আমাৰ অস্তিত্ব ৰক্ষাত সাহিত্যৰ ভূমিকা ০২~প্ৰবন্ধ- হেমেন হাজৰিকা

©Admin
0


    সাহিত্য শব্দৰ প্ৰকৃত অৰ্থ হৈছে সহ্ত+ষ্ণ তাৰমানে সহিতত্ব স্থাপন কৰা , লগ লগোৱা , মিলন ঘটোৱা | এটি প্ৰাণত ঝংকাৰিত হৈ উঠা মৰ্মস্পৰ্শী বেদনা তথা হৃদয়ানুভূতিক আন একোটি প্ৰাণত ধ্বনিত -প্ৰতিধ্বনিত কৰি তুলিব পৰা সক্ষমতাতেই সৃষ্টি হয় সাহিত্যৰ | গীতাঞ্জলীৰ কবি ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ভাষাত -- এই মিলন কেৱল ভাবৰ লগত ভাষাৰ , ব্যাকৰণৰ লগত ছন্দৰেই নহয় , হৃদয়ৰ লগত হৃদয়ৰ , দূৰৈৰ সৈতে ওচৰৰ , আৰু অতীতৰ লগত বৰ্তমানৰ মিলন | সাহিত্যই সুদূৰ অতীত আৰু বৰ্তমানৰ মাজত সোণালী সাঁকোৰ সৃষ্টিৰ জৰিয়তে ভৱিষ্যতটোক মহিমাণ্ডিত কৰি তুলিব পাৰে | হৃদয়ে হৃদয়ে বিশ্বপ্ৰেমৰ অনিৰ্বচ্চনীয় সুৰৰ লহৰি জগাই তুলিব পাৰে সাহিত্যই |
     মানুহৰ গভীৰ হৃদয়াবেগ , বিৰহ , প্ৰেম , আনন্দৰ সুবৰ্ণখচিত একো একোটি মিলন মন্দিৰ হৈছে সাহিত্য | এই মন্দিৰৰ অস্বচ্ছ বক্ষত প্ৰতিফলিত হয় জাগতিক জীৱনৰ প্ৰতিটো পল , প্ৰতিটো ক্ষণ আৰু প্ৰতিটো সত্য | এইখিনি দেখা পাবৰ বাবে লাগে এটি অনুসন্ধিতসু , জ্ঞানপিপাসু মন , যি সেই মিলন মন্দিৰৰ সুগভীৰ বক্ষত নিজক প্ৰবেশ কৰাব পাৰে | মানৱ জীৱনক বিশ্বৰ সত্যৰ মাজত ৰাখি পূৰ্ণভাৱে প্ৰতিফলিত কৰাটোৱেই হৈছে লক্ষ্য আৰু প্ৰধানতম কৰ্তব্য | ইয়াৰ উপৰিও এটা জাতিৰ অস্তিত্ব বজাই ৰখাত অৰিহণা যোগোৱাটো জাতীয় সাহিত্যৰ এটি উল্লেখযোগ্য কৰ্তব্য | এখন দেশৰ , এটা জাতিৰ আৰু সেই দেশৰ সভ্যতা , সংস্কৃতিৰ ৰক্ষণাবেক্ষনৰ লগতে উন্নতি সাধনতো সাহিত্যই অৰিহনা যোগাব লাগে | সাহিত্যই জাতীয় ঐতিহ্য আৰু জাতীয় লক্ষ্যক সাৰোগত কৰি কালৰ বুকুত যুগমীয়া কীৰ্তি অৰ্জন কৰাৰ প্ৰচেষ্টা চলাব লাগে |
       সাহিত্য হৈছে জাতীয় জীৱনৰ ধাৰাবাহিকতাক সুচাৰুৰূপে প্ৰতিফলিত কৰাৰ এটি মাধ্যম | জাতীয় জীৱনৰ উন্নতি আৰু অগ্ৰগতিক সাহিত্যই মূৰ্তমান কৰি তুলিব লাগে | অন্যহাতেদি সমাজৰ মাজত গা কৰি উঠা বিভিন্ন কুৰীত সমূহ , অন্ধ বিশ্বাস , আৰু কুসংস্কাৰজনিত নীতি-নিয়মসমূহৰ বিৰুদ্ধে সাহিত্যই প্ৰত্যক্ষ বিদ্ৰোহ ঘোষণা কৰিব লাগে | সমাজ সংস্কাৰৰ লগতে সমাজ গঠনৰ প্ৰবিত্ৰ দায়িত্বক অৱগাহন কৰি জনমানসত সচেতনতা জগাই তোলাটোও সাহিত্যৰ এক পবিত্ৰ কৰ্তব্য | 

 আগলৈ

✍️হেমেন হাজৰিকা
মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)