মানুহে কয়, আড্ডাবোৰ হেনো বৰ বেয়া
আড্ডাবোৰে ল'ৰা নষ্ট কৰে ,
আড্ডাৰ অৰ্থ যেন কোনো অপৰাধ।
কেতিয়াবা আপুনি বহি পাইছে
সমনীয়াৰ আড্ডাৰ স্হলীত?
এবাৰ বহিবছোন মহাশয়।
মদ জুৱাৰ লগতে তাত আন বহুতো কথা ওলায়।
জীৱন ৰথৰ চকৰী ঘুৰোৱা প্ৰতিশ্ৰুতিৰ।
কেতিয়াবা বহি পাইছে সেই আড্ডাস্হলীত
সিহঁতে কি কথা আলোচনা কৰিছে বুলি?
এবাৰ বহি চাবচোন মহাশয়
এবাৰ শুনি চাবচোন তেওঁলোকৰ আড্ডাৰ বিষয়।
কিজানি কোনো নতুনত্ব আহেই!
এবাৰ আড্ডাত বহি চাবচোন আপুনি
চাব, আপুনি বহু কথাই শিকিব।
লগৰটোৱে দুটা গানৰ কলি আওঁৰাব
"আম কাঠেৰ লেনা দেনা
কঠাল কাঠেৰ বিচনা"।
তাৰ মাজতে দুটামানে কঁকাল ভাঙি নাচিয়েই দিব।
দুটামানে আতঁৰ হৈ গৈ গছৰ আৰঁত ধোৱাঁ উৰুৱাব।
বুজিছেই নহয় কি ক'ব বিচাৰিছো।
ঠিকেই বুজিছে আপুনি
আপুনি আওকাণ কৰিব এইবোৰ?
নোৱাৰে আওকাণ কৰিব আপুনি।
তাতটো কেবল মদ জুৱাৰ কথাই ওলোৱা নাই
ওলাইছে জীৱন পৰিক্ৰমাৰ ৰসাল স্বপ্নৰ কাহিনী।
আজি সকলো সংগী সেই আড্ডাৰ,
এবাৰ বহি চাবচোন মহাশয় সেই আড্ডাত।
কোনে কয় আড্ডাবোৰ বেয়া বুলি ?
জীৱন নাটৰ ভাৱৰীৱা আমি।
ভাওঁ কেতিয়া শেষ?
আজি যুদ্ধত অকলশৰীৱা মই
তাহানিত আড্ডাত শিকিছিলো যে
আঙুলি বেকা কৰিও ঘিউ উলিয়াব পাৰি।
আজি সিয়েই সংগী মোৰ
আজিও আড্ডাবোৰে বৰকৈ মাতে
জীৱণৰ তিক্ত সোৱাদ ল'বলৈ,
আড্ডাৰ আমেজবোৰ সানি ল'বলৈ।
মই সাজু আড্ডাৰ আমেজ ল'বলৈ
আৰু আপুনি?
✍️বিশ্বজিৎ দাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ