ৰোগীয়া পৃথিৱী- বিনিতা বৰা

©Admin
0
ৰোগত আক্ৰান্ত হৈ পৰিছে পৃথিৱী
চাৰিও পিনে দেখো মাথো প্ৰদূষণ
জলবায়ু ধুঁৱলী-কুঁৱলী ।

নীলিম আকাশত নাই
এজাক বগা বগলী,
উদাস মনেৰে আগলি বাঁহ
লৰিছে হালি জালি ।

জীৱ-জন্তুৰ মৃতদেহবোৰ
ভক্ষণ কৰিবলৈ নাই এজাক শগুণ ।

পাহাৰ-ভৈয়ামৰ তৃণ-মূল কাটি
চলাথ কৰিছে সিহঁতবোৰে !
পখীবোৰ জিৰণি 
ল'বলৈ নাই ওখ বিৰিখ ।

অসহনীয় গোন্ধ বিস্তাৰ হৈ
ৰোগত আক্ৰান্ত হৈ পৰিছে পৃথিৱী,
দিনে দিনে বাঢ়িব ধৰিছে অঘৱন্ত ।

ভৰ সহিব নোৱাৰি
বিষাদৰ বেদনা লৈ 
শোকত নিগৰিছে দুচকুত চকুপানী,
ৰোগত আক্ৰান্ত হৈ পৰিছে এতিয়া পৃথিৱী ।
           
✍️বিনিতা বৰা
হোজাই জিলা,লংকা-কাকী-3

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)