অনাস্থা-ডাঃপ্ৰণৱ চক্ৰৱৰ্তী

©Admin
0
যাব খুজিছ যদি যাগৈ
আশাৰ প্ৰাচীৰ ভাঙি
যান্ত্ৰিকতাৰ আন্ধাৰ বাটলৈ,
তোৰ বাবে ৰৈ নাথাকে
বিশ্বাস, আস্থা আৰু সংগ্ৰামী মনবোৰ ৷
লুইতখন যিদিনা অচিনাকি হ’ব,
একাকীত্বই উশাহ ল'ব নিদিব তোৰ সপোনবোৰক,
সিদিনা তোৰ প্ৰত্যাগমনৰ
বৃথা কচৰৎ চলিব অহৰহ 
আৰু
বুকুত শিল বান্ধি
আমিবোৰে উপভোগ কৰিম
তোৰ যন্ত্ৰণা...

✍️ডাঃ প্ৰণৱ চক্ৰৱৰ্তী
নলবাৰী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)