বিষন্ন আবেলি~গল্প- বাণীকান্ত লহকৰ

©Admin
0
কথাটো শুনাৰ পিছত মোৰ জেদ পানী হৈ পমিব ধৰিলে । প্ৰথম দুবাৰ খবৰ আহিল; চকু কাণ চেপি ৰৈ থাকিলো ।নিজৰ মনক প্ৰবোধ দিলো, এইয়া মোক নিমন্ত্ৰন কৰাৰ কৌশল মাত্ৰ । কোনো অজুহাতে মোক তলাব নোৱাৰে ।সিহঁতৰ মোৰ প্ৰতি যদি দৰদ নাই,মই মোৰ বুলি হামখুৰি খাই মৰিম কিয় ? গজ্ গজ্ কৰে ধুম মৰদ তিনিটা থাকোঁতে মোৰ দৰে বাৰী দুখুনী বিধৱাজনীৰ খবৰ লবলৈ সিহঁতৰ সত নাযায়! একেবাৰে ভীষ্ম প্ৰতিজ্ঞা মোৰ চোতাল নগচকে । কোন মানুহৰ কাজিয়া-পেচাল নালাগে ? অতি ভালপোৱা জনকহে সোনকালে বেয়া পাব পাৰি । সেই বুলি....
কালি গুণমনি আহিছিল সেই বিশেষ খবৰটো লৈ ।খঙৰ ভমকত তাইক ছাগে বেয়াকৈ ক'লো । বেছেৰীৰ দোষ ক'ত? একে গাঁৱৰে জীয়াৰী হোৱা বাবে আৰু মোৰ প্ৰতি তাইৰ আন্তৰিকতা অলপ বেছি আছে বাবে তাই উধাতু খাই লৰি আহিছিল ।
:বাই এইবোৰ কি কৰি আছা ! জেদ এৰ, শেষবাৰৰ বাবে জন্মদাতা পিতৃৰ মুখখন গৈ চাই নাহা কিয় ? ভায়েৰাহঁতৰ লগত কিবা এটা লাগিছে, বাপেৰাইটো একো দোষ কৰা নাই ।তেওঁক বাহিৰত উলিয়াই ৰাখিছে বোধহয় তোৰ মুখখনি চাবৰ বাবেই ক্ষণ গণি আছে।
: বেটি দূত হৈ আহিছ’ ।সেইখন ঘৰৰ মোক একো খবৰ নালাগে আৰু মোৰো একো খবৰ নিদিবি ।"মৰক যেনেদৰে মৰে ।তাৰপিছত মোৰ ভোৰভোৰণি আৰম্ভ হৈছিল ।ইমান দিনে সুপ্ত অৱস্থাত থকা আগ্নেয়গিৰি উদগীৰণ হ'ল ।ধোঁৱা, ছাই, লাভা কেনেদৰে ওলাই নিৰ্দোষী গুণমনিক পুতি পেলালে মোৰ কোনো ভ্ৰক্ষেপ নাই ।
: যি কৰ্ কৰিবি ।আমাৰ ভাগৰ খবৰ দিলো । পাপ পুইনলৈ ভয় কৰিবি ।ইহ জনমত কি কৰ্মৰে তই পিতৃ ঋণ পৰিশোধ কৰিবি ।মৰণ কালত মুখত এচামুচ পানী দিবৰো তই অযোগ্যা কন্যা সন্তান হলিনে ? তোৰ কলিজাটো ইমানে দাঠনে ?থুই কতা ! ভোৰভোৰাই গুণমনি গুছি গৈছিল ।
গুণমনি মোৰ একে গাঁৱৰে জীয়াৰী হোৱাৰ উপৰিও স্কুলৰ সহপাঠিও আছিল । দুয়ো একেলগে বহি গল্প কৰাৰ উপৰিও কল্পনাবোৰৰ বিষয়েও আলোচনা বিলোচনা কৰিছিলো ।মোৰ বিয়াৰ দুবছৰ পাছত গুণমনিৰ বিয়া হৈছিল, এই একেখনি গাঁৱলৈ । ইয়াতো মোৰ অৰিহণা কম নাছিল ।দৰাঘৰৰ মানুহে প্ৰথমে তাইক মোৰ ঘৰতে চাই পচন্দ কৰিছিল ।তাৰপিছত তাইৰ বিষয়ে ওকালতি কৰিছিলো ।মুনুৰ দেউতাকক খাটনি ধৰিছিলো যাতে এই বিয়াখন ভাঙি নাযায় ।
মুনুৰ দেউতাকে হাঁহি হাঁহি কৈছিল :" তাইক এইখন গাঁৱলৈ অৰ্থাৎ আমাৰ ইয়ালৈ আনি ল’ব পাৰিলে তোমাৰ এজনী দূত হয় ।তাৰোপৰি তোমাৰ সপক্ষে মাত মাতা এটা ভোট বাঢ়ে ।" মই জানো নহয়, মাইকী মানুহ বিলাকৰ মাকহঁতৰ গাঁৱখনৰ সব বস্তুৱে ভাল ।কথাই প্ৰতি আমাৰ গাঁৱত অমুকটো ইমান ভাল । হ'ব দিয়া চেষ্টা কৰি চাম ।ইয়াৰ বাবে তুমি কোনো অনাশন বা আন্দোলন কৰিব নালাগে ।
বিগত দিনৰ স্মৃতিয়ে চকুত চাবোক মাৰি আস !কেনেদৰে উদভ্ৰান্ত কৰি দিব বিছাৰে মন ।যিখন ঘৰত জন্ম গ্ৰহণ কৰি শৈশৱ কটালে । মাত-কথা,আচাৰ-ব্যৱহাৰ সংস্কৃতি শিকিলে,য'তেই পল অনুপল কৰি তিল তিলকৈ গঢ়ি উঠিছিল যৌৱন, সেয়াই মাকৰ ঘৰ ,পিতাকৰ নিৰাপদ আশ্ৰয়স্থলী ।তাৰ পৰাই আৰম্ভ হৈছিল জীৱন পৰিক্ৰমাৰ আন এখন নাটকৰ ।এদিন পিতৃ-মাতৃ দুয়োকে আঠুলৈ হৈ পৰিছিল মুনুৰ দেউতাকৰ আজীৱন লগৰী । সুখ দুখৰ সমভাগী,অৰ্ধাঙ্গিনী ।চিৰাচৰিত সামাজিক ৰীতি নীতিৰে হৈ পৰিছিল পিতৃগৃহ অতিথি আলয় ।
ঘৰখনৰ আটাইতকৈ ডাঙৰ ছোৱালী হোৱা বাবে ,ঘৰত হ'বলগা প্ৰতিটো কথা, কাৰ্য্যৰে ভাগ ল'ব লগা হৈছিল অৱলীলাক্ৰমে ।সৰু ভায়েকজনক আনি লগত ৰাখি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৰালে । অথচ সেইখন ঘৰৰ লগত আজি দুবছৰে অহা যোৱা নাই ।
কাজিয়াৰ সূত্ৰপাত খুচুৰি আকৌ অতীতলৈ উভতি যাব ইচ্ছা নগ'ল । কতা মনত সাঁচি ৰাখিব পৰা ধৰণেটো কাজিয়া লগা নাই । কেইটামান বাৰীৰ কটা বাঁহক লৈয়ে সৰু ভায়েক আৰু জোঁৱায়েকৰ মাজত খণ্ড যুদ্ধ চলে ।সেই যুদ্ধৰ পৰিণতিত বৰ্জিত হয় মধুৰ সম্পৰ্কবোৰ ।
এনেদৰে সৰু কথাটোতে লাগি ধৰি থাকিলে পিতাকৰ মৰণ কালত মুখখন নেদেখাৰ দুখে বুকুৱে পিঠিয়ে সালি ধৰিলে । অনুশোচনাৰ নিচা ভালকৈয়ে হৈছিল ।নিচা খাই মাতাল হোৱাৰ দৰে বুকুত থপৰিয়াই থপৰিয়াই কান্দিবলৈ ল’লে ।ভুতে ধৰা মানুহৰ দৰে মুখেৰে বিৰ্ বিৰাব ধৰিলে ।
ইননি বিননি আৰু কান্দোন শুনি এআঠু বোকাৰে ভূঁইৰ পৰা উভোতাৰ পথত বাবুলাৰ মাক পদূলি মুখত ৰৈ দিলে ।হয় ঘৰৰ ভিতৰৰ পৰাই ভাঁহি আহিছে এই কান্দোন ।ঘৰৰ ভিতৰখন ষ্টুডিঅ’ৰ ডাক ৰুমৰ দৰে আন্ধাৰ । ক'তো অকণো পোহৰৰ উপস্থিতি নাই । উৎকণ্ঠা আৰু আশংকাৰে বাবুলাৰ মাকৰ ভৰিয়ে গতি কৰিলে চোতাললৈ । চোতালত থিয় হৈয়ে দেখিলে তেওঁৰ পিছে পিছে বাবুলাৰ দেউতাকো আহি সেইখিনি পাইছে । তেওঁ এটা গল খেকাৰি মাৰিলে ।
ধং ধং কৈ বাঁহৰ দৰ্জাখন মেল খাই আছে । বাবুলাৰ মাকে খোলা দৰ্জাৰে ঘৰৰ ভিতৰলৈ জুমি চালে ।ঘৰৰ কেঁচা মজিয়াতে পিৰা এখনত বহি মুনুৰ মাকে ৰাউচি জুৰি কান্দি আছে । অনুমানতে বাবুলাৰ মাকে উমান ললে ।দ্বিতীয়জন ব্যক্তি নিশ্চয় ঘৰৰ ভিতৰত নাই ।এইৰ আজি কি হ'ল ! পুতেকৰ স্মৃতিয়ে বুকুত খুন্দামাৰি ধৰিছে নেকি ? বহুবছৰ আগতে বোমা এটা বিস্ফোৰণত পুতেকৰ মৃত্যু হৈছিল ।তাৰ লগতে হেজাৰজন নিৰাপৰাধী সেই যাত্ৰীবাহী ৰেলগাড়ীৰ যাত্ৰী আছিল । কিন্তু সেইবোৰটো তেওঁৰ বাবে মৰহা অতীত ।গাওঁবাসী সেইবোৰ কেতিয়াবাই পাহৰিলে ।গুণা গথা কৰি চোতালতে ভঁৰালৰ থুমটোৰ দৰে ৰৈ থকা দেখি বাবুলাৰ দেউতাকে কৈ উঠিল ।
:কি কৰিছা ।ব’লা ।মই আকৌ কঠিয়া তুলিব যাব লাগিব দেৰি হ'ব ।চাহকাপ খায়ে লৰ মাৰিব লাগিব ।
:ৰ’ব ।এইৰনো এই ফুট গধূলিতে কি হ'ল ?খবৰটো লৈ নোযোৱা জানো ভাল হ'ব ?নহ'লেনো ওচৰ চুবুৰীয়া কিহৰ বাবে লাগিছে ।
:খবৰ লব বিছাৰিছা লোৱা আকৌ ।এনেদৰে চোতালত ৰৈ থাকিলে লাভ কি হ'ব ?
এইবাৰ বাবুলাৰ মাকে ক'ব ধৰিলে:ঐ মুনুৰ মাক,মুনুৰ মাক,কি হৈছে ।এনেদৰে কিয় কন্দা-কটা খন কৰি আছা ।চাওঁ ওলাই আহাচোন ।এন্ধাৰত মানুহ এনেদৰে বহি থাকিব লাগেনে ? কৈ কৈ বাবুলাৰ মাক ঘৰৰ ভিতৰ সোমাই গ'ল । তেওঁ পাহৰি গ'ল ভৰিত লাগি অহা বোকাৰ কথা ।ভিতৰত গৈ কেৰাচিনৰ চাকিটো জ্বলালে ।চাকিৰ পোহৰত দেখিলে মুনুৰ মাকে ফটো এখন বুকুত সাৱটি মজিয়াত তেওঁ অনুমান কৰা ধৰণে বহি আছে ।বাবুলাৰ মাকে মুনুৰ মাকৰ হাতৰ পৰা ফটোখন কাঢ়ি আনি চাই দেখে দেখে সেইয়া পুতেকৰ সৈতে মুনুৰ মাক বাপেকৰ ফটো ।
:কথা কি মুনুৰ মাক ?
আজি গুণমনি খৱৰ দি গ'ল দেউতাক হেনো বাহিৰত উলিয়াই ৰাখিছে । মানে দেউতাৰ....
:ছিঃ নাপায় নহয়।মোৰ বিশ্বাস দেউতাৰাৰ একো অমঙ্গল হোৱা নাই ।ডাঙৰ ছোৱালীজনীক খবৰ দে ,মায়ে জীয়াৰী কালি ৰাতিপুৱাই গৈ দেউতাকক এবাৰ চাই আহা আৰু এচামুচ গাখীৰ মুখত দি আহা ।
কান্দি কান্দিয়ে এইবাৰ মুনুৰ মাকে ক'লে ডাঙৰ ছোৱালীজনীক কোনে খবৰ দি আহে ?তাৰোপৰি এতিয়া এই ভৰ ৰোৱণৰ দিনত তাই জানো মোৰ লগত যাব পাৰিব ?
তই সেইবোৰ চিন্তা নকৰিবি কোনে খবৰ দিয়ে ।মই বাবুলাক পঠিয়াই এতিয়াই তাইক অনাৰ ব্যৱস্থা কৰিম ।যা কাইলৈৰ বাবে যা যোগাৰ কৰ ।
:কিন্তু যোৱাটো ভাল হ'বজানো !
:আকৌ তাকে কৈছ’ নে ?এশবাৰ যাব লাগিব ।
ইমান সময় বাবুলাৰ দেউতাকে বাৰাণ্ডাতে পাৰি থোৱা বেঞ্চখনত বহি আছিল। এইবাৰ তেওঁ খপ্ জপকৈ থিয় হ'ল আৰু এটা গলখেকাৰি মাৰি ডিঙিটো পৰিস্কাৰ কৰি ক'লে যোৱাটো খুবেই প্ৰয়োজন ।আহা ,বাপুৰ মাক আমি যাওঁ । গৈয়ে বাপুক পঠিয়াই দিম । নহ'লে সি আকৌ কঠিয়া তুলিবলৈ গুছি যাব ।
সেই ৰাতিয়ে বাবুলাই গাঁৱলীয়া ৰাস্তাৰে বোকা খচি খচি গৈ গাওঁখনৰ সিমূৰত থকা মুনুৰ ঘৰ পালে । মুনুৰ গিৰিয়েক দীপেশে সেই ৰাতিয়ে মুনুক লগত লৈ মাকৰ ঘৰ পালে ।
দোক মোকালিতে মুনু আৰু মাকৰ যাত্ৰা আৰম্ভ হ'ল ।বোকা পানীৰ মাজেৰে প্ৰায় সাত কিলোমিটাৰ দূৰ বাট যাব লাগিব ।অলপতে হৈ যোৱা বানপানীয়ে বিধস্ত কৰি থৈ গৈছে বাট পথ । গাড়ী মটৰটো সেইটো ৰাস্তাৰে যোৱা কল্পনা কৰিব নোৱাৰি ।স্বাধীনতাৰ পঞ্চাশ বছৰ পিছতো সেই ৰাস্তাটোৱে এচপৰা শিল ইটাৰ মুখ দেখা নাই ।মাজৰ গাঁৱখনৰ ব্যক্তি এজন নিৰ্বাচনত জিকি এম এল এ হৈছিল ।গাঁৱবাসীয়ে আশাৰ সপোন ৰচিছিল ,অন্ততঃ ৰাস্তাটো তেওঁ বনাই দিব ।কিন্তু তেওঁৰ কাৰ্য্যকালৰ পাঁচবছৰ স্বজন প্ৰীতিতে শেষ হ'ল ।আত্মীয় স্বজনক চাকৰিত মকৰালতে অন্ত । কেবাখনো বিয়া পতাই দিলে ।
আঠুৰ ওপৰলৈকে মেখেলা কোচাই চেণ্ডেল হাতত লৈ দুয়ো কুটুং কুটুং কৈ গৈ থাকিল । বিকেএল
বাটত ডাঙৰ চ'কটোৰ দোকানৰ পৰা সহজতে পোৱা আপেল কল আৰু মিঠাই কিনি ললে । সুবিধা বুজি ম'হৰ খুটিৰ পৰা  গাখীৰ দুই লিটাৰো ললে ।
প্ৰায় দুঘন্টাৰ মূৰকত  গৈ গৈ সিহঁত নিদিষ্ট গাওঁখনত উপস্থিত হ'ল । মুনুৰ মাকে এটি স্বস্তিৰ নিশ্বাস কাঢ়িলে । তেতিয়া শৰীৰত এটি কম্পন  আৰম্ভ হ'ল । কব নোৱাৰাকৈয়ে খোজৰ গতি বাঢ়ি গ'ল । আলি কেঁকূৰিটো পাৰ হোৱাৰ লগে লগে তেওঁৰ পৈতৃক  ভেটিটো দৃষ্টি গোচৰ হ'ল । ওচৰা ওচৰিকৈ তিনিটা খেৰৰ ঘৰ ।চালৰ খেৰ উৱলি গৈছে ।বাৰান্দাৰ ওপৰত এজাক কোমোৰাই ঘূৰণীয়া জোনৰ হাঁহি মাৰি আছে ।চালৰ ওপৰত পাৰ বোৰে ৰুন দি আছে ।
ভঙা কুলি আৰু দালাএজোৰত মচুৰৰ দালি লৈ পদূলি মুখত সিহঁতলৈ এখেথিৰে চাই আছে সেয়া মুনুৰ মাকৰ জন্মদাতৃ মাতৃ ।সিহঁত ওচৰ পোৱাত কলা দাঁত কেইটা উলিয়াই হাঁহিলে ।মুনুক সাবোট মাৰি ধৰিলে ।
: আহ আই আহ ।
 মাকৰ লগত মুনু আৰু মুনুৰ মাক পদূলি মুখৰ পৰা ভিতৰলৈ সোমাই গ'ল । চোতালত ভৰি থৈয়ে বাৰান্দাৰ কাথিৰ একাষত জীৱন আৰু মৰণৰ লগত সংগ্ৰাম কৰি পৰি থকা বুঢ়ালৈ চকু গ'ল । হৰি হৰি মানুহজনৰ কি ৰূপ হৈছে ! এনেহেন মুগৰ গাজিৰ দৰে মানুহজন জফি জফি হাড়ে ছালে লগ লাগিছে ।কপালৰ কুম ওলাই গৈছে । একেবাৰে কুন্ধছ কুমূৰ্ত্তি দেখা গৈছে । মুখেৰে মাত বোল কৰিব নোৱাৰে । সিহঁতক দেখি দুচকুৰে বৈ আহিল এসোঁতা ৰূপালী ধল ।ওচৰতে পাই মুনুৰ মাকৰ হাত খনত খামোচ মাৰি ধৰিলে আৰু আকাৰে ইংগিতে ওচৰত বহিবলৈ দেখুৱালে ।মুনু আৰু মাক বুঢ়াৰ ওচৰতে মাটিত আঠুকাঢ়ি বহিল ।
মুনুৰ মাকৰ এনেকুৱা লাগিছিল যেন দেউতাক এইমূহুৰ্ততে স্বস্তিৰ নিশ্বাস ত্যাগী সি পুৰীলৈ গতি কৰিব ।মাত্ৰ তেওঁৰ বাবেই অন্তিম ক্ষণ গণি আছিল । কথাটো ভবাৰ লগে লগে চকুলৈ নামি আহিল চকুলো ।মাকক দেখি মুনুৰো উঠলি উঠিল বুকু ।তাইতো হুক হুকাই কান্দি পেলালে ।এইবাৰ মাকে তাইৰ পিনে চালে আৰু ইংগিতেৰে ফলমূল আৰু মিঠাইৰ বেগ খনৰ পিনে আঙুলিয়াই দেখুৱালে ।মুনুৱে বেগখধ মাকৰ হাতত দিলে ।মাকে বেগৰ ভিতৰৰ পৰা মিঠাই এটা উলিয়াই ভাঙি ভাঙি দেউতাকক খুৱাব চেষ্টা কৰিলে । এইখিনি সময়ৰ ভিতৰতে মুনুৱে কটাৰী এখন আনি ফলবোৰ সৰু সৰু টুকুৰা কৰি ককাদেউতাকক খুৱালে । মুনুৰ মাকে পাকঘৰলৈ গৈ গাখীৰ গৰম কৰিলে ।স্টিলৰ বাটি এটাত গাখীৰ লৈ চামুচেৰে গাখীৰো খুৱালে ।
তেতিয়ালৈকে ঘৰখনৰ কোনো এটি প্ৰাণীৰে খৱৰ নাই ।কিবা স্বৰূপে  যদি বুঢ়াই চকু মুদে  তেতিয়া খেতিৰ অধ্যায় পৰিব । গতিকে গোটেই দিনটো লঘোনে ভোকে থাকি হ'লেও সোণকালে খেতি উঠাব লাগে ।বুঢ়াৰ প্ৰতি কাৰো নজৰ দিবৰ সময় নাই ।অযত্ন আৰুঅবহেলাৰ বাবে বুঢ়া হৈ পৰিছে এই যাও যাও । গোটেই গাতে কেইবা তৰপো মল ।পিন্ধি থকা কাপোৰ টুকুৰ যেনিবা মটৰ গেৰেজৰ গাড়ী মুচা কাপোৰ । মুনুৰ মাকৰ সহ্য নহ'ল মুনুক জ্বলি থকা জুইকুৰাৰ ওপৰত ডাঙৰ কেৰাহিটো তুলি দি একেৰাহি পানী গৰম কৰিব পঠিয়ালে ।
গৰম পানীৰে ভালদৰে তেল চাবোন মাৰি দেউতাকক গা ধুৱাই দিলে ।কাপোৰ কানি সলাই দিলে ।গৰম তেলেৰে গোটৈই শৰীৰত মালিচ কৰি দিলে ।
মুনুৱে ককাকৰ বাবে পায়স বনালে ।এখন থালত পায়স লৈ মুনুৱে খুৱাব আহিলে ।সিহঁতক আচৰিত কৰি এইবাৰ বগুৱা বাই ককাক উঠি বহিল আৰু লাহে লাহে নিজ হাতেৰে পায়স খাব ললে ।

✍️বাণীকান্ত লহকৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)