সুখ দুখৰ মিশ্ৰিত ঢৌত জীৱনৰ আদিপাঠ-ৰুমী কলিতা দত্ত

কুসুম কলি এটি হৃদয়ৰ ভাঁজত প্ৰেম প্লাৱিত এটি শালিকী পুৱা সজীৱ নিৰৱতাৰ গাঢ়তাৰে...
তীব্ৰতৰ সৌন্দৰ্য্যৰ অভিজ্ঞতাৰ প্ৰবাহ
জীৱনৰ মিশ্ৰিত ঢৌৰ তৰঃগ 
স্বপ্ন আৰু বাস্তৱৰ সতে সংঘৰ্ষ ।
উত্তাল জোৱাৰৰ ঢৌত সাঁতুৰিব খোজে অভিলাসী মন 
সোণালী সপোন কঢ়িয়াই ফুৰা সেউজীয়াবোৰ ।
বুকুত হিমালয়ৰ আশা লৈ উজাগৰী নিশাৰ স'তে শামুকৰ খোলাত মুকুতাৰ সন্ধান 
কুণ্ডলী পকাই আকাশৰ দিশে ধাৱমান জলন্ত অগ্নিস্তম্ভ ।
জীৱনে কৰে সংঘৰ্ষ , সংগ্ৰাম 
এদিন টুকিব চকুলো নিৰ্জীৱ শৱদেহ সাৱটি
বৰষা হৈ মাটিৰ গোন্ধত বিলখন হ'ব ।
শান্ত শিষ্ট মনবোৰ হ'ব অবুজ অশান্ত 
ভাঁহি আহিব পুৱাৰ ৰাগ ভৈৰৱৰ সুৰীয়া সুৰ এটি 
তীক্ষ্ণ ধাৰ তীব্ৰ তৃষা বুকুত লৈ উদিত হ'ব সূৰুয ...
বৰ্ণিল বসন্তৰ কুসুমিত ৰাগে ডাৱৰৰ ক'লা ছাঁৰ সতে , অশ্ৰুক্লান্ত কৰুণ কাহিনী এটি হ'ব।

✍️ৰুমী কলিতা দত্ত 

Post a Comment

Previous Post Next Post