দক্ষিণ কামৰূপৰ ৰাভাসকলৰ স্ত্ৰী আচাৰ অনুষ্ঠান ০২~প্ৰবন্ধ- হেমেন হাজৰিকা

©Admin
0
   সেয়েহে তেওঁ স্বাভাবিক ভাবে দৈনন্দিন কাম কাজৰ মাজেৰে প্ৰসৱৰ দিনটোলৈ আগবাঢ়ি যায় | সন্তান প্ৰসৱৰ সময়ত গাঁৱৰ অভিজ্ঞ তিৰোতাই সহায় কৰে | সন্তান ভূমিষ্ঠ হোৱাৰ পিছত কেঁচুৱাৰ আঁঠুত পৰাকৈ জোখ লৈ নাড়িডালত সূতাৰে গাঁঠি দি দালহুই ( বাঁহৰ চোঁচ )ৰে ছেদন কৰে |
প্ৰসূতিক নহৰু তিনিফোঁটা , কলাখাৰ এচামুচ , অলপমান গোবৰ আৰু মাকো ধোৱা পানী একেলগে খুৱাই দিয়া হয় | প্ৰসূতি অচেতন হ'লে আঠিয়া কল , জকৰা ( কৰ্কৰা ) ভাত আৰু প্ৰসুতিৰ ৰক্তস্ৰাব লগ কৰি প্ৰসূতিৰ মুৰত ভৰণ দিয়া হয় | নাড়ি ছেদনৰ পিছত কেঁচুৱাটিক ভালদৰে গা-ধুৱাই , মাকৰ চুলিৰে জিভাখন পৰিস্কাৰ কৰি প্ৰথমে অলপ মদ চেলেকাই দিয়াৰ পিছত অলপ মৌ চেলেকাই দিয়া হয় | প্ৰসূতিকো মদ খাবলৈ দিয়া হয় | জন্মৰ পৰা পাঁচ দিনলৈ কেঁচুৱাক চোলা নিপিন্ধায় আৰু বাহিৰলৈও নুলিয়ায় | প্ৰসূতি আৰু সন্তানক ভূত-প্ৰেতৰ কোপদৃষ্টিৰ পৰা ৰক্ষা কৰিবলৈ প্ৰসূতিগৃহৰ দূৱাৰমুখত এখন ফটা জাল আৰু বগৰীগছৰ ডাল এটা বান্ধি থোৱা হয় | কেঁচুৱাৰ কপালত কেঁচামাটিৰে এটা ফোঁট দি থোৱা হয় |
    কেঁচুৱাই বৰকৈ কান্দিলে ব'গা, ৰঙা আৰু ক'লা সূতা একেলগে জৰী বটি খেৱলী জালৰ গুটী এটা কেঁচুৱাৰ কঁকালত বান্ধি দিয়া হয় | ইয়াক আলনি বুলি কোৱা হয় | সন্তান জন্মৰ পাঁচদিনলৈ সন্তানৰ মাক , দেউতাক আৰু ভাগীসকলক অশুচি বুলি গণ্য কৰা হয় | পাঁচদিনৰ দিনাখন ঘৰৰ চৰু-হাড়ি , কাপোৰ কানি ধুই , ঘৰ-চোতাল গোবৰ পানীৰে মচি সোণ-ৰূপৰ পানী আৰু গোবৰ পানী ছটিয়াই অশুচিমুক্ত কৰা হয় | সেইদিনাখন সন্তানৰ পিতৃয়ে মুৰ খুৰাব লাগে আৰু সন্তানটিৰো মূৰ খুৰাই দিয়ে | 
  পুৰণি কালত ৰাভাসকলৰ অশৌচ পাঁচদিনিয়া আছিল যদিও বৰ্তমান সময়ত এমাহলৈকে অশৌচ পালন কৰা হয় | 

 আগলৈ

✍️হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)