নিজৰ ঘৰখন আৰু জীৱনৰ প্ৰথমগৰাকী শিক্ষাগুৰু হ’ল পিতৃ-মাতৃ , তাৰ পাছতেহে বিদ্যালয়মুখী হয় ৷ 
চমুকৈ ক’ব পাৰি যে ঘৰখন ছাত্ৰ-ছাত্ৰীৰ শিক্ষা আৰম্ভণিৰ কেন্দ্ৰবিন্দু ৷
গতিকে পিতৃ-মাতৃ বা অভিভাৱক ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ উন্নতিৰ ক্ষেত্ৰত মূল ভুমিকা পালন কৰোঁতা ৷
বৰ্তমান সময় আৰু সমাজ ব্যৱস্থা দ্ৰুতগতিৰে পৰিৱৰ্তন হ'বলৈ ধৰিছে যাৰ ফলত এই পৰিৱৰ্তনে ছাত্ৰ-ছাত্ৰীৰ জীৱনত গভীৰ প্ৰভাৱ পেলাইছে ৷ 
প্ৰযুক্তিবিদ্যাৰ আগমনৰ ফলতো ছাত্ৰ-ছাত্ৰী বাৰুকৈ প্ৰভাৱান্বিত কৰিবলৈ লৈছে ৷ 
দৈনন্দিন জীৱনত লাগতিয়াল ম’বাইল, টিভি, কম্পিউটাৰ আদিৰ প্ৰভাৱ আজিৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত বহুত বেছিকৈ পৰিছে যাৰ ফলত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰময় দিশত গতি কৰিবলৈ ধৰিছে ৷
পোনপটীয়াকৈ কোৱা হয় যদি এই ম'বাইল নামৰ যন্ত্ৰটোৱে ছাত্ৰ-ছাত্ৰীৰ উন্নতিৰ পথত আটাইতকৈ ডাঙৰ বাধাস্বৰূপ ৷
বৰ্তমান ছাত্ৰ-ছাত্ৰীৰ গাত পৰিলক্ষিত হোৱা আনকেইটা বেয়া গুণ হৈছে --নৈতিকতাৰ পতন , অকৰ্মণ্যতা , অনিচ্ছা , অনিয়ম , 
গতিকে অভিভাৱকৰ পৰম দায়িত্ব আহি পৰিছে ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ উন্নয়নত কিদৰে ভূমিকা গ্ৰহণ কৰিব ৷
ছাত্ৰ-ছাত্ৰীৰ বয়স পাঁচ বছৰ হোৱাৰ লগে-লগে সিহঁতৰ নজনাক জানিবলৈ,নেদেখাক দেখিবলৈ, ক’ত কিয় আৰু কেনেকৈ এনেধৰণৰ প্ৰশ্নৰ উদয় হোৱা আৰম্ভ হয় ৷ চমুকৈ পাঁচৰ পৰা ন/ দহ বছৰৰ ছাত্ৰ-ছাত্ৰীৰ মনটো জিজ্ঞাসাৰে পৰিপূৰ্ণ থাকে ৷ এই বয়সতে সিহঁতৰ মাৰ্গ দৰ্শন কৰি অভিভাৱকে তেওঁলোকৰ জিজ্ঞাসু মনটোক উপযুক্ত উত্তৰেৰে শান্ত কৰি ছাত্ৰ-ছাত্ৰীৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ৷ 
যেতিয়া ৫- ১০ বছৰীয়া বয়সৰ ছাত্ৰ বা ছাত্ৰীয়ে টিভি চাবলৈ বহে তেতিয়া অভিভাৱকে তাৰ লগত বহি টিভি চাব লাগে আৰু টিভিত প্ৰচাৰিত হোৱা বাতৰি অনুষ্ঠান আদিৰ ভাল আৰু বেয়া এই দুয়োটা দিশৰ বিষয়ে উদাহৰণসহ সুন্দৰকৈ বুজাই দিয়া উচিত আৰু তাৰ বয়সৰ অনুপযোগী অনুষ্ঠান উপভোগ কৰাত বাধা প্ৰদান কৰি তাৰ উন্নয়ন উপযোগী কিছুমান বছা বছা অনুষ্ঠানহে চাবলৈ দিব লাগে ৷
ম’বাইল ফোন ছাত্ৰছাত্ৰীৰ উন্নতিৰ পথৰ প্ৰধান শত্ৰু ৷ গতিকে অবিভাৱকে কঠোৰ দৃষ্টি ৰখা উচিত আৰু পৰাপক্ষত মবাইল ছাত্ৰ-ছাত্ৰীক ব্যৱহাৰ কৰিবলৈ নিদিয়াটো হিতকাৰী ৷ দিলেও চোকা দৃষ্টি ৰখাটো উচিত ৷ ১০ পৰা ১৪/১৫ বছৰৰ বয়সৰ ছাত্ৰ-ছাত্ৰীয়ে ম'বাইল আৰু ইন্টাৰনেটৰ সৎ প্ৰয়োগ কেনেকৈ কৰিব লাগে সেই বিষয়ে অভিভাৱকে শিক্ষা দিয়াৰ ব্যৱস্থা কৰা উচিত ৷ 
ইন্টাৰনেটৰ আবিৰ্ভাৱ হোৱাৰ লগে-লগে সমাজখন অন্য এক দিশত গতি কৰিবলৈ ধৰিলে ৷ সেই কাৰণে ১৮ বছৰৰ তলৰ ছাত্ৰছাত্ৰীয়ে ইন্টাৰনেটৰ ব্যৱহাৰ কৰোতে অভিভাৱকে নিজৰ দৃষ্টি চোকা ৰাখিব লাগে ৷ কাৰণ ইন্টাৰনেটৰ ভাল আৰু বেয়া এই দুয়োটা দিশ আছে ৷ মানুহৰ এটা বেয়া গুণ আছে যে ভালটোতকৈ বেয়াটোহে সহজে আহৰণ কৰি লয় ৷ গতিকে যাতে ছাত্ৰছা-ত্ৰীয়ে ইন্টাৰনেটৰ দুৰ্ব্যৱহাৰ নকৰে সেইয়া মন কৰিবলগীয়া কথা ৷
ছাত্ৰ-ছাত্ৰীৰ পঢ়াশুনাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিব লাগে ৷ কাৰণ এজন ছাত্ৰ বা ছাত্ৰীয়ে বিদ্যালয়তকৈ ঘৰত বেছি সময় অতিবাহিত কৰে ৷ গতিকে ঘৰত থকা সময়চোৱাত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশত মনোযোগ দিয়াটো অভিভাৱকৰ মূল দায়িত্ব ৷ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক অগ্ৰগতি বা ৰিজাল্ট কোনটো মানদণ্ডৰ আৰু ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ত দিয়া গৃহ কাৰ্য কৰিছে নে নাই সেই বিষয়ে শিক্ষকৰ লগত আলোচনা কৰা আৰু ছাত্ৰ-ছাত্ৰীৰ ওপৰত চকু দিয়াটো উচিত ৷ 
পৰাপক্ষত সিহঁতকক ঘৰত থকা সময়ত কিছুমান ঘৰুৱা কামত লগাই ব্যস্ত কৰি ৰাখিব পাৰে অভিভাৱকে ৷
যাৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে ঘৰুৱা কাম-কাজ শিকিব আৰু নিজকে স্বাৱলম্বী গঢ়ি তুলিবলৈ প্ৰেৰণাও পাব ৷ 
দেওবাৰ দিনতো যিহেতু বন্ধ বাৰ গতিকে এই দিনত অভিভাৱকে ছাত্ৰ-ছাত্ৰীক বিভিন্ন ধৰণৰ কাম-কাজত লগোৱাৰ লগতে একেলগে বহি ঘৰুৱা সমস্যা আদিৰ বিষয়ে আলোচনা কৰিব পাৰে ৷ এনে কৰিলে ছাত্ৰ-ছাত্ৰী সাহসী আৰু উৎসাহী মনৰ হয় ৷
বিদ্যালয় বন্ধ বা গৰমৰ বন্ধত ছাত্ৰ-ছাত্ৰীক কিছুমান পৌৰাণিক স্থান আৰু আৰু কিছুমান ধৰ্মীয় অনুষ্ঠানলৈ ফুৰাবলৈ লৈ যোৱাটো ভাল ৷ ইয়াৰ ফলত সিহঁতৰ মনত ধৰ্মীয় আস্থা উৎপন্ন হব আৰু পৌৰাণিক বস্তু বা ঠাইৰ মহত্ত্ব বুজি উঠিব ৷
লগতে মাজে সময়ে সামাজিক সভা-সকাম আদিটো লগত নিব পাৰে ৷ যেতিয়া সিহঁত সমাজৰ লগত উঠা-বহা কৰিব তেতিয়া সিহঁতে সামাজিক দায়বদ্ধতা বুজিব আৰু সামাজিক ৰীতি-নীতি তথা সংস্কৃতিৰ বিষয়েও জ্ঞান প্ৰাপ্ত কৰিব পাৰিব ৷
ছাত্ৰ-ছাত্ৰীৰ জন্মদিনত ভিডিঅ' গেম , ম'বাইল , মটৰ বাইক আদি উপহাৰ দিয়াৰ ঠাইত যদি নৈতিক শিক্ষামূলক কিতাপ উপহাৰ দিয়ে তেন্তে ছাত্ৰ-ছাত্ৰীৰ নৈতিক দিশত উন্নতি হ'ব আৰু পৰাপক্ষত সিহঁতৰ জন্ম দিনত দুখীয়াক সহায় কৰা,ভোকাতুৰক ভোজন কৰোৱা,অভাৱীক বস্ত্ৰ দান দিয়া,গছ পুলি ৰোপণ কৰা আদি ধৰণৰ কৰ্মৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ প্ৰয়াস কৰিলে ছাত্ৰ-ছাত্ৰী নৈতিকতা,দয়া ভাৱ আৰু প্ৰেম ভাৱৰ উদয় হব ৷ যাৰ ফলত সিহঁতৰ জীৱনৰ উন্নতিত অগ্ৰগামী ভূমিকা পালন কৰিব ৷ কাৰণ আজিৰ যুগত যদি জীৱনত উন্নতি কৰিবলৈ বিচাৰে তেনেহ’লে আনৰো উন্নতিৰ বিষয়ে চিন্তা বা ভাৱধাৰা ৰখাটো বাঞ্ছনীয় ৷ অৰ্থাৎ আজিৰ যুগত যিয়ে আনৰ উন্নতি প্ৰগতিৰ কথা চিন্তা কৰে তেওঁহে নিজৰ জীৱনত সফলতা অৰ্জন কৰে ৷ গতিকে অভিভাৱকে সেই দিশতো ছাত্ৰছাত্ৰীক উদাহৰণৰ সৈতে প্ৰেৰণা যোগাব পাৰে ৷
মাজে সময়ে ছাত্ৰ-ছাত্ৰীক দোকান বজাৰলৈ লৈ যাব বা পঠিয়াব পাৰি ৷ যেতিয়া সিহঁতে দোকান বজাৰৰ সামগ্ৰী কিনা-বেচা কৰিব তেতিয়া সিহঁতে টকা-পইচাৰ হিচাপ-নিকাচ কৰিবলৈ শিকাৰ লগতে সামগ্ৰীৰ উত্তম দাম-দৰ কৰিবলৈও শিকিব ৷
আজৰি সময়ত ছাত্ৰ-ছাত্ৰীক নীতিশিক্ষামূলক কাহিনী , সাধুকথা শুনাব আৰু নীতি শিক্ষাৰ ওপৰত চৰ্চা কৰিব লগতে,সৎ সংগ কীৰ্তন ঘৰত আয়োজন কৰিব ৷ ইয়াৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীয়ে উচিত মানদণ্ডৰ নীতিশিক্ষা লাভ কৰিবলৈ সক্ষম হব ৷ 
এনেধৰণৰ বহুতো কাৰ্য বা দিশ আছে যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ উন্নয়নত সহায় তথা সহযোগ কৰিব পাৰে অভিভাৱকসকলে ৷
  যদিহে ওপৰত আলোচনা কৰা কথাখিনি অভিভাৱকসকলে মনোযোগ দিয়ে তেনেহ’লে মই নিশ্চিত যে এশ শতাংশই ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীণ উন্নয়নত অভিভাৱকে উত্তম ভূমিকা পালন কৰিব পাৰে ৷ 
যিহেতু বৰ্তমান ডিজিটেল যুগ গতিকে অভিভাৱক সকলেও ডিজিটেল মাধ্যমৰ ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীৰ ওপৰত চোকা দৃষ্টি ৰাখি সিহঁতক শুদ্ধ পথ দেখুৱাই সৰ্বাংগীণ উন্নয়নত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰি ৷
অভিভাৱকে নিজেও ভাল কাম কৰি নাইবা সমাজৰ হিতে চিন্তা চৰ্চা কৰি এজন আদৰ্শৱান ব্যক্তি হিচাপে সমাজত সন্মানৰ উচ্চ আসন লাভ কৰি ছাত্ৰ-ছাত্ৰীৰ আগত আদৰ্শ প্ৰস্তুত কৰি সিহঁতৰ 
সৰ্বাংগীণ উন্নয়নত একধৰণৰ প্ৰেৰণা যোগাব পাৰে ৷ শেষত ইমানেই কওঁ ছাত্ৰ-ছাত্ৰীয়ে সদায় নিজৰ অভিভাৱকক বা জেষ্ঠসকলক অনুকৰণ কৰে গতিকে আপোন ভাল তেহে জগত ভাল।

✍️দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)