গৌৰৱ~অণুগল্প-প্ৰহেলিকা কৌশিক

©Admin
0
বিদ্যুৎ ল'ৰাটো সৰুৰে পৰা পঢ়াত ভাল।তাৰ ভাল ফলাফলৰ বাবে মাকৰ বৰ স্ফুৰ্টি।ক্লাছ টেনলৈকে তাৰ ৰুল নং সদায় এক।মাকৰ স্ফুৰ্টি এতিয়া গৌৰৱলৈ পৰ্যবেসিত হ'ল।প্ৰতিৱেশী ৰানুও পঢ়াত ভাল।কিন্তু সদায় তাই বিদ্যুতৰ পিছত। ৰানুয়ে মনে মনে জেদ কৰি পঢ়ে। পঢ়াত জেদ থকাটো ভাল।অৱশেষত মেট্ৰিকৰ ফলাফল দিয়াৰ দিন আহিল।বিদ্যুতৰ মাকে মনে মনে আশা কৰি আছিল,নিশ্চয় আজি মিডিয়াৰ মানুহ আহিব সিহঁতৰ ঘৰলৈ।সেয়ে সুন্দৰকৈ সাজি - কাচি তেওঁ ওপৰ মহলাৰ বেলকনিত বহি আছিল।বিদ্যুৎ ফলাফল লবলৈ গৈ উভতি অহা নাই।তেনেতে Dy365 ৰ গাড়ীখন দেখি বিদ্যুতৰ মাক ওপৰ মহলাৰ পৰা লৰালৰিকৈ নামি আহিল।তেওঁ গাড়ীখন ৰানুহতৰ পদূলি মূৰত ৰোৱাত ঘৰ চিনি নাপাই তালৈকে গ'ল বুলি মাতিবলৈ ওলাই যাব খোজোতেই বিদ্যুৎ আহি বাধা দি ক'লে " মা ৰানুৱে অসমৰ ভিতৰত সপ্তম স্থান পাইছে।"মাক থিতাতে মূৰ্চা গ'ল।লগ - সংগ, মোবাইল,ড্ৰাগছ আদিৰ কবলত পৰি ল'ৰা যে বেয়া হৈ গ'ল মাকে গমেই নাপালে।

✍️প্রহেলিকা কৌশিক
ডিমৰুগুৰি, নগাঁও
                             

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)