অসমীয়া ভাষাত শব্দৰ জুতি

©Admin
0
১) ক – কমাৰকুছিৰ কণক কুমাৰ কলিতাই কলিকতা কলেজৰ কাষৰ কপাহ কাৰখানাত কাম কৰি কোনোমতে কাল কটাইছিল৷ (এই বাক্যটোৰ প্ৰতিটো শব্দৰ প্ৰথম আখৰটো ‘ক’)
ঠিক সেইদৰে-

২) খ – খগেন খুৰাই খুব খাৰলি খায়৷

৩) গ – গণকপুখুৰিৰ গজেন গগৈৰ গেঞ্জীটো গৰমকালি গেলা গেলা গোন্ধায়৷

৪) ঘ – ঘনকান্তই ঘৈণীয়েকক ঘাজিয়াবাদত ঘোঁৰাগাড়ীতেই ঘূৰালে৷

৫) চ – চন্দ্ৰ, চাবি চাবি চমিৰৰ চাইকেলৰ চকাটোৱে চেপিব৷

৬) ছ – ছোৱালীজনীয়ে ছয়টা ছাগলীৰ ছবি ছপাইছে৷

৭) জ – জেৰেঙাপথাৰৰ জয়মতীয়ে জগত জিনিলে৷

৮) ট – টুটকীয়া টেপুৰামটোৱে টুলখনতে টোপনিয়ালে৷

৯) ঠ – ঠেলামৰা ঠাইখন ঠাণ্ডা৷

১০) ড – ডম্বৰুধৰ ডেকাই ডালিমীক ডাঙৰকৈ ডবিয়ালে৷

১১) ঢ – ঢুলীয়াজনে ঢোলমাৰীৰে ঢিলাকে ঢকিয়ালে৷

১২) ত – তৰুলতা তোমাতকৈ তিনিশ্ৰেণী তলত, তথাপি তাই তোমাতকৈ তীক্ষ্ণ৷

১৩) থ – থানেশ্বৰে থুঁবোৰ থুঁৱাই থাকে৷

১৪) দ- দীপকৰ দেউতাকে দুজন দাৰোৱানক দৈনিক দুশকৈ দৰ্মহা দিয়ে৷

১৫) ধ – ধনশিৰীৰ ধাৰতেই ধোবাটোৱে ধৰ্মেন্দ্ৰৰ ধূতিখন ধুলেগৈ৷

১৬) ন – নন্দিনীৰ ননদজনীৰ নাম নমিতা নহয়নে ?

১৭) প – পানীগাঁৱৰ পৃথু পণ্ডিতৰ পুতেকে পৰহি পদুম পুখুৰীৰ পাৰত পাঁচটা পাতিপইচা পাইছিল৷

১৮) ফ – ফাগুনীহতৰ ফুলনিখনৰ ফুলবোৰ ফুলিছে৷

১৯) ব – (সেই যে অকনিৰ কুঁহিপাঠখনত থকা মনোৰম কবিতাটি…)

বগাকৈ বগলী বহলাই বহিছে

বলুকাত বিয়লি বেলা

বকুল বাগৰিছে ববছা বনতে

বুটলি বিলাওঁগৈ ব’লা৷

অনুসন্ধিৎসু আৰু অনুভৱী মানুহৰ ৰস-ৰুচি, প্ৰজ্ঞা-মেধা, অভিজ্ঞতা-অনুভৱ, কল্পনা-ধাৰণা তথা শ্ৰম সাধনাক লিপিবদ্ধ ৰূপত প্ৰকাশ কৰিবলৈ অসমীয়া ভাষাত যে পৰ্য্যাপ্ত শব্দ-সম্ভাৰ আছে আৰু লগতে অন্যান্য ভাষাৰ পৰা তৎসম তদ্ভৱ ৰূপত প্ৰয়োজন সাপেক্ষে বিবিধ ৰসময় শব্দক আদৰি আনি অসমীয়া ভাষাৰ ঠাচঁত মিলাই লৈ নিজৰ পুষ্টিগত গুণেৰে জীন নিয়াব পৰা শক্তিৰে অসমীয়া ভাষাটো যে মহীয়ান আৰু আলোকময়ী হ’ব পাৰিছে, এই কথা অসমীয়া সাহিত্য সংস্কৃতিৰ বৰ্ণাঢ্য ক্ষেত্ৰসমূহ বিচৰণ কৰিলেই সুন্দৰভাৱে উপলব্ধ হয়৷

সুৱদী-সুৰীয়া গীত-মাত, বাদ্য- নৃত্য, বাৰেৰহণীয়া জীৱন-জীৱিকা, মনোৰম কাব্য-গল্প- আখ্যান-উপাখ্যান, মননশীল গ্ৰন্থ-লিখনী সমূহে ইমান সুন্দৰ, সৰল, মধুৰ, ৰসাল, মাৰ্জিত, অনুভৱী আৰু আস্থাশীল ৰূপত প্ৰকাশমান হোৱাৰ কাৰণটো হৈছে অসমীয়া ভাষাৰ ‘শব্দ’ৰ আবেদনময়ীতা৷ ‘শব্দ’ৰ মোহনীয় ৰূপ আৰু ‘শব্দ-বিন্যাস’ৰ কমনীয় ৰূপ থকা বাবেই তাহানি আমি নেওতা মুখস্থ কৰোতে নেওতাখনো কবিতাৰ ছন্দ যেন লাগিছিল, গণিতৰ পাঠ্যপুথিখনো সাহিত্যৰ ৰসেৰে চপচপীয়া হৈ উঠিছিল৷

বিজ্ঞানৰ কথাবোৰ সুন্দৰ শব্দৰে কলাৰ ৰূপ ধৰিছিল আৰু ভূগোল হৈ পৰিছিল প্ৰকৃতিৰ নান্দনিক ৰূপৰ চিত্ৰমঞ্জৰী৷ বুৰঞ্জীৰ মাজেৰে অতীতলৈ ভূমুকি মাৰি আমাৰ জাতীয় সত্বাক শব্দ-বাক্য ভাষাৰ জহতেই উপলব্ধি কৰিছিলো৷ বাকী কবিতা, সাধু, গল্প, আখ্যান, উপখ্যান, নীতি কথা, উপন্যাসৰ কি মোহ, কি মাদকতাই আমাক শব্দৰ মায়াময় জগতখনৰ সন্ধান দিলে, ক’বই নালাগে৷

শব্দৰ মাহাত্ম্য তাতেই, যি শব্দক লিৰিকি-বিদাৰি শিশুৱে খেলাৰ তৃপ্তি ল’ব পৰা হয়, যি শব্দক দেখি-শুনি-পঢ়ি-লিখি কিশোৰ-কিশোৰীৰ মেধা উন্মোচিত হয়, যি শব্দই যুৱক-যুৱতীক ৰূপ-গুণ শক্তি সামৰ্থ্য দি জগত জিনাৰ সপোন দেখুৱায়, যি শব্দই মন-মগজু-হৃদয় আৰু বিবেকক জগাই তুলি মানুহক আমৃত্যু মানুহ হিচাবে বৰ্ত্তাই ৰাখে৷

ভাষাই মানুহৰ সংস্কৃতি গঢ়ে৷ গতিকে ভাষাই উদ্ৰেক কৰিব পৰা এই সাংস্কৃতিক প্ৰবৃত্তিটো আমি ভাষাত নিহিত থকা জ্ঞান-মেধা, তত্ত্ব-তথ্য, ভাৱ-অনুভৱবোৰৰ পৰা আহৰণ কৰিব লাগিব, আৰু তাৰ বাবে ভাষাৰ ৰস আস্বাদন কৰাৰ আসক্তিটো প্ৰথমেই আনি ল’ব লাগিব৷

পিছে জুতি নোহোৱা আঞ্জা খাবলৈ মন নোযোৱাৰ দৰে ‘শব্দ’বোৰকো যদি যথাযথ ভাবে সজাই পৰাই জোখমতে উপকৰণ তথা ইন্ধন দি ৰন্ধাবঢ়া কৰি সুস্বাদু কৰি নলওঁ, ঠিকমতে পৰিৱেশন নকৰো, তেন্তে শব্দবোৰত নিহিত থকা জুতিখিনিৰ প্ৰসংগও আমাৰ মনলৈ নাহিব৷ এনেকৈয়ে ‘জুতি’ৰ অভাৱত শব্দবোৰ পৰিত্যাজ্য হ’বলৈ ধৰে আৰু ভাষাৰ গৰিমাও এইদৰে ম্লান পৰি আহে৷

সেইবাবে অসমীয়া ভাষাৰ শব্দৰ মাজত কিনো ‘জুতি’ লুকাই আছে, তাকেই খুঁচৰিবলৈ পোনতে লঘু পৰ্য্যায়ৰ কিছু বিনোদনেৰে আৰম্ভ কৰি অসমীয়া শব্দ-বাক্য-ভাষাৰ ৰসময় দিশটোত আলোকপাত কৰি যাম বুলি ভাবিছো৷ কিবা ত্ৰুটি আঁসোৱাহ দেখা পালে বা বে-সুৰা যেন লাগিলে আঙুলিয়াই দি ক্ৰমশঃ উৎকৰ্ষৰ ফালে যাবলৈ প্ৰেৰণা দিয়ে যেন৷

এতিয়া আকৌ বাকী থকা বৰ্ণকেইটাৰে সজোৱা বাক্য কেইটালৈ ঘূৰি আহিছো-

২০) ভ – ভাৰত ভূষণ ভট্টাচাৰ্য্যৰ ভাৰ্য্যা ভাৰতীৰ ভৰি ভাগি ভালেবছৰে ভুঞ্জিলে৷

২১) ম – মন-মগজু, মেধা-মানৱতা, মোহ-মাধুৰ্য্য, মৰম-মমত্ববোধেইতো মৰ্ত্যৰ মানুহৰ মূল মায়াবন্ধন৷

২২) য – যেয়ে য’লৈকে যাৱ, যাগৈ৷

২৩) ৰ – ৰজাই ৰাজ্যৰ ৰূপহী ৰমণীসকলক ৰাজৰাণী ৰূপে ৰাজঅন্তেষপুৰতেই ৰাখিলে৷

২৪) ল – লেতেৰা ল’ৰাটোক লগত ল’বলৈ ললিতাৰ লাজ লাগিল৷

২৫) শ – শনিবাৰে শাওনীয়ে শুদাপেটেই শিশুটোক শেতেলীত শুৱালেগৈ৷

২৬) ষ – ষাঠিবছৰীয়া ষড়াননটো ষোলঅনাই ষড়যন্ত্ৰকাৰী৷

২৭) স – সোমবাৰে সন্ধিয়া সময়ত সনাতনদাই সপৰিয়ালে সংগীত সমাৰোহত সোমাল৷

২৮) হ – হে হৰি ! হেমলতাৰ হেঁপাহৰ হীৰাৰ হাৰডাল হেনো হঠাতে হেৰাল৷

এইদৰে অসমীয়া ভাষাৰ বিভিন্ন বৰ্ণাঢ্য শব্দবোৰ যে কত বিচিত্ৰ আমোদৰ সমল হৈ উঠিব পাৰে, তাৰে গোটাচেৰেক নিদৰ্শন তুলি ধৰা হ’লঃ-

📲সংগ্ৰহ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)