গৈছিলো মই বাৰু সপোনৰ
সেই জীয়া নৈৰ কাল্পনিক
সুঁতিৰ মাজেৰে ৷
তোমাৰ হৃদয়েদি বৈ
বাস্তৱিকতাৰ
লাজুকী -লাজুকী
স্পৰ্শই মোক খুৱালে উজুটি
আৰু দেখুৱাই দিলে,
দূৰন্ত প্ৰচেষ্টাৰ ফল আৰু
কিছুমান মুখাৰ আঁৰৰ
মুখবোৰৰ বিভৎস চেহেৰা ৷
এতিয়াহে সংঘাত মোৰ
আচল পৰিচয়ৰ লগত ৷
জীয়াই থকাৰ
নহয়,
নীলিম আকাশখন
ৰাঙলী কৰাৰো নহয়,
সূৰ্য্যৰ দৰে পৃথিৱীখন
পোহৰাই তোলাৰ ৷
অ’,
এইটো কেনেকৈ হ’ব পাৰে ?
সংঘাত মই বাৰু
কৰিমেই যেতিয়া
মুত্যুৰ লগত মিত্ৰতা কৰাৰহে কৰিব লাগিব মোৰ !
মই বাৰু অবুজ নেকি ?
মাতাল বুকুখন নিতাল যে
কিয় কাৰোবাৰ মৃত্যু হোৱা
দেখিলে অথবা
মুত্যুৰ খবৰ শুনিলেই ?
বিশাল ধৰাত মৃত্যুৰ
আৱিষ্কাৰকৰ ঠিকনা বিচাৰি
মনটো মোৰ এক অবিৰাম
যাত্ৰাপথত মগ্ন হৈ
মৃত্যুৰ মিত্ৰতাৰ ধ্বজা বিচাৰি
জগত চলাথ কৰিবলৈ
হাহাকাৰ লাগি যায় ৷
✍️ছাইফুদ্দিন আহমেদ
অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ক্ষুদ্ৰ প্ৰয়াসক স্বীকৃতি দিয়াৰ বাবে
ReplyDeleteWell
DeleteVery nice 👌 well done bhai
ReplyDelete