বৰণ~অণুগল্প- অৰুণিমা ভট্টাচাৰ্য্য

©Admin
0
   গৰম কেৰাহীটোত পাকৈত শিল্পীৰ দৰে জিলাপীৰ পাক দি থকা আদবয়সীয়া মানুহজনে আমাৰ ফালে নোচোৱাকৈ ক'লে, "বহকচোন।" একেই সৌহাদ্যতাৰে অস্থায়ী দোকানখনত থকা মহিলাগৰাকীয়ে চকীকেইখন আমাৰ ফালে আগবঢ়াই দিলে। মই ল'ৰাটোৱে খাব খোজা বস্তুখিনি আনিবলৈ কৈ মানুহ হালৰ ফালে চালো। কি সুন্দৰ সামঞ্জস্যতাৰে দুয়োজনে কাম কৰি আছে।
   উভতাৰ পৰত আমি দিয়া টকাৰ ভঙনীয়া নথকাত মানুহগৰাকী মটৰ চাইকেলত বহি থকা ডেকা এজনৰ ফালে আগবাঢ়ি গৈ ক'লে,
 "বাবা, তোৰ তাত ভঙনীয়া আছে যদি দে চোন।"
টকাখিনি দি ডেকা ল'ৰাজনে অনুচ্চ স্বৰত ক'লে "তই মোক য’তে ত'তে এনেকৈ নামাতিবি!মই লাজ পাওঁ।"
কথাষাৰে মানুহজনীৰ মুখৰ বৰণটো তৎক্ষণাৎ সলনি কৰি পেলালে।
                              
✍️অৰুণিমা ভট্টাচাৰ্য্য।
বৰপেটাৰোড্, বৰপেটা।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)