ফ্ৰাঞ্চত আর্টৰ স্বাধীনতা নে? ঘৃণ্য ৰুচিৰ বহিঃপ্রকাশ। এক চিন্তনীয় বিষয় ~প্ৰবন্ধ-হাফিজ বায়েজীদ বোস্তামী

    আর্টৰ নামত ভণ্ডামী আৰম্ভ কৰিছে পশ্চিমীয়া বিশ্বই। ৩০ ছেপ্টেম্বৰ ফ্রাঞ্চৰ ম্যাগাজিন চার্লি এবদো’ৰ সৰ্বশেষৰ সংস্কৰণৰ প্রচ্ছদত প্রিয় নবী মোহাম্মদ (চঃ)-ক ব্যঙ্গ কৰি অঁকা ১২টা কার্টুন চপা কৰা হয়। ইয়াৰ কিছুদিন পিছত ফ্রাঞ্চৰ এজন স্কুল শিক্ষকে শ্ৰেণীত মতপ্রকাশৰ স্বাধীনতাৰ বিষয়ে ক'বলৈ গৈ মহানবী (চঃ)-ক লৈ ব্যঙ্গ কার্টুন প্রদর্শন কৰে। সেই দেশৰ মুছলিম কমিউনিটিয়ে ইয়াৰ তীব্ৰ বিৰোধীতা কৰে। এজন ইমামে মছজিদৰ পৰা ইয়াৰ বিৰুদ্ধে সৰ্বপ্ৰথম প্রতিবাদৰ জোৱাৰ তোলে।

    সেই শিক্ষকজন এজন উদ্যমী যুৱকৰ ছুৰিৰ আঘাতত নিহত হয়। তেখেতক সেই ঠাইডোখৰতেই গুলি কৰি হত্যা কৰা হয়। তাৰ পিছৰে পৰাই ফ্রাঞ্চব্যাপি চলিছে মুছলিম কমিউনিটিৰ বিৰুদ্ধে চৰকাৰ তথা বিভিন্ন উগ্র জাতীয়তাবাদীসকলৰ হামলা আৰু কঠোৰ পদক্ষেপ। ফৰাচী প্রেছিডেন্ট সেই ইমামজনে ইমামতি কৰা মছজিদটিত তলা লগাই দিয়ে, বিভিন্ন ইছলামী শিক্ষা প্রতিষ্ঠান বন্ধ কৰি দিয়া হয়, চৌদিশে গ্ৰেপ্তাৰৰ পৰোৱানা আৰম্ভ কৰে লগতে প্রকাশ্য জনসভাত তেখেতে মহানবী (চঃ)-ৰ ব্যঙ্গচিত্র প্রকাশ জাৰী ৰখাৰ প্রত্যয় ব্যক্ত কৰে। ইয়াৰ পূৰ্বে সেই মাহৰ আৰম্ভণীতেই ইছলাম ধর্ম সংকটত আছে বুলি পশ্চিমীয়া বিশ্বত বিতর্কৰ সৃষ্টি কৰে।
    
     ফৰাচী প্রেচিডেন্ট ম্যাক্রো বাক স্বাধীনতাৰ নামত এই নিকৃষ্ট আর্টিষ্টসকলৰ কাষত থিয় দিছিল। পেৰিচত নির্মিত দুটা ব্যাঙ্গ কার্টুনক পুলিচি নিৰাপত্তাৰ আৱেষ্টনীত ৰাখিছিল। তেওঁলোকে আর্টৰ স্বাধীনতাৰ নামত এই জঘন্য কাম কৰি গৈছিল। অথচ প্রতিটো বস্তুৰ ক্ষেত্ৰত আর্টৰ স্বাধীনতাৰো এটি সীমা থাকে।

       বাক্ স্বাধীনতা হৈছে স্বতন্ত্র ব্যক্তি অথবা সম্প্রদায়ৰ; নির্ভয়, বিনা প্রহৰতা বা কর্তৃপক্ষৰ নির্দেশনা, অনুমোদন গ্রহণৰ বাধ্যতা ব্যতিৰকে নিজৰ মতামত স্বাধীনভাৱে প্রকাশ কৰাৰ সমর্থনৰ মূলনীতি। মত প্রকাশৰ স্বাধীনতা শব্দ পুঞ্জটিক কেতিয়াবা বাক্ স্বাধীনতাৰ স্থলত ব্যৱহাৰ কৰা হয়, যদিও এই ক্ষেত্রত বাক্ স্বাধীনতাৰ সৈতে সংবাদ মাধ্যমে নির্বিশেষে তথ্য অথবা ধাৰণাৰ অন্বেষণ, গ্রহণ অথবা প্রদান সম্পর্কিত যিকোনো কার্যৰ অধিকাৰকো বুজোৱা হয়।

     বে-সামৰিক আৰু ৰাজনৈতিক আন্তর্জাতিক চুক্তিৰ (আই.চি.পি.আৰ) মানৱাধিকাৰ চনদৰ ১৯ নং অনুচ্ছেদ আৰু আন্তর্জাতিক মানৱাধিকাৰ আইন অনুযায়ী অভিব্যক্তিৰ স্বাধীন প্রকাশক চিনাক্ত কৰা হৈছে। তাত কোৱা হৈছে নিজৰ মতামত আৰু অভিব্যক্তি প্রকাশ কৰাৰ ক্ষেত্ৰত “প্রত্যেকৰ অধিকাৰ আছে" ।এই অধিকাৰত অন্তর্ভুক্ত থাকিব নিজৰ স্বাধীনচেতীয়া কোনো বাধা ব্যতীত অটল থকা; সমগ্ৰ বিশ্বৰ যি কোনো মাধ্যমৰ পৰা যি কোনো তথ্য অর্জন কৰা নাইবা আন ক'ৰবাত সেই তথ্য বা চিন্তা মৌখিক, লিখিত, চিত্রকলা অথবা অন্য কোনো মাধ্যমৰ দ্বাৰা জ্ঞাপন কৰাৰ অধিকাৰ”।

     ১৯ নং অনুচ্ছেদৰ পৰৱর্তী পৰ্যায়ত সংশোধিত কৰা হয়, উদ্ধৃতিত কোৱা হৈছে; এইবোৰ অধিকাৰৰ চর্চা বিশেষকৈ নিয়ম আৰু নিগূঢ় দায়িত্বক ধাৰণ কৰে; তথাপিও যদি এই চর্চাৰ দ্বাৰা কাৰো কোনো সম্মান হানি কৰা হয় বা জাতীয় নিৰাপত্তা বিঘ্নিত হয় তেতিয়া কিছুমান ক্ষেত্রত ইয়াৰ অবাধ চর্চা কৰা হয়। মর্যাদাহানি, পর্নোগ্রাফি, অশ্লীলতা, আক্রমণাত্মক শব্দ অথবা মেধাসম্পদ, বাণিজ্যিক গোপনীয়তা, জন নিৰাপত্তা ইত্যাদিৰ ক্ষেত্রত বাকস্বাধীনতা যদি আন কাৰো স্বাধীনতাৰ প্ৰতি হস্তক্ষেপ কৰে বা কাৰো অপকাৰ কৰে তেতিয়া অপকাৰ নীতিৰ মাধ্যমত বাক্ স্বাধীনতাক সীমাবদ্ধ কৰা যাব পাৰে। এই অপকাৰ নীতিৰ ধাৰণাটি প্রণয়ন কৰিছিল জন ষ্টুৱার্ট মিলে তেখেতৰ ‘অন লিবার্টি’ নামক গ্রন্থখনিত।
     
       গ্ৰন্থখনিত তেখেতে আৰু উল্লেখ কৰিছে, “এটি সভ্য সমাজত কোনো ব্যক্তিৰ ইচ্ছাৰ বিৰুদ্ধে গৈ তাৰ ওপৰত তেতিয়াই ক্ষমতাৰ সঠিক ব্যৱহাৰ কৰিব পাৰি, যেতিয়া সেয়া অন্য কোনো ব্যক্তিৰ ওপৰত সংঘটিত অপকাৰকে বাঁধা দিয়াৰ বাবে কৰা হয়।” অৱমাননা নীতিৰ ধাৰণাওঁ বাকসীমাবদ্ধতাৰ ন্যায্যতা প্রতিপাদনৰ ক্ষেত্ৰত ব্যৱহৃত হয়, এই ক্ষেত্রত যিবোৰ কথাই সমাজত অৱমাননাৰ সৃষ্টি কৰে সেইবোৰৰ প্রতি নিষেধাজ্ঞা আৰোপ কৰা হয়। এই ক্ষেত্রত বক্তব্যৰ পৰিমাণ, সময়, বক্তাৰ উদ্দেশ্য, কিমান সহজে এৰাই চলিব পাৰি– এইবোৰ বিবেচনালৈ আনা হয়। ডিজিটেল যুগৰ বিৱর্তনৰ লগে লগে যোগাযোগ ব্যৱস্থাৰ নতুন উপায় আবিষ্কৃত হোৱাত বাকস্বাধীনতাৰ প্রয়োগ আৰু ইয়াৰ বিধিনিষেধ ব্যৱস্থাৰ বিতর্ক আৰু অনেক বৃদ্ধি পায়।

     কেৱল ফ্রাঞ্চ, ডেনমার্কসহ ইউৰোপৰ বিভিন্ন দেশত তেওঁলোকৰ কু-কীর্তিৰ দ্বাৰাই কেৱল মুছলমানসকলৰ মনত আঘাত হানিছে সেয়াই নহয় বৰঞ্চ তেওঁলোকে আন্তর্জাতিক মানৱাকাধিকাৰ চনদো লঙ্ঘন কৰিছে। সেয়া এবাৰ নহয় বাৰে-বাৰে এই ব্যঙ্গাত্মক কার্টুনবোৰ ২০০৫ চনত প্রথম প্রকাশ কৰিছিল ডেনমার্কৰ জিলেণ্ড পোষ্ট পত্রিকাখনত। ইয়াৰ পিছত ফৰাছীয়ে চার্লি এবদো এই ব্যঙ্গাত্মক কার্টুনবোৰ চপা কৰা হয়। ২০১৫ চনত মহানবী (চঃ)-ক লৈ ব্যঙ্গাত্মক কার্টুন প্রকাশ কৰাৰ পিছত বিশ্বব্যাপি ব্যাপক প্রতিবাদৰ সূচনা হয়। সমগ্ৰ বিশ্বৰ মুছলমানসকলে তাক লৈ বিক্ষোভ পৰ্যন্ত কৰে।

    বলাৰছ ভিকচাৰে মোহাম্মদ (চঃ)-ৰ ছবি অঁকাক লৈ ২০০৭ চনৰ জুলাই মাহত বিতর্ক আৰম্ভ কৰে। য'ত চুইডেনৰ কার্টুনিষ্ট লাৰছ ভিকছে নবী মোহাম্মদ (চঃ)-ক চিত্রিত কৰে। অনেল চুইডিছ শিল্প গেলাৰীত অঁকা এইবোৰ কার্টুন প্রদর্শন কৰাত অ-স্বীকৃতি প্ৰকাশ কৰে। নিৰাপত্তা আৰু সহিংসতাৰ আশঙ্কাত। এই বিতর্কই অৱশেষত এটি আন্তর্জাতিক ৰূপ লয় যেতিয়া নেৰাইকছ আল্লেহাণ্ডো নামৰ পত্রিকাত এইবোৰ কার্টুন চপা কৰাত ১৮ আগষ্ট তাৰিখে সম্পাদক সহ যিবোৰ ধর্মীয় মুক্তচিন্তা আৰু আত্ম বিধি নিষেধ আৰোপ কৰাৰ ক্ষেত্ৰত। যদিও অন্যবোৰ চুইডিছ পত্র-পত্রিকাত এইবোৰ কার্টুন চপাইছিল, কিন্তু এই কার্টুনটিৰ বিৰুদ্ধে অধিক বিৰোধীতা প্রকাশ কৰে। সেই দেশৰ মুছলমানসকলক বাদ দিয়েও বিভিন্ন বিদেশী দেশৰ চৰকাৰৰ বিৰুদ্ধে প্রতিবাদ জনায়। বিশেষকৈ ইৰান, পাকিস্তান, আফগানিস্তান, ইজিপ্ত আৰু জর্ডানত। এই বিতর্ক প্রায় ডেৰ বছৰ পিছৰ পুনৰ আৰম্ভ হয় ২০০৬ চনত ডেনমার্কত জাইল্ল্যাণ্ডাছে অঁকা মোহাম্মদৰ কার্টুন বিতর্কৰ অন্তত।

      সেই যুগত ফ্রাঞ্চৰ ইতিহাঁস, ব্যাপি ইছলাম তথা মুছলমান সকলৰ বিৰুদ্ধে যুদ্ধ আৰু বর্বৰতাই গা কৰি তুলিছে। তেওঁলোকে বলপূর্বক বাবে ৯৯ শতাংশ মুছলমানৰ দেশ আলজেৰিয়াক ১৩২ বছৰ দখল কৰি ৰাখিছিল। সেই সময়ত জামা কাংছোয়াসহ ডাঙৰ-ডাঙৰ প্রায় সকলোবোৰ মছজিদবোৰক গীর্জালৈ পৰিণত কৰিছিল। মুছলমানসকলৰ উৎপাদিত বাগানবোৰক গছত ফল ধৰা সময়ত তেওঁলোকে জ্বলাই দিছিল। ১৫ লাখৰো অধিক লোকক তেওঁলোকে শ্বহীদ কৰিছিল। মাদ্রাছাবোৰক বন্ধ কৰি দিছিল। কোৰ-আনৰ শিক্ষাও বন্ধ কৰি দিছিল। কেৱল আলজেৰিয়াতেই নহয়, মৰক্কো, তিউনিছিয়া, চুডান, মালি, নাইজেৰিয়া, চোমালিয়া, লেবানন, ইয়ামন যিকোনো মুছলিম ভূমিত ফ্রাঞ্চে য'তেই প্রৱেশ কৰে তাতেই মছজিদ, মাদ্রাছা আৰু ইছলামৰ ওপৰত আঘাত কৰে।

      ফ্রাঞ্চত কেৱল বিগত এটা বছৰতেই ১,০৪৩ টা ইছলামোফোবিক ঘটনা ঘটিছে তেনে নহয়। য'ত ২২টাতকৈ অধিক মছজিদত হামলাৰ ঘটনাৰ কথা উল্লেখ আছে। সম্প্রতি ডেনমার্কৰ এজন অনা মুছলমান সাংসদ মোহাম্মাদ আব্দুল্লাহ (Joram van Klavere) সামাজিক যোগাযোগ মাধ্যম ফেচবুকত এটি পোষ্ট কৰিছিল। য'ত তেখেতে ফ্রাঞ্চত বিশ্বনবী (চঃ)-ক ব্যঙ্গ কৰি কার্টুন প্রকাশৰ প্ৰতি মুছলিম উম্মাহৰ প্রতি শান্তিৰ আহ্বান তুলি ধৰে। ফ্রাঞ্চত বিশ্বনবী (চঃ)-ৰ ব্যঙ্গ চিত্র প্রকাশ কৰাত ডাচ অনা মুছলমান সাংসদ মোহাম্মাদ আব্দুল্লাই তেখেতৰ প্রতিক্রিয়া ব্যক্ত কৰে। তেখেতে আৰু কয়- ‘বিশ্বনবী (চঃ) ইতিহাঁসৰ এনে এজন মহামানৱ আছিল, যিজনে একেলেথাৰিয়ে ৰাষ্ট্র প্রধান, শিক্ষক, সামৰিক প্রশাসক আৰু আল্লাহৰ প্রেৰিত দূত তথা ৰাচুল আছিল। তেখেত হ'ল কোটি-কোটি মুছলমানৰ নয়নমনি। ফ্ৰাঞ্চৰ বিতর্কিত ম্যাগাজিন চার্লি হেবদোৰে বিশ্বনবী (চঃ)-ৰ কার্টুন প্রকাশ কৰি কেৱল বিশ্ব নবীকেই অপমান কৰা নাছিল বৰঞ্চ কোটি-কোটি মু'মিন মুছলমান সকলৰ হৃদয় আৰু অনুভূতিত আঘাত হানিছে আৰু তাৰ লগতে অপমানো কৰিছে।

     সাংসদ আব্দুল্লাহ (Joram van Klavere) আৰু লিখিছে, 'মই জানো, তেখেত যদি জীৱিত থাকিলে হয়; তেন্তে তেখেতে অপৰাধীক ক্ষমা কৰি দিলেহেঁতেন। তেখেতে ক্ষমা কৰাৰ অসাধাৰণ গুণে বিশ্ববাসীক দেখুৱাই দিলেহেঁতেন। কিয়নো আল্লাহ তা'আলা তেখেতক সর্বোচ্চ জ্ঞান দান কৰিছিল। ৰচুল (চঃ)-ৰ ব্যঙ্গ চিত্র অঁকা কার্টুনিষ্টসকলৰ বিৰুদ্ধে কোনো ক্ষতিকৰ কার্যকলাপ নকৰি ধৈর্যধাৰণ কৰা উচিত। লগতে কার্টুনিষ্টসকলৰ এই অপৰাধমূলক কামৰ দায়িত্ব মহান আল্লাহ তা'লাৰ ওপৰত এৰি দিয়াৰ কথাও উল্লেখ কৰে ডেনমার্কৰ অনা মুছলমান সাংসদে। তেখেতে আহ্বান জনায়, বিশ্বনবী (চঃ)-ৰ সু-মহান আদর্শ আৰু শিক্ষা মানুহৰ ওচৰত আৰু বেছি বেছিকৈ তুলি ধৰিব লাগিব। তেওঁলোকৰ হৃদয়ত বিশ্বনবীৰ আদর্শ আৰু দাৱাত ব্যাপকভাৱে পৌঁছাই দিব লাগিব ।মই যদি অ-মুছলিম হ'লোহেঁতেন যদি মহান আল্লাহ তা'লাই মোক ইছলামৰ বাবে কবুল নকৰিলেহেঁতেন। তেওঁলোকক কওক, কোন হয় মোহাম্মদ! তেওঁলোকক দেখুৱাওক, মানৱক কি শিকাইছিল বিশ্বনবী (চঃ)-য়ে। সেই সম্পর্কে জানিবলৈ তেওঁলোকক বেছি বেছি দাৱাত দিয়ক। তেখেত বিশ্বমানৱতাৰ বাবে আর্শীবাদস্বৰূপে প্রেৰিত হৈছিল ইহ ধৰাত।

      তেখেতে আৰু কৈছে, ‘অৱশেষত মনত ৰাখিব, ইছলামৰ জ্যোতি পৃথিৱীৰ প্রতিটি প্ৰান্তত পৌছি যাব ইনশাআল্লাহ। বিশ্বৰ কোনো মহা শক্তিয়ে ইয়াক দমন কৰিব নোৱাৰিব। বিশ্ব নবী (চঃ)-য়ে আমাক সত্যৰ সন্ধান দিছে। যাৰ দ্ধাৰা বিশ্বমানৱতাক আলোকিত কৰিব। 

✍️হাফিজ বায়েজীদ বোস্তামী


Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send