দক্ষিণ কামৰূপৰ ৰাভাসকলৰ স্ত্ৰী আচাৰ অনুষ্ঠান ০১~প্ৰবন্ধ-হেমেন হাজৰিকা

©Admin
1
চীনৰ তিব্বতীয় ভাষাগোষ্ঠীৰ অন্তৰ্গত ৰাভাসকল অসমৰ এক উল্লখযোগ্য ডাঙৰ জনগোষ্ঠী | ৰাভাসকলৰ ভাগ কেইবাটাও | ৰাংদানীয়া , পাতি , মাইটৰীয়া , বিটলীয়া ,হাঁনা , টোটলা , মদাহী, দাহুৰী চোঙা আদি | দক্ষিণ কামৰূপৰ ৰাণী , লোহাৰঘাট , ছয়গাওঁ , কৰ্দ্দেগুৰী , বাক্ৰাপাৰা, সাতেকণা , ৰতনপুৰ , আন্ধেৰী , ভেৰভেৰী , গোৱৰ্ধন , ববমুণিগাঁও , বকো , ডাকুৱাপাৰা , হাঁহিম , ধূপধৰা , শিংৰা আদি অঞ্চলত ৰাভাসকলে বাস কৰে | ক্ষেত্ৰ অধ্যয়নৰ পৰা দেখা গৈছে যে এওঁলোক আটায়ে পাতিৰাভা এওঁলোকৰ ভাষা অসমীয়া | এওঁলোকে পৰম্পৰাগত প্ৰাচীন ধৰ্ম পালন কৰাৰ লগতে বেছিভাগ লোকেই হিন্দুধৰ্মৰ আচাৰ সমূহো পালন কৰে |
দক্ষিণ কামৰূপৰ ৰাভাসকল মুখ্যত শিৱভক্ত | শিৱক সন্তুষ্ট কৰিবলৈ এওঁলোকে লাঙাপূজা( শিৱপূজা) কৰে | শিৱপূজাৰ উপৰিও বৃক্ষপূজা বা গছপূজা ( বাঁহ গছক লৈ কৰা পূজা ) আৰু মাৰেপূজা ( মনসা পূজা ) আই পূজা ( শীতলা পূজা ) কৰে | তেওঁলেকৰ সাংস্কৃতিক জীৱনধাৰাৰ উল্লেখযোগ্য সম্পদ হ'ল বহুৰঙী নৃত্য-গীতৰ ভাণ্ডাৰ বগেজাৰী | তেওঁলোকৰ আন এটা মনোৰম নৃত্যগীতৰ অনুষ্ঠান হ'ল হানাঘোঁৰা | বায়খো এওঁলোকৰ জাতীয় উৎসৱ | মানৱ জীৱনৰ তিনিটা স্তৰত তিনিটা সামাজিক অনুষ্ঠান পালন কৰাৰ পৰম্পৰা প্ৰাচীন কালৰে পৰা চলি আহিছে | ইয়াৰ প্ৰথম স্তৰ হৈছে জন্ম সম্পৰ্কীয় অনুষ্ঠান | যুগ্ম জীৱনৰ পাতনিৰ পৰা এহাল স্বামী--স্ত্ৰীয়ে সংসাৰৰ সকলো দায়িত্ব মূৰ পাতি ল'বলগা হয় ।এগৰাকী নাৰী সন্তান সম্ভৱা হোৱাৰ পৰা প্ৰসৱ হোৱালৈকে নানা প্ৰতিকূল অৱস্থাৰো সন্মুখীন হ'ব লগা হয় | সেয়েহে এই সময়ছোৱা সুকলমে অতিবাহিত কৰিবলৈ গৰ্ভৱতী নাৰী গৰাকীয়ে কিছুমান নীতি নিয়ম মানিব লগা হয় | গৰ্ভত ভ্ৰুণৰ স্থিতিৰ উমান পোৱাৰ পিছতো এগৰাকী ৰাভা নাৰীয়ে বিশেষ একো সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন বোধ নকৰে |

আগলৈ

✍️হেমেন হাজৰিকা 
মিৰ্জা

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. মদাহি সকল ৰাভাৰ কোনো ভাগতে নপৰে হেমেন হাজৰিকা ডাঙৰীয়া । কাৰণ মদাহিৰ সম্পূৰ্ণ নিজা ৰীতি নীতি ভাষা সাংস্কৃতি আছে ।

    ReplyDelete
Post a Comment