চন্দ্ৰতাপ- জহিৰুল ইছলাম

©Admin
0
দেউতা, তই ছাগৈ নাহিবি আকৌ ! 
নে আহিবি কেতিয়াবা ?
আহিবিচোন এবাৰ, মাথো এবাৰ !
তোক যে এবাৰ চাবলৈ বৰ হেঁপাহ ।

তই গুচি যোৱাৰ দিনা মই বুজাই নাছিলো 
তই নাহিবি বুলি ।
ঘৰৰ আটায়ে অশ্ৰুসিক্ত নয়নেৰে বিদায় দিয়া দৃশ্যবোৰ 
পাহৰা নাই এতিয়াও।
তই যে শুই আছিলি বাঁহৰ সাঙি এটাত 
শুভ্ৰ চাদৰ মেৰিয়াই নিৰৱে ।
ময়ো নিৰৱে বুজি উঠিছিলো সেই দৃশ্য, বুজিব নোৱাৰাকৈ।
তোক দাহন কৰিছিল সিহঁতে চিতাৰ লেলিহান অগ্নিকুণ্ডত, আহঃ কি নিদাৰুণ !
এতিয়াও ভাবিলে হৃদয়খনে হাঁহাকাৰ কৰি উঠে নিৰৱে।

মই পঞ্চম মানৰ পৰা এতিয়া এম, এ পালো ।
মই বুজি উঠাৰ আগতেই মোক তই বুজাই গৈছিলি ।
জীৱন যে, জীৱন নহয় , 
এয়া যে মিছা স্বপ্নৰ এক মায়াৱী নিচা , 
তথাপিও জীয়াই আছো 
তই নোহোৱাকৈয়ে ।

সেই যে গুচি গ'লি , খবৰ এটাও নল’লি অ'দেউতা ।
এৰি যোৱা ঘৰখনত আমি এতিয়া এঘৰীয়া ।
তোৰ শ্ৰাদ্ধৰ দিনা আমাক খেদি দিছিলে অ' দেউতা ।
 তই নাই নহয় , হয়তো সেয়ে !
থাকিবলৈ এডৰা মাটি আৰু তই এৰি যোৱা খেৰৰ পঁজাখন যে এতিয়া উৱলি গৈছে , জান’ দেউতা ?
নাযাবইবা কিয় , আজি অ’ত’ বছৰ হ'ল ---!

দুবেলা দুমুঠি অন্ন , পিন্ধিবলৈ এযোৰ কাপোৰ
আইৰ ঔষধ আৰু ভাইটি-ভণ্টীৰ চাহিদা পূৰণতে সকলো শেষ । ঘৰৰ মেৰামতি বাৰু কিহেৰে কৰিম ?
তইতো নেজান’ , টিউশ্বন আৰু বিদ্যালয়ৰ পৰা অহাৰ বাটত কিমান যে ভোকাতুৰ কুকুৰৰ লোলুপ দৃষ্টি !
সিহঁতে ছিঙি ল'ব বিচাৰে মোৰ কুমাৰীত্বৰ পোছাক ,
গুচাব বিচাৰে সিহঁতৰ কামুক তৃষ্ণা ।
যেন মানৱ আত্মাৰ দানৱীয় চিৎকাৰত ত্ৰস্তমান পৃথিৱী।

মই বুজি উঠা হৈছো
মই এতিয়া মানুহ নহয়, সিহঁতৰ দৃষ্টিত ভোগৰ দ্ৰব্য ।
সুযোগ পালেই সিহঁত জপিয়াই পৰিব,
খুলি নিব মোৰ নাৰীত্বৰ অলংকাৰ।
হয়তো দুদিন প্ৰতিবাদ , দুদিন তদন্ত 
অপৰাধীক পুস্পাঞ্জলী , ধৰ্ষিতাৰ জেল নতুবা 
ধৰ্ষিতাৰ মালা পিন্ধাই এৰি দিব প্ৰতিনিয়ত মৰিবলৈ !
তাৰপিছত ইতিহাস,-"এই ঘৰত এজনী ছোৱালী আছিল" ।

আয়ে সিদিনা ক'লে: মাজনী মোৰ হয়তো বেছিদিন নাই , তই থাকিবি ভালকে । 
মোৰ কেনে লাগিছিল জান’ ?
মই যেন তল সৰাপাতৰ শেঁতা পৰা দলিচা ,
যাৰ নাই কোনো অভিযোগ , নাই অভিমান ।
আছে কেৱল নিৰৱ আৰ্তনাদ ।

এই বেলি পূজালৈ নগ'লো অ' দেউতা
জুৰি,ৰূপাহঁতে বৰকৈ ধৰিছিলে এপাক ঘূৰি আহো বুলি ,
নগ'লো । গা বেয়া বুলি ভাও জুৰি সিহঁতক বিদায় দিলো,
সিহঁতে যে নেজানে দেউতা নথকা পূজা 
আমাৰ বাবে এক বিষাদৰ মেলা ।

পাৰ’ যদি আহিবিচোন দেউতা 
তোৰ স'তে পাতিম কিছু অব্যক্ত কথা ৷
তই শুনাবি তেজীমলা আৰু পৰীৰ সাধু ,
তোৰ মৰমৰ কোলাত মূৰটো গু‌ঁজি 
এক্ষন্তেক শুম অলপ নিৰ্ভয়ে আৰু শান্তিৰে ।
তই আহিবিনে দেউতা ?

✍️জহিৰুল ইছলাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)