ছকুৰি দিন পাৰ কৰিলোঁ
পুৰণা বস্ত্ৰ পৰিধান কৰি
হাতত নাই এটাও ফুটাকড়ি
হাফলুৰ দাঁতিত গলো
ফুলি থকা কাঠফুলা বিচাৰি
বাটৰ জেং লাগি
বস্ত্ৰও ফালিল নাই মোৰ আৰু অন্য বস্ত্ৰ,
দুখে আৱৰি ধৰে
কণ্টকেও ভৰিত বিন্ধে
উভতি আহিলো ৰুখ্ তাপ ৰেজি মনে।
বস্ত্ৰ বিলয় দেখি
কদম ফুলা সেমেকা ৰজনী প্ৰভাতত
কুঁৱলিয়ে বাট ভেটি ধৰাৰ পৰত,
মোৰ চোতালৰ আৱৰণ ফালি
সেমেকা দূবৰি গচকি
উদং বাকৰিত দিলো গৈ ভৰি ।
হাতত নাঙল লৈ মাটি চাহ কৰি
সিচিলো নাঙলৰ সীৰলুত
কপাহৰ গুটি ।
কঁপালৰ ঘাম মাটিত পেলাই
কৰিলোঁ কপাহৰ খেতি ।
কপাহৰ তলিতে বহি
ভাগৰত জুৰুলা হৈ
ভোক পিয়াহত মোৰ প্ৰাণ যায় উৰি ।
ভাগৰত ঘুমতি মাৰি
দু-চকু মেলি,
থৌকি-বাথৌ হয় মোৰ মনৰ ছবি
গাভৰু হ'ল কপাহী ডৰা
হঠাৎ ক'ৰ পৰা আহিল জানো
এজাক জুৰ মলয়া !
কঁহুৱা তুলাৰ দৰে
কাঢ়ি নিলে মোৰ
আলসুৱা মনৰ বাসনা ।
উৰুৱাই নিলে মোৰ আদৰৰ
ফটফটীয়া কপাহি ডৰা ।
✍️বিনিতা বৰা
হোজাই ,লংকা-কাকী-3
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ