প্ৰকৃতিও হৈ পৰে আত্মহাৰা, হয়তো
নেদেখা জনৰে অন্য এক ৰূপ লৈ আহে শাৰদী ৰাণী।
প্ৰকৃতি আনন্দত বিভোৰ চৌদিশে শান্তি বিৰাজ
শাৰদী ৰাণীৰ স্পৰ্শত ,
ক'ৰবাত নাচোনৰ তাল, ক'ৰবাত হৰি নাম
ক'ৰবাত আকৌ সুগন্ধি পুষ্প।
গ্ৰীষ্মৰ প্ৰখৰ ৰ'দ, বৰ্ষাৰ ঘনঘোৰ কলীয়া ডাৱৰৰ ওৰণি গুচাই প্ৰকৃতিৰ বুকুত আশাৰ বন্যা লৈ আহে শাৰদী ৰাণী,
খেতিয়কৰ লুণীয়া ঘামৰ বিনিময়ত সিক্ত হোৱা পৃথিৱী ভৰ যৌৱনা কৰিবলৈ।
ভাদত খেতিয়কে নাঙল ধোৱে
আহিনত সঁজাল ধৰা ৰোৱাই,
পথাৰ ভৰ যৌৱনা কৰে
কাতিত গৰ্ভভেদি ওলাই আহে দীর্ঘ দিনৰ আশাৰ ফচল।
শাৰদী ৰাণী অহাৰ বতৰা পাই আহে শেৱালি
দুয়োৰে মাজত যুগ-যুগান্তৰ ধৰি আছে এক
নিবিড় সম্পর্ক,
নৈৰ পাৰত কঁহুৱাই নাচিচে তাকে দেখি
খেতিয়কৰ মনত হাঁহি বিৰিঙিছে।
শৰতৰ ৰাতিপুৱা হয় মধুৰ দুবৰিৰ দলিচাত
নিয়ৰে গাঁঠে মুকুতা,
শুভ্র, পাতল ছাদৰৰ ওৰণি গুচাই
ঊষাই ভুমুকি মাৰে পূব দিগন্তত।
শুকুলা ডাৱৰৰ মাজেদি শৰালি জাকে উৰা মাৰে
দূৰ দিগন্ত লৈ৷
সন্ধিয়া নীড়মুখী পক্ষীজাকে ঘূৰি অহা,
পশ্চিম দিগন্তত ডুবু-ডুবু হোৱা ৰাঙলী সূৰুজৰ হেঙুলী আভাই শৰতৰ আকাশত সোণত সুৱগা চৰায়।
শৰতৰ চন্দ্রাৱলী ৰাতি স্নিগ্ধ জোনাকৰ কোলাত
আইতাৰ স'তে কণমানিহঁতে শুনে সাধু কথা,
যিদৰেই শ্ৰী কৃষ্ণই গোপীসকলৰ লগত কৰিছিল ৰাসক্ৰীড়া।
শৰতৰ ৰূপত বিভোৰ হৈ নামি আহে দূৰ্গতি নাশিনী
কিন্তু! কিন্তু! আজি আৰু নাই, সেই ৰূপহী অসমী আইৰ ভূৱন ভূলোৱা হাঁহি।
অগ্নিগর্ভা অসমত আহিনৰ স্নিগ্ধ শান্ত পৰিৱেশে
শান্তি বিলাব পৰা নাই,
সকলো যেন থমকি ৰৈছে
প্ৰয়োজন হৈছে নতুন দেৱী দূৰ্গাৰ।
শাৰদী ৰাণীৰ স্নিগ্ধ জোনাকত আবিৰ্ভাৱ হওঁক দেৱী দূৰ্গাৰ
মহিষাসুৰৰূপী অসুৰক নাশ কৰি শান্তি দিয়ক জননীক।
প্ৰতি বছৰে, প্ৰতি যুগে-যুগে শাৰদী ৰাণী আহিব
কঁহুৱাই হালি -জালি নাচিব
সকলোৰে মুখত বিৰিঙি উঠিব
এমুখ সূৰুজমুখী হাঁহি।
✍️জয়শ্ৰী দাস
নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ