ধৰ্ম আৰু ইয়াৰ প্ৰয়োজনীয়তা~প্ৰবন্ধ- হেমেন হাজৰিকা

©Admin
0
  ধৰ্ম ( Religion) বুলি ক’লে আমাৰ প্ৰত্যেকৰে মনত উদয় হোৱা এক আধ্যাত্মিকতাৰ ভাৱক বুজায় | ধৰ্ম এনেকুৱা এক শক্তি যাক মানুহে অন্তৰ্দৃষ্টিৰে উপলব্ধি কৰি জীৱনত ইয়াক উপযুক্তভাৱে প্ৰয়োগেৰে সাৰ্থক জীৱন গঢ় দিয়াৰ বাবে আগবাঢ়ি যাবলৈ আধ্যাত্মিক শক্তি লাভ কৰে | মানুহৰ জীৱন সুখ-দুখেৰে পৰিপূৰ্ণ | জীৱনটোক সহজসাধ্য , সুমধুৰ আৰু প্ৰকৃত সত্যক অনুধাৱন কৰিবলৈ ধৰ্মৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে ৷ কেৱল মানুহে ধৰ্মনো কি , ধৰ্মৰ প্ৰকৃত উদ্দেশ্য কি , ইনো কেনেকৈ মানুহক আন্ধাৰ পথৰ পৰা পোহৰৰ পথলৈ আনিব পাৰে --- তাক নিজেই উপলব্ধি কৰাটো নিতান্তই আৱশ্যকীয় | মানুহ হ'ল বুদ্ধি -বৃত্তি সম্পন্ন প্ৰাণী | তথাপিও বহু সংখ্যক মানুহে অজ্ঞানতাৰ বাবে বান্ধোনত আৱদ্ধ হৈ দুখ কষ্টত জীৱন অতিবাহিত কৰিব লগা হয় | এই অজ্ঞানতা নিৰ্মূল কৰাৰ উপায় হ'ল ধৰ্মক উপলব্ধি কৰা | ধৰ্মই জীৱনৰ সত্য শক্তিশালীভাৱে বৰ্ণনা কৰাৰ লগতে মানুহক প্ৰকৃত সত্যৰ জ্ঞান দিবলৈ প্ৰয়াস কৰে | ধৰ্মক মাথোন অন্তৰ্দৃষ্টিৰেহে উপলব্ধি কৰা যায় আৰু ইয়ে মানুহক উদাৰ আৰু নিষ্ঠাবান কৰি গঢ়ি তুলিব পাৰে | 

আগলৈ 

✍️হেমেন হাজৰিকা
মিৰ্জা 

 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)